মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
দেশজুৰি এভিয়ান ইনফ্লুয়েঞ্জাৰ স্থিতি
Posted On:
11 JAN 2021 3:11PM by PIB Guwahati
দেশত ১১জানুৱাৰী, ২০২১লৈকে ১০খন ৰাজ্যৰ মাজতে এভিয়ান ইনফ্লুয়েঞ্জা সীমাবদ্ধ হৈ আছে৷ ৰাজস্থানৰ টং, কাৰাউলি, ভিলৱাৰা জিলা আৰু গুজৰাটৰ ভালছাদ, বদোদৰা আৰু ছুৰাট জিলাত কাউৰী আৰু হাঁহ প্ৰব্ৰজিত/বনৰীয়া পক্ষীৰ মৃত্যুৰ কাৰণ যে এই ভাইৰাছ সেয়া আইচিএআৰ-এনআইএইচএছএডি নিশ্চিত কৰিছে। ইয়াৰ বাদেও ছাড়াও উত্তৰাখণ্ডৰ কোটদ্বাৰ আৰু দেৰাডুনত বহু কাউৰি মৰা পৰিছে। নতুন দিল্লীত কাউৰী আৰু সঞ্জয় হ্রদত হাঁহো মৰিছে।
ইয়াৰ উপৰি মহাৰাষ্ট্রৰ পাৰবাণী জিলাত বয়লাৰ আৰু মুম্বাই, থানে, ডাপোলি, বিদত কাউৰী এভিয়ান ইনফ্লুয়েঞ্জাত মৃত্যু হৈছে।
হাৰিয়ানাত সংক্রমণ প্রতিহত কৰিবলৈ সংক্রমিত পক্ষী নিধন কাৰ্য অব্যাহত ৰাখিছে৷ হিমাচল প্রদেশলৈ এটা কেন্দ্রীয় দল ৰাওনা হৈছে আৰু মহামাৰীৰ কেন্দ্রস্থলত লৈ আজি তদন্ত আৰম্ভ কৰিছে।
ৰাজ্যসমূহক মানুহৰ মাজত সজাগতা গঢ়ি লোৱাৰ বাবে ব্যাপক প্রচাৰ চলোৱাৰ লগতে এই সম্পৰ্কত কোনো ভুল তথ্য যাতে প্ৰচাৰ নহয়, সেই লৈ সতৰ্ক হ’বলৈ কোৱা হৈছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত জলাশয়, চৰাইৰ মাংসৰ বজাৰ, চিৰিয়াখানা, বয়লাৰ ফার্ম ইত্যাদি স্থানত নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে। তদুপৰি, পক্ষীৰ মৃতদেহ উপযুক্তভাবে মাটিত পুতি থোৱাৰ লগতে বয়লাৰ ফার্মসমূহৰ আশেপাশে জৈৱ নিৰাপত্তা বৃদ্ধিৰ পৰামর্শ দিয়া হৈছে। তদুপৰি, পক্ষী নিধন অভিযান কৰাৰ সময়ত যাতে যথেষ্ট পৰিমাণে পিপিই কিট আৰু অন্যান্য আনুষংগিক সঁজুলি থাকে সেই বিষয়ে দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। ইয়াৰ বাবে পশুপালন আৰু দুগ্ধ উদ্যোগ বিভাগৰ সচিবে ৰাজ্যসমূহৰ পশুপালন বিভাগক নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈ কয়৷ তদুপৰি, কোনো কাৰণতে যাতে এই ৰোগ পক্ষীৰ পৰা মানুহৰ শৰীৰত বিয়পি নপৰে তাৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলৈ কোৱা হৈছে৷
************
APS/MG/DB
(Release ID: 1687820)
Visitor Counter : 193
Read this release in:
Telugu
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam