নিতি আয়োগ

জাতীয় যুৱ দিৱস উপলক্ষে, অটল ইন'ভেচন মিছনে আৰম্ভ কৰিছে অটল টিংকাৰিং লেব হাতপুথিৰ নতুন সংস্কৰণ

Posted On: 12 JAN 2021 7:16PM by PIB Guwahati

অটল ইন'ভেচন মিছন, নীতি আয়োগে আজি ইয়াৰ অটল টিংকাৰিং লেব হাতপুথিৰ নতুন সংস্কৰণ মুকলি কৰে যি অটল টিংকাৰিং লেবসমূহৰ সবিশেষ প্ৰতিষ্ঠা আৰু কাম-কাজৰ  লগতে এক নৱাচাৰযুক্ত 'আত্মনিৰ্ভৰ ভাৰত'ৰ দিশত ইয়াৰ যাত্ৰাৰ প্ৰক্ৰিয়া পুনৰ কাৰ্যকৰী কৰে।

এই প্ৰকাশ স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি কৰা হৈছে, এখন শক্তিশালী দেশ গঢ়ি তুলিবলৈ যুৱক-যুৱতীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে জীৱনজুৰি মাত মতা স্বামী বিবেকানন্দৰ জন্ম দিনটোক সন্মান জনাই ৰাষ্ট্ৰীয় যুৱ দিৱসো পালন কৰা হয়।

'দ্য অটল টিংকাৰিং লেব হেণ্ডবুক ২.০' নামৰ হাতপুথিখনত এআইএমৰ প্ৰধান এটিএল কাৰ্যক্ৰমৰ গাঁথনিগত, বাছনি, প্ৰতিষ্ঠা আৰু উদযাপনৰ দিশবিলাকৰ ওপৰত এক ব্যৱহাৰিক নিৰ্দেশনা দিয়া হৈছে।

এআইএমৰ আনুষ্ঠানিক ৱেবছাইটতো অনলাইন উপলব্ধ এই হাতপুথিত সমগ্ৰ দেশৰ বিদ্যালয়সমূহৰ বাবে এটিএলসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ নৱোন্মেষণৰ বাস্তৱসন্মত ব্যৱস্থাপনা আগবঢ়োৱা হৈছে।

এটা বিশেষ ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই উপলক্ষে অভিনন্দন জনাই নিটি আয়োগৰ উপাধ্যক্ষ ড৹ ৰাজীৱ কুমাৰে কয়, 'বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে অটল টিঙ্কাৰিং লেব হেণ্ডবুকৰ দ্বিতীয় সংস্ককৰণটো প্রকাশ কৰা হৈছে। ইয়াত তৃণমূল স্তৰৰ অভিজ্ঞতা আৰু নানান পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে স্থান পাইছে।

 অটল ইন'ভেচন মিছনৰ মিছন ডিৰেক্টৰ তথা নীতি আয়োগৰ অতিৰিক্ত সচিব শ্রী আৰ ৰামানান ভার্চুৱেল মাধ্যমত এই হেণ্ডবুকখন প্রকাশ কৰে। অটল ইন'ভেচন মিছনৰ কর্মসূচীৰ বিষয়ে বিস্তাৰিত ব্যাখ্যা দিয়ে তেওঁ। এই হেণ্ডবুকখন ডাউনলোড কৰিব পাৰিব https://aim.gov.in/pdf/ATL_Handbook_2021.pdf এই ৱেবছাইটৰ পৰা।

এটিএলৰ বিষয়েঃ

এটা অটল টিংকাৰিং লেবত এটা মেকাৰস্পেচ উপলব্ধ য'ত যুৱক-যুৱতীসকলে হাতে-কামে কৰাৰ পদ্ধতিৰে নিজৰ ধাৰণা, চিন্তাক সাকাৰ ৰূপ দিব পাৰে আৰু উদ্ভাৱনী দক্ষতা শিকিব পাৰে। উদ্যমিতা আৰু উদ্ভাৱন বৃদ্ধি কৰিবৰ বাবে, অটল ইন'ভেচন মিছন, নীতি আয়োগে সমগ্ৰ দেশতে ৭০০০ৰো অধিক এটিএল স্থাপন কৰিছে আৰু এতিয়ালৈকে শ্ৰেণী VIৰ পৰা শ্ৰেণী XIIৰ  ৩ মিলিয়ন+ ছাত্ৰ-ছাত্ৰীৰ মাজত সমস্যা সমাধান, মেৰামতি আৰু উদ্ভাৱন মনোবৃত্তি অৰ্জনত সহায় কৰিছে। 

 

*********

DS/AKJ



(Release ID: 1688144) Visitor Counter : 220