প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ নিউ ভাউপুৰ-নিউ খুৰজা শাখাৰ আৰু পৰিচালন নিয়ন্ত্ৰণ কেন্দ্ৰ

আন্তঃগাঁথনি উন্নয়নক ৰাজনীতিৰ উৰ্দ্ধত ৰখা উচিত : প্ৰধানমন্ত্ৰী

Posted On: 29 DEC 2020 2:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ইষ্টাৰ্ন ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ নিউ ভাউপুৰ-নিউ খুৰজা শাখা আৰু পৰিচালন নিয়ন্ত্ৰণ কেন্দ্ৰটো উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীযূষ গোৱেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আধুনিক ৰে’ল আন্তঃগাঁথনি প্ৰকল্পৰ বাস্তৱায়নত সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় আজি যেতিয়া খুৰজা ভাউপুৰলৈ পণ্য পৰিবহণকাৰী শাখাত প্ৰথমখন মালবাহী ৰে’ল যাব, তেতিয়াই আমি আত্মনিৰ্ভৰ ভাৰতৰ গৰ্জন শুনিবলৈ পাম। প্ৰয়াগৰাজ পৰিচালন কক্ষটোও অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হৈছে। যিটো নৱ ভাৰতৰ নতুন শক্তিৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যি কোনো দেশৰ ক্ষমতাৰ বৃহৎ উৎস হ’ল আন্তঃগাঁথনি। ভাৰতে অৰ্থনৈতিক ক্ষেত্ৰত মহাশক্তিধৰ হোৱাৰ পথেৰে ক্ষীপ্ৰতাৰে আগবাঢ়িছে। আৰু সেয়ে ভাৰতৰ উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ বিষয়ত অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ কয়, এই বিষয়টো এতিয়া বিবেচনা কৰা হৈছে। বিগত ৬ বছৰ ধৰি চৰকাৰে অত্যাধুনিক যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতিটো বিষয়ক লৈ কাম কৰি আছে। ঘাইপথ, ৰে’লপথ, বিমান, জলপথ আৰু আই-ৱে’ এই পঞ্চ চক্ৰৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে। ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ এক বৃহৎ অংশৰ উদ্বোধন সেই পথেৰেই অগ্ৰসৰ হৈছে।

প্ৰধানমন্ত্ৰীয়ে  এই ধৰণৰ নিৰ্ধাৰিত পণ্য কৰিডৰৰ প্ৰয়োজনীয়তাৰ ওপৰ গুৰুত্ব দিছে। তেওঁ কয়, দেশৰ জনসংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ অৰ্থনীতিৰো বিকাশ হয়আৰু পণ্য পৰিবহণো বহুগুণ বাঢ়ি যায়। একেই ৰে’ললাইনেৰে যাত্ৰীবাহী ট্ৰেন আৰু পণ্যবাহী ট্ৰেন চলাচল কৰিলে মালবাহী ট্ৰেনৰ গতিবেগ কমি যায়। যেতিয়া মালবাহী ৰে’লৰ গতিবেগ কমি যায় তেতিয়া যান চলাচলতো বিঘিনি ঘটে। আৰু ইয়াৰ ফলত পণ্য পৰিবহণৰ খৰচো বৃদ্ধি পায়। তেওঁ কয়, পৰিবহন ব্যয়বহুল হোৱা বাবে আমাৰ উৎপাদিত পণ্য সামগ্ৰী দেশীয় তথা বিদেশী বজাৰৰ প্ৰতিযোগিতাচ পিছ পৰি ৰয়। এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটাবলৈ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ পৰিকল্পনা কৰা হৈছিল। প্ৰাথমিকভাৱে ২ টা পণ্যবাহী কৰিডৰ নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰা হয়। লুধিয়ানাৰ পৰা ডানকুনি পৰ্যন্ত ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ হ’ব। এই পথেৰে কয়লা খনি, তাপবিদ্যুৎ কেন্দ্ৰ আৰু বহু উদ্যোগিক চহৰকো সামৰি লোৱা হ’ব। সংশ্লিষ্ট কৰিডৰৰ ফিডাৰ ৰুট নিৰ্মাণ কৰা হৈছে। জৱাহৰলাল নেহৰু প’ৰ্ট ট্ৰাষ্টৰ পৰা দাদৰি পৰ্যন্ত ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ পৰিকল্পনা কৰা হৈছে। এই পথ মুন্দ্ৰা, কান্দলা, পিপাভাভ, দাউৰি আৰু হাজিৰাৰ  দৰে বন্দৰবোৰৰ সৈতে কৰিডৰ সংলগ্ন হৈছে। শ্ৰী মোদীয়ে কয়, দিল্লী-মুম্বাই আৰু অমৃতসৰ-কলকাতা এই কৰিডৰ দুটাৰ কাম চলি আছে। একেদৰে উত্তৰৰ পৰা দক্ষিণ আৰু পূৱৰ পৰা পশ্চিমৰ মাজেৰে যোগাযোগৰ বাবে কৰিডৰ নিৰ্মাণ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয়, এই ধৰণৰ কৰিডৰে যাত্ৰীবাহী ট্ৰেন চলাচলত পলম হোৱাৰ সমস্যাটোৰ সমাধান কৰিব। ইয়াৰ মাধ্যমেৰে পণ্য পৰিবাহী ট্ৰেনৰ গতি ৩ গুণ বৃদ্ধি পাব আৰু এই ৰে’লবোৰে দ্বিগুণে পণ্য বহন কৰিব। যেতিয়া মালবাহী গাড়ী সঠিক সময়ত গৈ পাব, তেতিয়াই আমাৰ লজিষ্টিক আন্তঃগাঁথনিও মজবুত হ’ব। ইয়াৰ ফলত আমাৰ পণ্যৰ দাম কমিব আৰু সেয়া বিদেশলৈ ৰপ্তানি কৰাত সুবিধা হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, ইয়াৰ যোগেদি ভাল পৰিৱেশ, সহজে ব্যৱসায় কৰাৰ পৰিস্থিতি গঢ়ি উঠিব আৰু ভাৰত বিনিয়োগৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰত পৰিণত হ’ব। ইয়াৰ মাজেৰে আত্মনিৰ্ভৰ হৈ উঠাৰ যথেষ্ট সুযোগ পোৱা যাব।

শ্ৰী মোদীয়ে কয়, এই নিৰ্ধাৰিত পণ্য কৰিডৰটোৰ সুবিধা উদ্যোগ প্ৰতিষ্ঠান, ব্যৱসায়ী, কৃষক অথবা উপভোক্তা সকলোৱেই লাভ কৰিব। এই কৰিডৰে উদ্যোগ স্থাপনত পিছ পৰা পূৰ্বাঞ্চলক সহায় কৰিব। যিহেতু এই কৰিডৰৰ ৬০ শতাংশই উত্তৰ প্ৰদেশৰ মাজত পৰিছে, গতিকে ইয়াৰ ফলত এই ৰাজ্যত বহু উদ্যোগ প্ৰতিষ্ঠান আকৃষ্ট হ’ব। তেওঁ কয়, কিষাণ ৰে’ল এই ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ দ্বাৰা উপকৃত হ’ব। কৃষকসকলে কম ব্যয়তেই দেশৰ যিকোনো বৃহৎ বজাৰত নিৰাপদে তেওঁলোকৰ পণ্য সামগ্ৰী ৰে’লৰ মাধ্যমেৰে প্ৰেৰণ কৰিব পাৰিব। এই কৰিডৰৰ ফলত তেওঁলোকৰ পণ্য সামগ্ৰী আৰু ক্ষীপ্ৰতাৰে গন্তব্য স্থানলৈ গৈ পাব। কিষাণ ৰে’লৰ কাৰণে উত্তৰ প্ৰদেশত ভালেমান গুদাম আৰু শীতল ভাণ্ডাৰ নিৰ্মাণ হ’ব। প্ৰধানমন্ত্ৰীয়ে দুঃখ প্ৰকাশ কৰি কয়, নিৰ্ধাৰিত ফ্ৰেইট কৰিডৰৰ বাস্তবায়নত যথেষ্ট পলম হৈছে।

২০১৪ চনলৈ ১ কিলোমিটাৰ ৰে’লপথো বৃদ্ধি কৰা নহ’ল। ২০১৪ চনত মোদী চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা নিৰলস তদাৰকী আৰু সংশ্লিষ্ট সকলো পক্ষৰ মাজত বৈঠকৰ পিছত পৰৱৰ্তী কেইটামান মাহতে ১১০০ কিলোমিটাৰৰ কাম সম্পন্ন হৈছে। তেওঁ পূৰ্বৰ চৰকাৰবোৰৰ সমালোচনা কৰি কয়, তেওঁলোকে ৰে’ল লাইনৰ পৰিৱৰ্তে ট্ৰেনৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল অথচ যি লাইনৰে ট্ৰেন যাব সেই বিষয়ে তেওঁলোকে অলপো চিন্তা-চৰ্চা নকৰিলে। ৰে’লৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে বিনিয়োগো বেচি কৰা হোৱা নাছিল। এই অৱস্থাৰ এতিয়া পৰিৱৰ্তন ঘটোৱা হৈছে। এতিয়া পৃথক ৰে’ল বাজেট বন্ধ কৰা হৈছে আৰু ৰে’ল লাইনৰ ওপৰত বিনিয়োগ কৰা হৈছে। চৰকাৰে ৰে’ল নেটৱৰ্কৰ প্ৰসাৰ বৃদ্ধি কৰিবৰ বাবে, বৈদ্যুতিকীকৰণ আৰু প্ৰহৰী বিহীন লেভেল ক্ৰছিং আঁতৰোৱাৰ ওপৰত গুৰুত্ব দিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, পৰিচ্ছন্নতা, উন্নত মানৰ খাদ্য আৰু পানীয়সহ অন্যান্য ব্যৱস্থাপনাত অৰ্থাৎ ৰে’লৰ প্ৰতিটো স্তৰতেই সংস্কাৰ অনা হৈছে। ৰে’লত ব্যৱহৃত সৰঞ্জামৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা অনা হৈছে। শ্ৰী মোদীয়ে কয়, ভাৰতত এতিয়া অত্যাধুনিক ট্ৰেন নিৰ্মাণ কৰা হৈছে আৰু সেয়া ৰপ্তানি কৰাও হৈছে। বাৰাণসী এতিয়া বৈদ্যুতিক ৰে’ল ইঞ্জিন নিৰ্মাণৰ প্ৰধান কেন্দ্ৰ হৈ উঠিছে। ৰায়বৰেলীত উৎপাদিত ৰে’লৰ দবা বিদেশলৈও ৰপ্তানি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৰাজনীতিৰ উৰ্দ্ধত থাকি দেশৰ আন্তঃগাঁথনি উন্নয়নক সকলো বিষয়ৰ ওপৰত স্থান দিবলৈ সকলোকে আহ্বান জনাইছে। তেওঁ কয়, দেশৰ আন্তঃগাঁথনিৰ সুবিধা প্ৰজন্মই প্ৰজন্মই জনসাধাৰণে লাভ কৰি থাকিব। যাৰ ম্যাদ মাত্ৰ ৫ বছৰৰ ৰাজনীতিৰ মাজত সীমাবদ্ধ নাথাকিব। ৰাজনৈতিক দলবোৰে যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰে, তেন্তে সেয়া আন্তঃগাঁথনিৰ মানগতি, প্ৰতিযোগিতা আৰু মানোন্নয়নৰ ওপৰত হোৱা উচিত। যিকোনো আন্দোলন আৰু বিক্ষোভৰ সময়ত জনসাধাৰণৰ সম্পত্তিৰ ক্ষয়ক্ষতি নকৰিবলৈ তেওঁ সকলোকে পৰামৰ্শ দিয়ে। গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগৰ ক্ষেত্ৰত সকলোকে জাতিৰ প্ৰতি দায়বদ্ধতাৰ বিষয়টো নাপাহৰিবৰ বাবেও তেওঁ আহ্বান জনায়।

*****

DS/AK/RD



(Release ID: 1684613) Visitor Counter : 140