স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দৈনিক মৃত্যুৰ সংখ্যা হ্ৰাসৰ ধাৰা অব্যাহত; যোৱা ১৬ দিন ধৰি দৈনিক মৃত্যু ৩০০ ৰ নিম্ন হৈ আছে

যুক্তৰাজ্যৰপৰা ক’ৰোনাভাইৰাছৰ নতুন ষ্ট্ৰেইন সংক্ৰমণৰ মুঠ সংখ্যা ৯০; যোৱা ২৪ ঘন্টাত সংক্ৰমণ শূন্য

Posted On: 10 JAN 2021 12:32PM by PIB Guwahati

চিকিৎসাধীন ঘটনাসমূহৰ ফলপ্ৰসূ ক্লিনিকেল মেনেজমেন্ট সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ মনোযোগী প্ৰচেষ্টাই ভাৰতৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ধাৰা নিশ্চিত কৰিছে যি আজি ১.৪৪% হৈ পৰিছে। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহত কেয়াৰ প্ৰট’কলৰ সৰ্বাংগীন মানদণ্ড ভিত্তিক ফলপ্ৰসূ কন্টেইনমেন্ট ব্যৱস্থা, প্ৰগতিশীল টেষ্টিং আৰু মানকীকৃত ক্লিনিকেল মেনেজমেন্ট প্ৰট’কলৰ জৰিয়তে নতুন মৃত্যুৰ সংখ্যা অৱনমিত হৈ পৰে।

যোৱা ১৬ দিনত দেশখনত নতুন মৃত্যুৰ ঘটনা ৩০০ ৰ নিম্ন হৈ আছে।

WhatsApp Image 2021-01-10 at 10.30.26 AM (1).jpeg

ক’ভিড ব্যৱস্থাপনা আৰু সঁহাৰি নীতিৰ অংশস্বৰূপে, কেৱল ক’ভিডক প্ৰতিহত কৰিবলৈকে কেন্দ্ৰীয় চৰকাৰে দৃঢ় মনোযোগ প্ৰদান কৰাই নহয়, বৰঞ্চ মৃত্যুৰ ঘটনা হ্ৰাসতো অধিক মনোযোগ প্ৰদান কৰিছে আৰু ক’ভিডত আক্ৰান্ত জটিল আৰু গুৰুতৰ ৰোগীসকলক মানসম্পন্ন ক্লিনিকেল কেয়াৰৰদ্বাৰা তেওঁলোকৰ জীৱন ৰক্ষা কৰাত মনোনিৱেশ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সমন্বিত প্ৰচেষ্টাৰ ফলশ্ৰুতিত সমগ্ৰ দেশখনৰ স্বাস্থ্য ব্যৱস্থা শক্তিশালী হৈ পৰিছে।

প্ৰতি নিযুত জনসংখ্যাত মৃত্যুৰ ঘটনা ভাৰতত অন্যতম সৰ্বনিম্ন (১০৯)। ৰাছিয়া, জাৰ্মানী, ব্ৰাজিল, ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু ইটালীৰ দৰে দেশসমূহত প্ৰতি নিযুত জনসংখ্যাত মৃত্যুৰ ঘটনা অধিক বেছি।

WhatsApp Image 2021-01-10 at 10.16.32 AM.jpeg

ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ২,২৩,৩৩৫ যাৰ হাৰ হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ২.১৪%। যোৱা ২৪ ঘন্টাত ১৯,২৯৯ আৰোগ্য লাভৰ ঘটনাৰে মুঠ সক্ৰিয় কেছল’ডৰপৰা ৮৫৫ টা ঘটনা হ্ৰাস হোৱাটো নিশ্চিত কৰিছে।

এই সংখ্যাই যোৱা ২৪ ঘন্টাত সক্ৰিয় ঘটনাৰ পৰিৱৰ্তন প্ৰদৰ্শন কৰিছে। ১,১২৩ ঘটনাৰ সংযোজনৰে মহাৰাষ্ট্ৰত সৰ্বাধিক পজিটিভ পৰিৱৰ্তনৰ বিপৰীতে ৬৭২ টা ঘটনা হ্ৰাসৰে ৰাজস্থানে সৰ্বাধিক নিগেটিভ পৰিৱৰ্তন প্ৰদৰ্শন কৰিছে।

WhatsApp Image 2021-01-10 at 9.56.57 AM.jpeg

ভাৰতৰ প্ৰতি নিযুত জনসংখ্যাত সক্ৰিয় ঘটনা বিশ্বখনৰ ভিতৰতে অন্যতম সৰ্বনিম্ন। ভাৰতত এই সংখ্যা ১৬২ ৰ বিপৰীতে ব্ৰাজিল, ৰাছিয়া, জাৰ্মানী, ইটালী, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহত প্ৰতি নিযুত জনসংখ্যাত সক্ৰিয় কেছল’ডৰ সংখ্যা অধিক বেছি।

WhatsApp Image 2021-01-10 at 10.14.33 AM.jpeg

আজি মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হয় ১০,০৭৫,৯৫০ টা। আৰোগ্য লাভৰ হাৰ ৯৬.৪২% লৈ বৃদ্ধি পাইছে।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৯.১২% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

কেৰালাত ৫,৪২৪ লোকে ক’ভিডৰপৰা আৰোগ্য লাভ কৰিছে। মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ক্ৰমে ২,৪০১ আৰু ১,১৬৭ টা।

WhatsApp Image 2021-01-10 at 9.51.49 AM.jpeg

যোৱা ২৪ ঘন্টাত ১৮,৬৪৫ টা ঘটনা লাভ কৰা হৈছে।

নতুন ঘটনাৰ ৮২.২৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

যোৱা ২৪ ঘন্টাত কেৰালাত ঘটনাৰ সংখ্যা হৈছে ৫,৫২৮ টা। কালি মহাৰাষ্ট্ৰত ৩,৫৮১ টা নতুন ঘটনাৰ বিপৰীতে চত্তীশগড়ত দৈনিক ঘটনাৰ সংখ্যা হৈছে ১,০১৪ টা।

WhatsApp Image 2021-01-10 at 9.49.16 AM.jpeg

যোৱা ২৪ ঘন্টাত সংঘটিত ২০১ টা মৃত্যুৰ ঘটনাৰ ৭৩.৬৩% হৈছে সাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৫৭ টা। কেৰালাত মৃত্যুৰ ঘটনা ২২ টাৰ সমান্তৰালভাৱে ইয়াৰ পাছতেই থকা পশ্চিম বংগত মৃত্যুৰ ঘটনা ২০ টা।

WhatsApp Image 2021-01-10 at 9.50.25 AM.jpeg

নতুন যুক্তৰাজ্য ভেৰিয়েন্ট জেনমৰ মুঠ ৯০ টা নমুনা পজিটিভ লাভ কৰা হৈছে।

****

MV/SJ/SB

HFW/COVID States data/10th January 2021/1



(Release ID: 1687441) Visitor Counter : 180