কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

অনুসূচীত জাতিৰ বাবে মেট্ৰিকোত্তৰ জলপানিৰ ৰূপান্তৰমূলক পৰিৱৰ্তনত অনুমোদন জনালে কেবিনেটে

অনুসূচীত জাতিৰ শিক্ষাৰ বাবে বৃহৎ গুৰুত্ব প্ৰদান চৰকাৰৰ ৫ বছৰত ৪ কোটিতকৈ অধিক অনুসূচীত জাতিৰ শিক্ষাৰ্থীৰ বাবে ৫৯,০০০ কোটি টকাৰ মেট্ৰিকোত্তৰ জলপানি আঁচনিত অনুমোদন

Posted On: 23 DEC 2020 4:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিয়ে আজি আগন্তুক ৫ বছৰত কোটিতকৈ অধিক অনুসূচীত জাতিৰ শিক্ষাৰ্থীৰ লাভৰ বাবে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি ‘অনুসূচীত জাতিৰ শিক্ষাৰ্থীৰ বাবে মেট্ৰিকোত্তৰ জলপানি(পিএমএছ-এছচি)’ৰ মুখ্য আৰু ৰূপান্তৰমূলক পৰিৱৰ্তনঅনুমোদন জনাইছে যাতে তেওঁলোকে সফলতাৰে তেওঁলোকৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিব পাৰে।

 

কেবিনেটে ৫৯,০৪৮ কোটি টকাৰ মুঠ বিনিয়োগ অনুমোদন জনাইছে যাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৩৫,৫৩৪ কোটি টকা (৬০%) ব্যয় কৰিব আৰু বাকীখিনি ৰাজ্য চৰকাৰে ব্যয় কৰিব। ই মজুত থকা 'প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতা' প্ৰণালীটো সলনি কৰে আৰু এই গুৰুত্বপূৰ্ণ আঁচনিত কেন্দ্ৰীয় চৰকাৰ অংশগ্ৰহণ অধিক ’ব।

 

অনুসূচীত জাতিৰ বাবে মেট্ৰিকত্তৰ জলপানি আঁচনিয়ে শিক্ষাৰ্থীসকল একাদশ আৰু তাৰ পিছৰ পৰা যিকোনো মেট্ৰিকত্তৰ পাঠ্যক্ৰম অধ্যয়নত অনুমতি দিব আৰু চৰকাৰে শিক্ষাৰ ব্যয় সম্পূৰ্ণ কৰিব

 

কেন্দ্ৰীয় চৰকাৰে এই প্ৰচেষ্টাত এক বৃহৎ গুৰুত্ব প্ৰদান আৰু অধিক অৰিহণা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ যাতে অনুসূচীত জাতিৰ জিইআৰ(উচ্চ শিক্ষা)বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় মানদণ্ডলৈকে উপনীত হ' পাৰে

 

বিতং তলত উল্লেখ কৰা হৈছে:

 

আঁচনিৰ গুৰুত্ব হ'ব আটাইতকৈ দুৰ্বল শিক্ষাৰ্থীসকলক নামভৰ্তি কৰা, সময়মতে মাচুল প্ৰদান, ব্যাপক দায়ৱদ্ধতা, নিৰন্তৰ নিৰীক্ষণ আৰু সম্পূৰ্ণ স্বচ্ছতা।

 

 

১)দৰিদ্ৰতম পৰিয়ালৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলক তেওঁলোকৰ পছন্দৰ উচ্চ শিক্ষা পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে এক অভিযান আৰম্ভ কৰা হ'ব। অনুমান কৰা হৈছে যে বৰ্তমানে দশশ্ৰেণীপাছত শিক্ষা অব্যাহত ৰাখিবলৈ সক্ষম নোহোৱা এনে ১.৩৬কোটি এনে দৰিদ্ৰ শিক্ষাৰ্থীক পৰৱৰ্তী বছৰত উচ্চ শিক্ষা ব্যৱস্থালৈ অনা হ'ব।

 

২)এই আঁচনিখন শক্তিশালী চাইবাৰ সুৰক্ষা ব্যৱস্থাৰ সৈতে এক অনলাইন মঞ্চত পৰিচালিত'ব যিয়ে কোনোধৰণৰ বিলম্ব অবিহনে স্বচ্ছতা, দায়বদ্ধতা, দক্ষতা আৰু সময়মতে সহায় প্ৰদান কৰিব।

 

৩)ৰাজ্যসমূহে অনলাইন প’ৰ্টেলত যোগ্যতা, জাতিগত স্থিতি, আধাৰ চিনাক্তকৰণ আৰু বেংক একাউণ্টৰ বিৱৰণৰ সম্পূৰ্ণ-প্ৰমাণপত্ৰ পৰীক্ষা কৰিব।

 

 

৪)আঁচনিখনৰ অধীনত শিক্ষাৰ্থীসকল বিত্তীয় সহায় স্থানান্তৰ ডিবিটি মোডত হ', আৰু বিশেষকৈ আধাৰ সক্ষম পৰিশোধ প্ৰণালী ব্যৱহাৰ কৰা হ'ব। ২০২১-২২ চনৰ পৰা আৰম্ভ কৰি, আঁচনিখনকেন্দ্ৰীয় অংশ(৬০%)ডিবিটি মোডত পোনপটীয়াকৈ নিৰ্ধাৰিত সময়সূচী অনুসৰি সংশ্লিষ্ট ৰাজ্য চৰকাৰে তেওঁলোকৰ অংশ মুকলি কৰাটো নিশ্চিত কৰাৰ পিছত বিদ্যাৰ্থীসকলৰ বেংক একাউণ্টত মুকলি কৰি দিয়া'

 

 

৫)সামাজিক অডিট, বাৰ্ষিক তৃতীয় পক্ষৰ মূল্যাংক আৰু প্ৰতিটো প্ৰতিষ্ঠানৰ পৰা অৰ্ধ-বাৰ্ষিক স্ব-অডিট কৰা প্ৰতিবেদনৰ যোগেৰে নিৰীক্ষণ প্ৰণালী অধিক শক্তিশালী কৰা হ'ব।

 

২০১৭-১৮ৰ পৰা ২০১৯-২০লৈ কেন্দ্ৰীয় সাহায্য যি বাৰ্ষিক প্ৰায় ১১০০কোটি টকা আছিল সেয়া ২০২০-২১ৰ পৰা ২০২৫-২৬বৰ্ষত ৫ গুণতকৈ অধিক বৃদ্ধি কৰি বাৰ্ষিক প্ৰায় ৬০০০ টক কৰা হ'ব। 

 

 

 ************

DS/KG



(Release ID: 1683243) Visitor Counter : 222