যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

‘আইচিটি’ ক্ষেত্ৰত সহযোগিতা বৰ্দ্ধনৰ লক্ষ্যৰে ভাৰত আৰু জাপানে সম্পাদন কৰিলে বুজাবুজিৰ চুক্তি

‘ভাৰ্চুৱেল’ মাধ্যমেৰে চুক্তিত স্বাক্ষৰ কৰিলে ‘যোগাযোগ আৰু তথ্য-প্ৰযুক্তি বিভাগ’ৰ মন্ত্ৰী ৰৱিশংকৰ প্ৰসাদ আৰু জাপানৰ ‘আভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ’ মন্ত্ৰী টকেডা ৰিয়’টাই

৫-জি, দূৰ-সংযোগ, সমুদ্ৰ গৰ্ভৰে অপ্টিকেল ফাইবাৰ কেবলৰ সংযোগ, স্মাৰ্ট চিটী আদিৰ ক্ষেত্ৰত সহযোগিতাৰ অংগীকাৰ

Posted On: 15 JAN 2021 5:01PM by PIB Guwahati

‘যোগাযোগ আৰু তথ্য-প্ৰযুক্তি’(আইচিটি) ক্ষেত্ৰত সহযোগিতা বৰ্দ্ধনৰ লক্ষ্যৰে ভাৰত আৰু জাপানে আজি সম্পাদন কৰিলে এক বুজাবুজিৰ চুক্তি।

‘ভাৰ্চুৱেল’ মাধ্যমেৰে চুক্তিখনত স্বাক্ষৰ দান কৰে ‘যোগাযোগ, বৈদ্যুতীন আৰু তথ্য-প্ৰযুক্তি বিভাগ’ৰ মন্ত্ৰী ৰৱিশংকৰ প্ৰসাদ আৰু জাপানৰ ‘আভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰী’ টকেডা ৰিয়’টাই। চুক্তিখন ‘ভিডিঅ’ কনফাৰেন্স’ ব্যৱস্থাৰে দুযোপক্ষৰ মাজত বিনিময় কৰা হয়।

চুক্তিখনৰ আধাৰত ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ দূৰ-সংযোগ বিভাগ আৰু জাপানৰ যোগাযোগ মন্ত্ৰালয়ে ৫-জি, দূৰ-সংযোগ, সমুদ্ৰ গৰ্ভৰে অপ্টিকেল ফাইবাৰ কেবলৰ সংযোগ, স্মাৰ্ট চিটী, এতিয়াও সংযোজিত নোহোৱা অঞ্চলসমূহক সংযোজিত কৰিব পৰাকৈ ‘ব্ৰডবেণ্ড সেৱা’ৰ বাবে অধিক উচ্চতাত স্থাপন কৰা মঞ্চ নিৰ্মাণ, দুৰ্যোগ প্ৰবন্ধন আৰু ৰাজহুৱা সুৰক্ষা আদিৰ ক্ষেত্ৰত পৰস্পৰৰ মাজত সহযোগিতা বৰ্দ্ধনৰ অংগীকাৰ কৰা হয়। মন্ত্ৰালয় পৰ্যায়ৰ সহযোগিতাৰ উপৰিও ভাৰত চৰকাৰৰ ‘চি-ডিঅটি’ আৰু ‘আইটিআই লিমিটেড’কে ধৰি ইয়াৰ সৈতে জড়িত জাপনী ঔদ্যোগিক অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ মাজৰ সহোযোগিতাকো চুক্তিখনে সামৰি ল’ব।

চুক্তি সম্পাদন অনুষ্ঠানত ‘যোগাযোগ, বৈদ্যুতীন আৰু তথ্য-প্ৰযুক্তি বিভাগ’ৰ মন্ত্ৰী ৰৱিশংকৰ প্ৰসাদে ভাৰত আৰু জাপানৰ মাজৰ মৈত্ৰী-সম্পৰ্কৰ দীৰ্ঘদিনীয়া ইতিহাস স্মৰণ কৰাৰ লগতে শেহতীয়া ভাবে সম্পাদিত চুক্তিখনে এই সম্পৰ্কক আৰু অধিক মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰসংগক্ৰমে তেওঁ দেশৰ মূল ভূ-খণ্ডৰ সৈতে আন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জক সমুদ্ৰ গৰ্ভৰে পাৰ কৰি নিয়া ‘অপ্টিকেল ফাইবাৰ কেবল’ৰে সংযোজিত কৰাৰ ক্ষেত্ৰত জাপানে আগবঢ়োৱা সহযোগিতাৰ কথা উল্লেখ কৰে।  

জাপানৰ ‘আভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰী’ টকেডা ৰিয়’টাই ভাৰত আৰু জাপনৰ মাজত সম্পাদিত চুক্তিখনক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই চুক্তিয়ে দুয়োখন দেশৰ মাজৰ মৈত্ৰীৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি অভিমত ব্যক্ত কৰে।

M/RNM/KB



(Release ID: 1689017) Visitor Counter : 211