স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
অধিক অৱনমনৰে ১.৯২ লাখলৈ নামিল ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা
আজি পুৱা ৭বজা পৰ্যন্ত ৮ লাখ স্বাস্থ্য সেৱা কৰ্মীৰ টীকাকৰণ সম্পন্ন
১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অ্ঞ্চলত ‘প্ৰতি নিযুত জন সংখ্যা’ৰ বিপৰীতে সক্ৰিয় ৰোগীৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম
পোষ্ট কৰা হৈছে:
21 JAN 2021 10:48AM by PIB Guwahati
ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা পুনৰ অৱনমিত হৈ আজি ১,৯২,৩০৮গৰাকী হৈছেগৈ। মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ আনুপাতিক হাৰ আৰু অধিক কমি গৈ এতিয়া ১.৮১% হৈছে।
ইফালে, নিতৌ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা কম হোৱা কথাই সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস কৰিছে। যোৱা ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা ৪,৮৯৩ৰে হ্ৰাস পাইছে।

তলত ৰাষ্ট্ৰ জুৰি সক্ৰিয় ৰোগীৰ সংখ্যা অৱনমনৰ ধাৰা প্ৰদৰ্শন কৰা হৈছে। ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অ্ঞ্চলত প্ৰতি নিযুত জন সংখ্যাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম বুলি নিশ্চিত কৰা হৈছে। আজিৰ তাৰিখত ভাৰতত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ গড় সংখ্যা হ’ল ৭,৬৮৯ গৰাকী।

সক্ৰিয় ৰোগীৰ ৭৩%ই কেৰালা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু পশ্চিম বংগকে ধৰি ৫খন ৰাজ্যৰে বুলি তথ্য লাভ কৰা হৈছে।

আজি, অৰ্থাত্ ২১ জানুৱাৰী ২০২১ৰ পুৱা ৭বজা পৰ্যন্ত ৮ লাখৰো অধিক(৮,০৬,৪৮৪) স্বাস্থ্য সেৱা কৰ্মীৰ টীকাকৰণ সম্পন্ন কৰা হৈছে। এই পৰ্যন্ত টীকাকৰণৰ মুঠ ১৪,১১৮টা অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ইফালে, যোৱা ২৪ ঘণ্টাত অনুষ্ঠিত ২,৩৯৮টা অধিৱেশনত ১,৩১,৬৪৯গৰাকী হিতাধিকাৰীক এই প্ৰতিষেধক প্ৰদান কৰা হয়।
|
ক্ৰমিক নং
|
ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল
|
প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা
|
|
1
|
আন্দামান আৰু নিকোবৰ
|
644
|
|
2
|
অন্ধ্ৰ প্ৰদেশ
|
91,778
|
|
3
|
অৰুণাচল প্ৰদেশ
|
3,023
|
|
4
|
অসম
|
7,585
|
|
5
|
বিহাৰ
|
47,433
|
|
6
|
চণ্ডীগড়
|
469
|
|
7
|
চত্তিশগড়
|
16,255
|
|
8
|
দাদ্ৰা আৰু নগৰ হাভেলী
|
125
|
|
9
|
দমন আৰু দিউ
|
94
|
|
10
|
দিল্লী
|
12,902
|
|
11
|
গোৱা
|
426
|
|
12
|
গুজৰাট
|
21,832
|
|
13
|
হাৰিয়াণা
|
30,402
|
|
14
|
হিমাচল প্ৰদেশ
|
5,094
|
|
15
|
জম্মু আৰু কাশ্মীৰ
|
4,414
|
|
16
|
ঝাৰখণ্ড
|
11,641
|
|
17
|
কৰ্ণাটক
|
1,21,466
|
|
18
|
কেৰালা
|
24,269
|
|
19
|
লাডাখ
|
240
|
|
20
|
লাক্ষাদ্বীপ
|
369
|
|
21
|
মধ্য প্ৰদেশ
|
27,770
|
|
22
|
মহাৰাষ্ট্ৰ
|
52,055
|
|
23
|
মণিপুৰ
|
1454
|
|
24
|
মেঘালয়
|
1365
|
|
25
|
মিজোৰাম
|
1508
|
|
26
|
নাগালেণ্ড
|
2,988
|
|
27
|
ওড়িশা
|
68,743
|
|
28
|
পুডুচেৰী
|
759
|
|
29
|
পাঞ্জাৱ
|
7,607
|
|
30
|
ৰাজস্থান
|
32,379
|
|
31
|
ছিক্কিম
|
573
|
|
32
|
তামিল নাডু
|
33,670
|
|
33
|
তেলেংগাণা
|
69,405
|
|
34
|
ত্ৰিপুৰা
|
3,734
|
|
35
|
উত্তৰ প্ৰদেশ
|
22,644
|
|
36
|
উত্তৰাখণ্ড
|
6,119
|
|
37
|
পশ্চিম বংগ
|
46,310
|
|
38
|
অন্যন্য
|
26,940
|
|
মুঠ
|
8,06,484
|
ভাৰতত আৰোগ্য লাভ কৰা লোকৰ শতকৰা হাৰ আজি ৯৬.৭৫% হৈছেগৈ। ইয়াকে লৈ দেশত আৰোগ্য লাভ কৰা মুঠ ব্যক্তিৰ সংখ্যা হৈছে ১,০২,৬৫,৭০৬গৰাকী।
ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৮৭.০৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, সৰ্বাধিক ৭,৩৬৪গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই। এই তালিকাত ৪,৫৮৯গৰাকী লোকেৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ।

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৮৩.৮৪%ই ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৬,৮১৫গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৩,০১৫ আৰু ৫৯৪গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু চত্তিশগড়।

ইফালে, শেহতীয়া ২৪ঘণ্টাত মৃত্যু সাৱটা ৮৩.৪৪% মৃতকেই ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৯গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালা আৰু চত্তিশগড়ত মৃত্যু হৈছে ক্ৰমে ১৮ আৰু ১০গৰাকী লোকৰ।

১৯খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অ্ঞ্চলত প্ৰতি নিযুত জন সংখ্যাৰ বিপৰীতে মৃত্যৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম বুলি নিশ্চিত কৰা হৈছে। এই ক্ষেত্ৰত দেশৰ ৰাষ্ট্ৰীয় হাৰ প্ৰতি নিযুতত ১১১গৰাকী আৰু শতাংস হাৰ ১.৪৪শতাংশ।

১৭খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অ্ঞ্চলত প্ৰতি নিযুত জন সংখ্যাৰ বিপৰীতে মৃত্যৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক বুলি নিশ্চিত কৰা হৈছে।

****
MV/SJ/KB
(ৰিলিজ আই ডি : 1690864)
অতিথি কক্ষ : 233