স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ভাৰতত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা একেৰাহে হ্ৰাস পাই আছে; বিগত২৪ ঘণ্টাত ১৬,৩১১জন লোক নতুনকৈ আক্ৰান্ত হৈছে 
                    
                    
                        ২২৯দিনৰ পাছত দৈনিক মৃত্যুৰ সংখ্যা ১৭০জনতকৈ কম হৈছে
                    
                
                
                    Posted On:
                11 JAN 2021 11:02AM by PIB Guwahati
                
                
                
                
                
                
                ভাৰতত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা একেৰাহে হ্ৰাস পাই আছে৷ বিগত২৪ ঘণ্টাত ১৬,৩১১জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

ভাৰত দৈনিক নতুন মৃত্যুৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাইছে৷
২২৯দিনৰ পাছত দৈনিক মৃত্যুৰ সংখ্যা ১৭০জনতকৈ কম হৈছে৷ দৈনিক নতুন আক্ৰান্তৰ সংখ্যা হ্ৰাস আৰু সৰ্বাধিক আৰোগ্যৰ ফলত দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যাও একেৰাহে হ্ৰাস পাইছে৷

আজি দেশত মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২.২৫লাখলৈ হ্ৰাস পাইছে৷ বৰ্তমানৰ চিকিৎসাধীন ৰোগীৰ পৰিমাণ মুঠ আক্ৰান্তৰ কেৱল ২.১৩%৷
বিগত ২৪ঘণ্টাত ১৬,৯৫৯গৰাকী ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে৷ ইয়াৰ ফলত দিনটোত মুঠ চিকিৎসাধীন ৰোগী ৮০৯জন কম হৈছে৷

দেশত মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,০০,৯২,৯০৯জন হৈছে৷ আৰোগ্য আৰু চিকিৎসাধীন ৰোগীৰ মাজৰ ব্যৱধান ৯৮,৭০,৩৮৩জনলৈ বৃদ্ধি পাইছে৷
বৰ্তমান আৰোগ্যৰ হাৰ ৯৬.৪৩%লৈ উন্নীত হৈছে৷ এয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক৷
আৰোগ্য ৰোগীৰ ৭৮.৫৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ 
ইয়াৰে কেৰালাৰ সৰ্বাধিক ৪,৬৫৯জনৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু চত্তীশগড়ত ক্ৰমে ২,৩০২ আৰু ৯৬২জন ৰোগী আৰোগ্য হৈছে৷

ইফালে, নতুন আক্ৰান্ত মুঠ ১৮,২২জনৰ ৭৯.৮৩% লোক ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
ইয়াৰে কেৰালাত সৰ্বাধিক ৪,৫৪৫ আৰু মহাৰাষ্ট্ৰত ৩,৫৫৮জন লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ১৬১জন ৰোগীৰ মৃত্যু হৈছে৷
এই ক’ভিড ৰোগীৰ ৬৯.৫৭% ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ 
মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৪জনৰ বিপৰীতে কেৰালা আৰু পশ্চিমবংগত ক্ৰমে ২৩ আৰু ১৯জন ৰোগীৰ মৃত্যু হৈছে৷

****
MV/SJ/DB
                
                
                
                
                
                (Release ID: 1687631)
                Visitor Counter : 191
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Malayalam