প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আলীগড় মুছলীম বিশ্ববিদ্যালয়’ৰ শতবাৰ্ষিকী সমাৰোহ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

মহামাৰীৰ সংকটকালত ‘এএমইউ’-য়ে আগবঢ়োৱা অৱদানৰ ভূয়সী প্ৰশংসা

প্ৰতিগৰাকী নগৰিকেই দেশৰ সম্পদৰ হকদাৰ আৰু সেয়ে ইয়াৰ দ্বাৰা সকলোৱেই উপকৃত হোৱা উচিত : প্ৰধানমন্ত্ৰী

ধৰ্মৰ কাৰণেই কোনো পিচ পৰি নাথাকিব : প্ৰধানমন্ত্ৰী

Posted On: 22 DEC 2020 12:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে আলীগড় মুছলীম বিশ্ববিদ্যালয়(এএমইউ)ৰ শতবৰ্ষ অনুষ্ঠান সম্বোধন কৰে। এই উপলক্ষে প্ৰকাশ কৰি উলিওৱা ডাক টিকট এটাও আনুষ্ঠানিক ভাবে উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে।

এই সন্দৰ্ভত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে ছাৰ ছৈয়দৰ মন্তব্য স্মৰণ কৰি কয়, দেশৰ বাবে চিন্তা কৰা প্ৰতিগৰাকী ব্যক্তিৰ বাবে সকলো দেশবাসীৰ কল্যাণৰ হকে কাম কৰাটো হব সৰ্ব প্ৰথম কৰ্তব্য। এয়া হব লাগিব জাত-পাত-ধৰ্ম নিৰ্বিশেষেপ্ৰতিগৰাকী নাগৰিকৰ বাবে সংবিধান প্ৰদত্ত প্ৰতিটো অধিকাৰ সুনিশ্চিত কৰাৰ দিশেৰে দেশে বাট বুলিছে, কেৱল ধৰ্মৰ বাবেই কোনো ব্যক্তি পিচ পৰি থাকিবলগীয়া নহয় আৰু সকলোৰে সৈতে সকলোৰে বিকাশ, সকলোৰে বিশ্বাসৰ মন্ত্ৰৰ বুনিয়াদো ইয়েই বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে শ্ৰী মোডীয়ে চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ উদাহৰণ দাঙি ধৰি কয় যে কোনোধৰণৰ বৈষম্যৰ অৱকাশ নৰখাকৈয়ে চৰকাৰী আঁচনিসমূহে জনসাধাৰণক উপকৃত কৰি আহিছে। কোনোধৰণৰ বৈষম্য নকৰাকৈয়ে ২ কোটিৰো অধিক দুখীয়-দৰিদ্ৰলৈ পকা ঘৰ আগবঢ়োৱা হৈছে। বৈষম্য নকৰাকৈয়ে ৮ কোটিৰো অধিক মহিলাই লাভ কৰিছে ৰন্ধন গেছৰ সংযোগ। প্ৰায় ৫০ কোটি নাগৰিকে আয়ুষ্মান আঁচনিৰ অধীনত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা সেৱা লাভ কৰিছে বৈষম্য বিহীন ভাবেই। প্ৰতিগৰাকী নগৰিকেই দেশৰ সম্পদৰ হকদাৰ আৰু সেয়ে ইয়াৰ দ্বাৰা সকলোৱেই উপকৃত হোৱা উচিত। আমাৰ চৰকাৰে এই মানসিকতাৰেই কাম-কাজ অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

ৰাষ্ট্ৰ আৰু সমাজৰ উন্নয়ণক ৰাজনৈতিক দৃষ্টিকোণৰে চোৱা উচিত নহয় বুলিয়ে নতুন ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে। বিপথে পৰিচালিত কৰিব পৰা অপপ্ৰচাৰৰ বিৰুদ্ধে সতৰ্ক দৃষ্টি ৰখাৰ লগতে সকলোৱে ৰাষ্টৰ স্বাৰ্থ সৰ্বোপৰি বুলি অন্তৰৰে গ্ৰহণ কৰাৰ বাবে শ্ৰী মোডীয়ে আহ্বান জনায়। ৰাজনীতি থমকি ৰব পাৰে, সমাজৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহয়একেদৰেই, যি জাতি-ধৰ্ম-বৰ্ণৰেই নহওক কিয় দুখীয়ায়ো থমকি ৰব নোৱাৰে। আমি সময়ৰ অপচয় কৰিব নোৱাৰো আৰু এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে সকলোৱে একত্ৰে কৰ্মত ব্ৰতী হোৱা উচিত। ৰাষ্ট্ৰই নিৰ্দ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে, সকলো মতানৈক্য একাষৰীয়া কৰি থবই লাগিব বুলি শ্ৰী মোডীয়ে অভিমত ব্যক্ত কৰে।  

ৰোনাৰ সংকটকালত আলীগড় মুছলীম বিশ্ববিদ্যালয়ে সমাজলৈ আগবঢ়োৱা অভুতপূৰ্ব অৱদানক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে। এই প্ৰসংগত মন্তব্য কৰি তেওঁ কয় যে বহু সহস্ৰ লোকৰ নমুনা বিনামূলীয়াকৈ পৰীক্ষা কৰা, আইছলেশ্যন ৱাৰ্ড নিৰ্মাণ কৰা, প্লাজমা বেংক স্থাপন কৰা, পিএম কেয়াৰ পুঁজিলৈ বৃহত্ পৰিমাণৰ অৰিহণা আগবঢ়োৱা আদি কাৰ্যই সমাজৰ প্ৰতি থকা দায়িত্ব পালন কৰাত আপোনালোকে দেখুওৱা আন্তৰিকতাৰ মহত্ব প্ৰকট হৈছে। এনেধৰণৰ সংঘবদ্ধ প্ৰয়াসৰ সুবাদতে আজি ভাৰতে কৰোনাৰ দৰে গোলকীয় মহামাৰীক পৰাভূত কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হব পাৰিছে, দেশ সৰ্বোপৰি মন্ত্ৰক সাৰোগত কৰি আগুৱাব পাৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১০০টা বছৰত পৃথিৱীৰ বহু দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক প্ৰগাঢ় কৰাৰ বাবেও এএমইউ-য়ে কাম কৰি আহিছে। ইয়াত সম্পাদিত হোৱা ইছলামিক সাহিত্যৰ লগতে উৰ্দু, আৰবী আৰু পাৰ্ছী ভাষাৰ গৱেষণাই সমগ্ৰ ইছলামিক-বিশ্বৰ সৈতে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত নতুন শক্তি প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ ছফ্ট-পাৱাৰ বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰ-নিৰ্মাণৰ কৰ্তব্য পূৰণ কৰাৰ দৰে দুইধৰণৰ দায়বদ্ধতা আছে বুলি তেওঁ উল্লেখ কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বিদ্যালয়ত শৌচাগাৰ নথকাৰ বাবেই এসময়ত মুছলমান জীয়ৰীয়ে আধাতে বিদ্যালয় এৰাৰ পৰিমাণ ৭০শতাংশতকৈয়ো অধিক আছিল বুলি তথ্য স্মৰণ কৰে। এই কথা লক্ষ্য কৰিয়েই চৰকাৰে স্বচ্ছ ভাৰত মিছনৰ অধীনত বিদ্যালয়সমূহত ছাত্ৰীসকলৰ বাবে আচুতীয়া শৌচাগাৰ নিৰ্মাণৰ কাম অভিযানৰ ৰূপত সম্পাদিত কৰিলে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সুবাদতে মুছলমান ছাত্ৰীৰ আধাতে স্কুল এৰাৰ পৰিমাণ ৩০শতাংশ পৰ্যন্ত অৱনমিত কৰিব পৰা গৈছে। এনেদৰে আধাতে স্কুল এৰা ছাত্ৰীসকলৰ বাবে সেঁতুবন্ধন-পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা বাবে প্ৰধানমন্ত্ৰীয়ে আলীগড় মুছলীম বিশ্ববিদ্যালয়ৰ শলাগ লয়।

তিনি তালাকৰ দৰে প্ৰথাৰ অৱসান ঘটাই এক আধুনিক মুছলমান সমাজ গঢ়াৰ বাবে দেশে প্ৰয়াস অব্যাহত ৰাখিছে বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয়, যদি এগৰাকী মহিলাক শিক্ষিত কৰা হয় তেন্তে সমগ্ৰ পৰিয়ালটোৱেই শিক্ষিত হয় বুলি কোৱা হয়। শিক্ষাই নিয়োগ আৰু উদ্যমশীলতাৰ সম্ভাৱনা সৃষ্টি কৰে। নিয়োগ আৰু উদ্যমশীলতাই নিশ্চিত কৰে অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা। অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ পৰা সবলীকৰণৰ জন্ম হয়। এগৰাকী সবল মহিলাই আনসকলৰ দৰে সমানেই সিদ্ধান্ত গ্ৰহণত অংশগ্ৰহণৰ সামৰ্থ্য অৰ্জন কৰে।

উচ্চতৰ শিক্ষাৰ ক্ষেত্ৰত ন-ন পাঠ্যক্ৰম সংযোজনৰে এএমইউয়ে বহুতকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈ আহিছে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। এইখন বিশ্ববিদ্যালয়ত ইতিমধ্যে পঢ়ুৱাই থকাৰ দৰেই এলানি আন্তঃবিভাগীয়-বিষয় নতুন শিক্ষা নীতিয়েও পোষকতা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰথমে ৰাষ্ট্ৰ-ৰ মন্ত্ৰ আওৰাই যুৱ-প্ৰজন্মই দেশক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পূৰণত প্ৰবৃত্ত হৈছে। ভাৰতৰ যুৱ-প্ৰজন্মৰ এই আকাংক্ষাকে নতুন শিক্ষা নীতিত প্ৰাথমিকতা প্ৰদান কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

তেওঁ কয়, নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ লগতে উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানসমূহত আসনৰ সংখ্যা বৃদ্ধিৰ বাবেও চৰকাৰে কাম কৰি আছে। অফলাইনেই হওক কিম্বা অনলাইনেই হওক সকলোৰে বাবে শিক্ষাৰ সুযোগ সম্ভৱ কৰাৰ লগতে শিক্ষাৰ জৰিয়তে সকলোৰে জীৱন সলাব পৰাকৈ পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰে অহৰহভাবে কাম কৰি আছে। ইফালে, এএমইউ-ৰ শতবৰ্ষ উপলক্ষে দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী উদযাপন কৰাৰ সময়লৈ অল্প-খ্যাত স্বাধীনতা সংগ্ৰামীসকলৰ সন্দৰ্ভত গৱেষণা কৰাৰ দৰে এক পাঠ্যক্ৰমোত্তৰ কামত ব্ৰতী হবলৈ বিশ্ববিদ্যালয়খনৰ ১০০টা ছাত্ৰাবাসৰ আবাসীসকলক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে

 

***

DS/AK



(Release ID: 1682885) Visitor Counter : 228