স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিষেধকৰ ৰাজহুৱা উপস্থাপন

ক’ভিড-১৯ প্ৰতিষেধক মুকলি কৰাৰ বাবে ভাৰতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ মুহূৰ্তত ‘কো-উইন প্ৰবন্ধন’ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰৰ বিধি-নিৰ্দেশনা

পৃথিৱীৰ বৃহত্তম টীকাকৰণ অভিযান সুকলমে সম্পন্ন কৰাৰ বাবে পাৰদৰ্শী প্ৰযুক্তিৰ বিস্তৃত ব্যৱহাৰ

Posted On: 10 JAN 2021 2:48PM by PIB Guwahati

দেশ জুৰি ক’ভিড-১৯ৰ প্ৰতিষেধক মুকলি কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ লগতে সংশ্লিষ্ট পক্ষসমূহৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে বিশেষ তত্পৰতাৰে প্ৰস্তুতি চলাই আছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সমগ্ৰ প্ৰক্ৰিয়াটো সুকলমে সম্পন্ন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসনীয় প্ৰাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আজি এক আলোচনাত মিলিত হয়। ক’ভিড-১৯ৰ প্ৰতিষেধক দেশৰ অন্তিম বিন্দু পৰ্যন্ত উপলব্ধ কৰাব পৰাকৈ সমুদায় প্ৰক্ৰিয়া সঞ্চালিত কৰিবৰ বাবে যুগুতাই উলিওৱা ‘কো-উইন ছফ্টৱে’ৰ’ত এই সন্দৰ্ভত বিশেষ বিধি-নিৰ্দেশনা প্ৰদানৰ দিহা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ক’ভিড নিৰ্মূলৰ বাবে গঠিত ‘প্ৰযুক্তি তথা তথ্য সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন গোট’-ৰ অধ্যক্ষ তথা ক’ভিড-১৯ৰ ‘প্ৰতিষেধকৰ প্ৰশাসন সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট’ৰ সদস্য শ্ৰী ৰাম সেৱক শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত ৰাজ্যসমূহৰ প্ৰধান সচিবসকল, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন-সঞ্ছালকসকল, ৰাজ্যিক টীকীকৰণ বিষয়াসকলৰ লগতে স্বাস্থ্য মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া-বৰ্গ উপস্থিত আছিল। সভাত ‘কো-উইন ছফ্টৱে’ৰ’ত অনুষ্ঠিত সভা তথা ইয়াৰ সঞ্চালন পাৰদৰ্শিতা, ‘ড্ৰাই ৰান’ৰ সাফল্য আদি সন্দৰ্ভত ৰাজ্যৰ প্ৰতিনিধি আৰু সংশ্লিষ্টসকলৰ মতামত গ্ৰহণ কৰা হয়।

সভাত শ্ৰী আৰ এছ শৰ্মাই ‘কো-উইন ছফ্টৱে’ৰ’  আৰু ক’ ভিড-১৯ প্ৰতিষেধক প্ৰদান অভিযানৰ সফল ৰূপায়ণ সম্ভৱ কৰিব পৰাকৈ যুগুতাই উলিওৱা প্ৰযুক্তি সঞ্চালিত ব্যৱস্থাটো সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। পাৰদৰ্শী, নিৰ্ভৰশীল আৰু সপ্ৰতিভ প্ৰযুক্তিৰ ব্যৱহাৰৰে যুগুতাই উলিউৱা ব্যৱস্থাটোৱে পৃথিৱীৰ সৰ্ববৃহত্ টীকাকৰণ অভিযানটো পৰিচালনাৰ বাবে সুদৃঢ় আধাৰ তৈয়াৰ কৰি দিয়াৰ উপৰি ইয়াৰ পুনৰপূৰ্তি প্ৰক্ৰিয়াটোকো বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰে শ্ৰী শৰ্মাই।

****

MV/KB
HFW/VC with States & UTs on CO-WIN/10thJanuary/2



(Release ID: 1687557) Visitor Counter : 214