প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিএম কিষাণ সন্মান নিধিৰ অধীনত আৰ্থিক লাভালাভৰ পৰৱৰ্তী কিস্তি মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

পশ্চিম বংগৰ কৃষকসকলে এই লাভ অৰ্জন কৰিবলৈ সক্ষম নোহোৱাৰ বাবে খেদ প্ৰকাশ

ডিবিটিৰ জৰিয়তে ১৮০০০ কোটি টকা জমা, লাভান্বিত ৯ কোটি কৃষক পৰিয়াল

কৃষকসকলৰ উৎপাদন ব্যয় হ্ৰাস কৰা আৰু তেওঁলোকে এটা ন্যায্য মূল্য লাভৰ নিশ্চিত কৰাটো হৈছে চৰকাৰৰ লক্ষ্যঃ প্ৰধানমন্ত্ৰী

বিশ্বৰ কৃষিভিত্তিক বজাৰসমূহত ব্ৰেণ্ড ইণ্ডিয়াক প্ৰতিষ্ঠা কৰাৰ সময় সমাগতঃ প্ৰধানমন্ত্ৰী

Posted On: 25 DEC 2020 2:14PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে পিএম কিষাণ সন্মান নিধিৰ অধীনত আৰ্থিক লাভালাভৰ পৰৱৰ্তী কিস্তি মুকলি কৰিলে।

এই কাৰ্যসূচীত ভাষণ আগবঢ়াই, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি এটা বুটামত ক্লিকৰ জৰিয়তেই ৰাষ্ট্ৰখনৰ ৯ কোটিৰো অধিক কৃষক পৰিয়ালৰ বেংক একাউন্টত ১৮০০০ কোটি টকা পোনপটীয়াকৈ জমা হৈছে। তেখেতে লগতে কয়, এই আঁচনিখনৰ সূচনাৰেপৰা, ১ লাখ ১০ হাজাৰ কোটিৰো অধিক টকা কৃষকসকলৰ একাউন্টত সোমাইছেগৈ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে খেদ প্ৰকাশ কৰি কয় যে পশ্চিম বংগৰ ৭০ লাখৰো অধিক কৃষকে এই লাভলাভ অৰ্জন কৰিবলৈ সক্ষম নোহোৱাকৈ থাকে। তেখেতে কয়, বংগৰ ২৩ লাখৰো অধিক কৃষকে এই আঁচনিৰ সুবিধা অৰ্জনৰ বাবে অনলাইনেৰে আবেদন কৰিছিল। কিন্তু ৰাজ্য চৰকাৰখনে বহু সময়ৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়াটো বন্ধ ৰাখে। তেখেতে কয়, পশ্চিম বংগত কৃষকসকলৰ স্বাৰ্থৰ হকে মাত নমতা দলসমূহে দিল্লীলৈ আহি কৃষক সন্দৰ্ভত মাতিছে। তেখেতে কয়, এই দলসমূহক আজিকালি এপিএমচি-মেণ্ডীত দেখা নাযায়, কিন্তু এই দলসমূহে বাৰম্বাৰ পাহৰিছে যে কেৰালাত কোনো এপিএমচি-মেণ্ডী নাই আৰু তেনে লোকসকলে কেতিয়াও কেৰালাত বিক্ষোভ নকৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কৃষকসকলৰ ইনপুট ব্যয় হ্ৰাসৰ লক্ষ্যৰে চৰকাৰখনে কাম কৰিছে। তেখেতে চৰকাৰখনৰ কেতবোৰ কৃষক-কেন্দ্ৰিক প্ৰচেষ্টা যথাঃ ছইল হেল্থ কাৰ্ড, ইউৰিয়াৰ নীম ক’টিং, সৌৰচালিত পাম্প বিতৰণৰ অৰ্থে আঁচনিৰ কথা উল্লেখ কৰি কয় যে এইসমূহে কৃষকসকলৰ বাবে ইনপুট ব্যয় হ্ৰাস কৰাত সহায় আগবঢ়াইছে। তেখেতে লগতে কয়, কৃষকসকলে এটা উত্তম শস্য বীমা ক’ভাৰ লাভ কৰাটো নিশ্চিত কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিছে। আজি, কোটি-কোটি কৃষকে পিএম ফচল বীমা আঁচনিৰ লাভালাভ অৰ্জন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দেশখনৰ কৃষকসকলে শস্যৰ বাবে এটা ন্যায্য মূল্য লাভ কৰাটো চৰকাৰখনে নিশ্চিত কৰিবলৈ চেষ্টা চলাইছে। তেখেতে কয়, দীৰ্ঘ-দিনীয়া স্বামীনাথন কমিটিৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি চৰকাৰখনে কৃষকসকলৰ বাবে উৎপাদনী ব্যয়ৰ ডেৰগুণক এমএছপি হিচাপে নিৰ্ধাৰণ কৰিছে। তেখেতে লগতে কয়, এমএছপি উপলব্ধ হোৱা শস্যৰ সংখ্যাও বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনে কৃষকসকলে তেওঁলোকৰ শস্য বিক্ৰী কৰিবৰ অৰ্থে নতুন বজাৰ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেখেতে কয়, চৰকাৰখনে দেশখনৰ এহেজাৰৰো অধিক কৃষিজাত মেণ্ডী অনলাইনত সংযোজন ঘটাইছে। এইসমূহৰ ভিতৰত, এক লাখ কোটিৰো অধিক টকাৰ বাণিজ্য হৈছে। তেখেতে কয়, চৰকাৰখনে ক্ষুদ্ৰ কৃষকসকলৰ গোট গঠনৰ দিশে অগ্ৰসৰ হৈছে যাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অঞ্চলত সন্মিলিত শক্তি হিচাপে কাম কৰিব পাৰিব। আজি, দেশখনত ১০০০০ ৰোধিক কৃষক উৎপাদক সংস্থা-এফপিঅ’ গঠনৰ অৰ্থে অভিযান অব্যাহত ৰখা হৈছে, তেওঁলোকক আৰ্থিক সহায় আগবঢ়োৱা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি কৃষকসকলে পকা ঘৰ, শৌচাগাৰ আৰু পাইপেৰে পৰিষ্কাৰ খোৱা পানী লাভ কৰিছে। বিনামূলীয়া বিদ্যুৎ সংযোগ, বিনামূলীয়া গেছ সংযোগৰ জৰিয়তে তেওঁলোক বাৰুকৈয়ে লাভান্বিত হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাই কৃষকসকলৰ জীৱনৰ মূল সমস্যাসমূহ লাঘৱ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কৃষি সংস্কাৰসমূহৰ জৰিয়তে কৃষকসকললৈ উত্তম বিকল্প আগবঢ়োৱা যায়। এই আইনসমূহৰ বাবে কৃষকসকলে তেওঁলোকৰ উৎপাদিত পণ্য তেওঁলোকে যাকেই বিচাৰে তেওঁকেই বিক্ৰী কৰিব পাৰিব। তেওঁলোকে য’তেই উচিত মূল্য লাভ কৰে, সেই স্থানতেই তেওঁলোকৰ উৎপাদিত পণ্য বিক্ৰী কৰিব পাৰে। তেখেতে কয়, নতুন আইনসমূহৰ বাবে, কৃষকে তেওঁলোকৰ উৎপাদিত পণ্য এমএছপিত বিক্ৰী কৰিব পাৰে বা বজাৰত বিক্ৰী কৰিব পাৰে বা ৰপ্তানি কৰিব পাৰে বা বণিকক বিক্ৰী কৰিব পাৰে বা আন ৰাজ্যত বিক্ৰী কৰিব পাৰে বা এফপিঅ’ৰ জৰিয়তে বিক্ৰী কৰিব পাৰে বা বিস্কুট, চিপছ, জাম, আন উপভোক্তা পণ্যৰ মূল্য শৃংখলৰ অংশ হ’ব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আন খণ্ডসমূহত বিনিয়োগ আৰু উদ্ভাৱনৰ অগ্ৰগতি সাধন হৈছে, আয় বৃদ্ধি হৈছে আৰু এই খণ্ডত ব্ৰেণ্ড ইণ্ডিয়া স্থাপন কৰা যায়। তেখেতে কয়, স-সন্মানেৰে বিশ্বখনৰ কৃষিভিত্তিক বজাৰসমূহত ব্ৰেণ্ড ইণ্ডিয়াক প্ৰতিষ্ঠা কৰাৰ সময় সমাগত।

কৃষি সংস্কাৰসমূহক পূৰ্ণ সমৰ্থন আৰু আদৰণি জনোৱা সমগ্ৰ দেশৰ কৃষকসকলক প্ৰধানমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু নিশ্চিতি প্ৰদান কৰি কয় যে তেখেতে তেওঁলোকক হতাশ নকৰে। তেখেতে কয়, শেহতীয়াকৈ অসম, ৰাজস্থান, জম্মু-কাশ্মীৰত অনুষ্ঠিত স্থানীয় নিকায় নিৰ্বাচনত মূলতঃ গ্ৰামাঞ্চলৰ লোকসকলে অংশগ্ৰহণ কৰে আৰু কৃষকসকলক বিপথে পৰিচালিত কৰা সকলোবোৰ দলকে প্ৰত্যাখ্যান কৰে।

*******

DS/AK/SB



(Release ID: 1683759) Visitor Counter : 159