স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত সক্ৰিয়ভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২.৫০ লাখলৈ হ্ৰাস পালে; এই সংখ্যা মুঠ আক্ৰান্তৰ ২.৪৩ শতাংশ

সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৯৯ লাখৰো অধিকলৈ , যি বিশ্বৰ ভিতৰতে সৰ্বাধিক

प्रविष्टि तिथि: 02 JAN 2021 11:10AM by PIB Guwahati

দেশত দৈনিক ভিত্তিত সুস্থতাৰ সংখ্যা আক্রান্তৰ তুলনাত বৃদ্ধি পাই থকাত সক্ৰিয়ভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাবলৈ ধৰিছে। সক্ৰিয়ভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা আজি আৰু হ্ৰাস পাই ২,৫০,১৮৩১৮৩ হৈছে।

 

ভাৰতত মুঠ আক্রান্তৰ মাত্ৰ ২.৪৩ শতাংশহে বৰ্তমান সক্ৰিয়ভাৱে ক’ৰোনাত আক্রান্ত।

 

দেশত যোৱা ২৪ ঘন্টাত ১৯,০৭৯ জন লোক ক’ৰোনাত আক্রান্ত হলেও একে সময়তে নতুনকৈ সুস্থ হোৱা লোকৰ সংখ্যা ২২,৯২৬। ইয়াৰ ফলত যোৱা ২৪ ঘন্টাত  সক্ৰিয়ভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ,০৭১ হ্ৰাস পাইছে।

 

মুঠ আক্রান্তৰ ৬২ শতাংশই পাঁচখন ৰাজ্য-কেৰালা, মহাৰাষ্ট্র, উত্তৰ প্রদেশ, পশ্চিম বংগ আৰু ছট্টীশগড়ৰ।

 

ভাৰতত যোৱা সাতদিনত প্রতি ১০ লাখত সর্বনিম্ন অর্থাৎ, ১০১ জনকৈ লোক আক্রান্ত হৈছে। আনহাতে, যোৱা সাতদিনত ব্রাজিল, ৰাছিয়া, ফ্রান্স, ইটালী, মার্কিন যুক্তৰাষ্ট্র আৰু ব্রিটেইনত প্রতি ১০ লাখত আক্রান্ত হোৱা লোকৰ সংখ্যা ভাৰতৰ তুলনাত যথেষ্ট বেছি।

 

 

ভাৰতত সুস্থতাৰ সংখ্যা ক্ৰমশঃ ১ কোটিৰ দিশে অগ্রসৰ হৈছে। বর্তমান এই সংখ্যা ৯৯ লাখৰ(৯৯,০৬,৩৮৭) অধিক হৈছে ।

 

সুস্থতাৰ হাৰ আজি ৯৬.১২ শতাংশলৈ বৃদ্ধি পাইছে। সুস্থতাৰ সংখ্যা আৰু সক্ৰিয়ভাৱে আক্রান্তৰ সংখ্যাৰ মাজৰ পাৰ্থক্য বৃদ্ধি পাই বৰ্তমান ৯৬,৫৬,২০৪ হৈছে।

 

নতুনকৈ আৰোগ্য হোৱা লোকৰ ৭৮.৬৪ শতাংশ ১০খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ।

 

যোৱা ২৪ ঘণ্টাত কেৰালাত সর্বাধিক ৫,১১১ জন সুস্থ হৈছে। মহাৰাষ্ট্রত সুস্থ হৈছে ৪,২৭৯ জন। আনহাতে পশ্চিম বংগত আৰু ১,৪৯৬ জন লোক সুস্থ হৈ উঠিছে।

 

যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্তৰ ৮০.৫৬ শতাংশই ১০খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ।

 

যোৱা ২৪ ঘণ্টাত কেৰালাৰ সর্বাধিক ৪,৯৯১ জন লোক আক্রান্ত হৈছে। মহাৰাষ্ট্রত নতুনকৈ আক্রান্তৰ সংখ্যা ৩,৫২৪। আনহাতে, পশ্চিম বংগত নতুনকৈ আক্রান্ত হৈছে ১,১৫৩ জন।

 

’ৰোনাত আক্রান্ত হৈ যোৱা ২৪ ঘন্টাত ২২৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ৭৫.৪৫ শতাংশই ১০খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ।

 

মহাৰাষ্ট্রত নতুনকৈ ২৬.৩৩ শতাংশ অর্থাৎ ৫৯ জনৰ ক’ৰোনাত মৃত্যু হৈছে। পশ্চিম বংগত মৃত্যু হৈছে ২৬ জনৰ আৰু কেৰালাত মৃত্যু হৈছে ২৩ জনৰ।

 

 

***********

 

MV/SJ/KG


(रिलीज़ आईडी: 1685742) आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam