গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

''পৰম শ্ৰদ্ধেয় ভাৰত ৰত্ন অটল জীৰ জয়ন্তীত সদৈৱ অটললৈ গৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলো''

''অটল জীৰ চিন্তা আৰু দেশৰ প্ৰগতিৰ বাবে তেওঁৰ ত্যাগে আমাক সদায় ৰাষ্ট্ৰসেৱাৰ প্ৰতি শক্তি প্ৰদান কৰিব''

''বিচাৰধাৰা-সিদ্ধান্তৰ ওপৰত আধাৰিত ৰাজনীতি আৰু ৰাষ্ট্ৰ সমৰ্পিত জীৱনেৰে ভাৰতত বিকাশ, গৰীব কল্যাণ আৰু সুশাসনৰ যুগৰ আৰম্ভণি কৰা ভাৰত ৰত্ন আদৰণীয় অটল বিহাৰী বাজপেয়ী জীৰ জয়ন্তীত তেওঁক কোটি কোটি প্ৰণাম''

''অটল জীৰ কৰ্তব্যনিষ্ঠা আৰু ৰাষ্ট্ৰসেৱা আমাৰ বাবে সদায় প্ৰেৰণাৰ কেন্দ্ৰ হৈ থাকিব''

Posted On: 25 DEC 2020 12:24PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত থকা অটল জীৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

Image

নিজৰ টুইটত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কৈছে, ''পৰম শ্ৰদ্ধেয় ভাৰত ৰত্ন অটল জীৰ জয়ন্তীত সদৈৱ অটললৈ গৈ তেওঁক পুষ্পাঞ্জলি অৰ্পণ কৰিলো। অটল জীৰ চিন্তা আৰু দেশৰ প্ৰগতিৰ বাবে তেওঁৰ ত্যাগে আমাক সদায় ৰাষ্ট্ৰসেৱাৰ প্ৰতি শক্তি প্ৰদান কৰিব''।

Image

শ্ৰী অমিত শ্বাহে লগতে কয়, ''বিচাৰধাৰা-সিদ্ধান্তৰ ওপৰত আধাৰিত ৰাজনীতি আৰু ৰাষ্ট্ৰ সমৰ্পিত জীৱনেৰে ভাৰতত বিকাশ, গৰীব কল্যাণ আৰু সুশাসনৰ যুগৰ আৰম্ভণি কৰা ভাৰত ৰত্ন আদৰণীয় অটল বিহাৰী বাজপেয়ী জীৰ জয়ন্তীত তেওঁক কোটি কোটি প্ৰণাম। অটল জীৰ কৰ্তব্যনিষ্ঠা আৰু ৰাষ্ট্ৰসেৱা আমাৰ বাবে সদায় প্ৰেৰণাৰ কেন্দ্ৰ হৈ থাকিব''।

 

*****

NW/RK/PK/AD/DDD



(Release ID: 1683756) Visitor Counter : 144