স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৩১ জানুৱাৰী ২০২১ তাৰিখে পুনৰ অনুসূচীত কৰা হৈছে পলিঅ’ ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৩০ জানুৱাৰী ২০২১ তাৰিখে মুকলি কৰিব এনআইডি

Posted On: 14 JAN 2021 12:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে ১৬ জানুৱাৰী ২০২১ তাৰিখৰ পৰা সমগ্ৰ দেশতে ক’ভিড-১৯ৰ টীকাকৰণৰ অভিযান মুকলি কৰিব৷ এয়া বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টীকাকৰণ অভিযান হিচাপে বিবেচিত হৈছে৷ গতিকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সৈতে হোৱা আলোচনামৰ্মে পলিঅ’ টীকাকৰণ দিৱস ৩১ জানুৱাৰী ২০২১ তাৰিখে পুনৰ অনুসূচীত কৰিছে৷ ৩১ জানুৱাৰী ২০২১ তাৰিখটোক ‘পলিঅ’ দেওবাৰ’ বুলি নামাকৰণ কৰা হৈছে৷

মাননীয় ৰাষ্ট্ৰপতিয়ে ৩০ জানুৱাৰী ২০২১ তাৰিখে পলিঅ’ ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস মুকলি কৰিব৷ এই উপলক্ষে সেইদিনা ৰাষ্ট্ৰপতি ভৱনত পুৱা ১১.৪৫ বজাত কেইটিমান শিশুক ৰাষ্ট্ৰপতিয়ে পলিঅ’ ড্ৰপ প্ৰদান কৰিব৷

ক’ভিডৰ টীকাকৰণ কাৰ্যসূচীৰ ফলত অন্যান্য প্ৰয়োজনীয় টীকাকৰণ কাৰ্যসূচী যাতে বাধিত নহয় তাৰবাবে স্বাস্থ্য মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে৷

****

MV/SJ/MANN
HFW/NID rescheduled/14
th January2021/2



(Release ID: 1688734) Visitor Counter : 217