প্ৰতিৰক্ষা মন্ত্ৰালয়
এইৰ’ ইণ্ডিয়া-২১ৰ পৰিকল্পনাৰ পর্যালোচনা প্রতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিঙৰ
বিশ্বৰ মহাকাশ আৰু প্ৰতিৰক্ষা ব্যৱসায়ীক ভাৰতৰ এইৰ’শ্বলৈ আমন্ত্ৰণ
Posted On:
23 DEC 2020 2:53PM by PIB Guwahati
প্রতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিঙে আজি এইৰ’ ইণ্ডিয়া-২১ৰ পৰিকল্পনাৰ পর্যালোচনা কৰে৷ প্রতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্ত প্রতিৰক্ষা বিভাগৰ বিষয়াসকলে মন্ত্রী জনোৱা মতে এইবাৰৰ অনুষ্ঠানটো বর্তমানৰ আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী নির্দেশনাৰ সৈতে সামঞ্জস্য ৰাখি আয়োজন কৰা হৈছে আৰু তাত বানিজ্যিক সম্পৰ্কীয় প্রদর্শনীৰ পৰিকল্পনা কৰা হৈছে। এই বছৰৰ অনুষ্ঠানত দৃশ্য-শ্ৰাব্য মাধ্যমেৰে সাধাৰণ জনতাই আকাশী পথত বিমানৰ বিভিন্ন কলা-কৌশল চাবলৈ পাব৷ তদুপৰি, এই ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলে পোনপটীয়াকৈ আলোচনাৰ মাধ্যমেৰে নতুন অংশীদাৰিত্ব বৃদ্ধিৰ সুযোগ লাভ কৰিব৷
অনুষ্ঠানত অধিকাংশ বিপনীৰ স্থান ইতিমধ্যে বিক্ৰী হৈছে আৰু পাঁচ শতাধিক প্রতিনিধিয়ে ইয়াত নাম পঞ্জীয়ন কৰিছে৷ ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা সমস্যাৰ পৰিপ্রেক্ষিতত প্রতিৰক্ষা মন্ত্রীয়ে এইবাৰ ৩-৫ ফেব্রুৱাৰীৰ তিনিদিনীয়া অনুষ্ঠানত কেৱল বাণিজ্যিক দিশক লৈ আলোচনা কৰিবলৈ নির্দেশ দিয়ে৷ এইবছৰ লকডাউন আৰু নিষেধাজ্ঞা/ভ্রমণত আৰোপ কৰা বাধাৰ বাবে মহাকাশ আৰু প্রতিৰক্ষা উদ্যোগত যি সমস্যাৰ সন্মুখীন হৈছে তাক লৈ আলোচনা কৰা হ’ব। চলিত বৰ্ষৰ অক্টোবৰত এই এইৰ’ ইণ্ডিয়া-২১ সম্পর্কে বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হয়। ইতিমধ্যে দেশৰ প্রতিৰক্ষা সম্পৰ্কীয় একাধিক নীতি গ্রহণ কৰা হৈছে।
উল্লেখ্য যে ভাৰতে প্ৰতিৰক্ষা খণ্ডত বিদেশী বিনিয়োগৰ পৰিমাণ ৭৪% বৃদ্ধি কৰিছে৷ তদুপৰি, প্ৰতিৰক্ষা অধিগ্ৰহণ পদ্ধতি-২০২০এ ভাৰতত এই খণ্ডত বিনিয়োগ বৃদ্ধিত উদ্গনি যোগাইছে৷ ক’ভিড মহামাৰীৰ সময়ছোৱাতে প্ৰতিৰক্ষা সঁজুলি উৎপাদন আৰু ৰপ্তানি বৃদ্ধি নীতি-২০২০(ডিপিএইপিপি-২০২০)ৰ খচৰাও প্ৰস্তু কৰা হৈছে৷
প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে জনায় যে মহাকাশ আৰু প্রতিৰক্ষা উৎপাদন ক্ষেত্রত বিশ্বৰ শীর্ষ পাঁচখন দেশৰ ভিতৰত ভাৰতক তুলি ধৰাৰ দৃঢ় সংকল্প এই এইৰ’ ইণ্ডিয়া-২১ অনুষ্ঠানৰ মাধ্যমেৰে লোৱা হ’ব৷ মন্ত্ৰী সিঙে লগতে কয় যে আত্মনির্ভৰ ভাৰত গঢ়াৰ ববে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যি দৃষ্টিভংগী গ্রহণ কৰিছে, ভাৰতৰ মহাকাশ আৰু প্রতিৰক্ষা বিভাগে সেই ক্ষেত্রত স্বনির্ভৰ হ’বলৈ আৰম্ভ কৰিছে। ভাৰতত প্রতিৰক্ষা সঁজুলি প্ৰস্তুত কৰা আৰু উদ্যোগ স্থাপনৰ বাবে বন্ধু দেশসমূহৰ সৈতে পাৰস্পৰিক অংশীদাৰিত্ব বজাই ৰাখিবলৈ প্রচেষ্টা হাতত লোৱা হৈছে৷
প্রতিৰক্ষামন্ত্রীগৰাকীয়ে বৰ্হিৰাষ্ট্ৰৰ পৰা অহা বিশিষ্ট ব্যক্তি আৰু উদ্যোগপতিসকলে ভাৰতৰ কৌশলগত-ব্যৱসায়িক সুযোগক কামত লগোৱাৰ আহ্বান জনায়৷ তেওঁ দৃঢ়তাৰে কয় যে এইৰ’ ইণ্ডিয়া-২১এ ক’ভিডৰ পাছৰ বিশ্বত ভাৰতক আগুৱাই নিব আৰু দেশৰ শক্তিক অধিক সুদৃঢ় কৰি তোলাত সহায় কৰিব৷
***
ABB/Nampi/Rajib/DB
(Release ID: 1683239)
Visitor Counter : 208
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam