বিত্ত মন্ত্ৰালয়

সংস্কাৰ সংযুক্ত ধাৰ অনুমতিয়ে ইজ অৱ ডুয়িং বিজনেছ সংস্কাৰ সহজতৰ কৰি তুলিছে

ইজ অৱ ডুয়িং বিজনেছত ৫ ৰাজ্যৰ নিৰ্ধাৰিত সংস্কাৰ সম্পূৰ্ণ

১৬,৭২৮ কোটি টকাৰ অতিৰিক্ত ধাৰ অনুমতি মঞ্জুৰ

Posted On: 20 DEC 2020 10:47AM by PIB Guwahati

ভাৰত চৰকাৰৰদ্বাৰা ৰাজ্যসমূহলৈ ভিন্ন নাগৰিক কেন্দ্ৰিক খণ্ডত সংস্কাৰ সাধন কৰিবলৈ অতিৰিক্ত ধাৰ অনুমতি মঞ্জুৰৰ সংযুক্তকৰণে ৰাজ্যসমূহক ইজ অৱ ডুয়িং বিজনেছক প্ৰোৎসাহিত কৰি তুলিবলৈ সংস্কাৰ সাধনৰ অৰ্থে অনুপ্ৰাণিত কৰি তুলিছে। অদ্যপি ইজ অৱ ডুয়িং বিজনেছত ৫ ৰাজ্যই নিৰ্ধাৰিত সংস্কাৰ সম্পূৰ্ণ কৰি তুলিছে। এই ৰাজ্যসমূহক অ’পেন মাৰ্কেট ব’ৰ’য়িঙৰ জৰিয়তে ১৬,৭২৮ কোটি টকাৰ অতিৰিক্ত আৰ্থিক সম্পদ সংহত কৰিবলৈ অনুমতি মঞ্জুৰ কৰা হৈছে। এই ৰাজ্যকেইখন হৈছে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, মধ্য প্ৰদেশ, তামিল নাডু আৰু তেলেংগানা। তলত ৰাজ্যভিত্তিকভাৱে মঞ্জুৰ কৰা অতিৰিক্ত ধাৰ অনুমতিৰ পৰিমাণ উল্লেখ কৰা হৈছেঃ

ৰাজ্য

পৰিমাণ (কোটি টকাত)

অন্ধ্ৰ প্ৰদেশ

২,৫২৫

কৰ্ণাটক

৪,৫০৯

মধ্য প্ৰদেশ

২,৩৭৩

তামিল নাডু

৪,৮১৩

তেলেংগানা

২,৫০৮

ইজ অৱ ডুয়িং বিজনেছ হৈছে দেশখনত বিনিয়োগ অনুকূল বাণিজ্য বাতাবৰণৰ এটা গুৰুত্বপূৰ্ণ সূচক। ইজ অৱ ডুয়িং বিজনেছৰ উন্নয়ন সাধনে ৰাজ্যৰ অৰ্থনীতিৰ ক্ষীপ্ৰ ভৱিষ্যৎ বিকাশ সক্ষম কৰি তুলিব। সেয়েহে, ২০২০ ৰ মে’ত ভাৰত চৰকাৰে, ইজ অৱ ডুয়িং বিজনেছক সহজতৰ কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা ৰাজ্যসমূহক অতিৰিক্ত ধাৰ অনুমতিৰ মঞ্জুৰি সংযুক্তকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই পৰ্যায়ত নিৰ্ধাৰিত সংস্কাৰসমূহ হৈছেঃ

(i) ‘জিলা পৰ্যায়ৰ বাণিজ্য সংস্কাৰ কৰ্ম পৰিকল্পনা’ৰ প্ৰথম মূল্যায়ন সম্পূৰ্ণ কৰা

(ii) অতি কমেও নিম্ন উল্লেখিত আইনসমূহৰ অধীনত ভিন্ন ক্ৰিয়া-কলাপৰ বাবে ব্যৱসায়সমূহৰদ্বাৰা লাভ কৰা পঞ্জীয়নৰ প্ৰমাণ পত্ৰ/মঞ্জুৰি/অনুজ্ঞাৰ নৱীকৰণৰ প্ৰয়োজনীয়তাসমূহ দূৰ কৰাঃ -

  • দ্য শ্বপছ এণ্ড এছটাবলিছমেন্ট এক্ট
  • দ্য কনট্ৰেক্টছ লেবাৰ (ৰেগুলেশ্যন এণ্ড এব’লিশ্যন) এক্ট, ১৯৭০
  • দ্য ফেক্টৰীজ এক্ট, ১৯৪৮
  • দ্য লিগেল মেট্ৰ’ল’জি এক্ট
  • দ্য ইন্টাৰ ষ্টেট মাইগ্ৰেন্ট ৱৰ্কমেন (RE&CS) এক্ট, ১৯৭৯
  • ড্ৰাগ মেনুফেক্সাৰিং / ছেলিং/ ষ্ট’ৰেজ লাইচেন্স
  • পৌৰ নিগমসমূহৰদ্বাৰা জাৰি কৰা ট্ৰেড লাইচেন্স।
  1. এই আইনসমূহৰ অধীনত কম্পিউটাৰাইজড চেন্ট্ৰেল ৰেণ্ডম ইন্সপেকশ্যন চিষ্টেম ৰূপায়ণ য’ত ইন্সপেক্টৰ আবন্টন কেন্দ্ৰীয়ভাৱে সম্পন্ন কৰা হয়, একেজন ইন্সপেক্টৰকে পৰৱৰ্তী বছৰসমূহত একেটা ইউনিটতে নিযুক্ত কৰা নহয়, ব্যৱসায়ৰ গৰাকীলৈ ইন্সপেকশ্যন জাননী আগবঢ়োৱাৰ পূৰ্বে, আৰু ইন্সপেকশ্যনৰ ৪৮ ঘন্টাৰ ভিতৰত ইন্সপেকশ্যন প্ৰতিবেদন আপল’ড কৰা যায়। ই নিম্ন উল্লেখিত ইন্সপেকশ্যনসমূহ সামৰি লৈছেঃ
  1. দ্য ইকুৱেল ৰেমুনাৰেশ্যন এক্ট, ১৯৭৬
  2. দ্য মিনিমাম ৱেজেছ এক্ট, ১৯৪৮
  3. দ্য শ্বপছ এণ্ড এছটাবলিছমেন্ট এক্ট
  4. দ্য পেমেন্ট অৱ বানচ এক্ট, ১৯৬৫
  5. দ্য পেমেন্ট অৱ ৱেজেছ এক্ট, ১৯৩৬
  6. দ্য পেমেন্ট অৱ গ্ৰেচুইটি এক্ট, ১৯৭২
  7. দ্য কনট্ৰেক্ট লেবাৰ (ৰেগুলেশ্যন এণ্ড এবলিশ্যন) এক্ট, ১৯৭০
  8. দ্য ফেক্টৰীজ এক্ট, ১৯৪৮
  9. দ্য বইলাৰ্ছ এক্ট, ১৯২৩
  10. দ্য ৱাটাৰ (প্ৰিভেনশ্যন এণ্ড কনট্ৰ’ল অৱ পলুশ্যন) এক্ট, ১৯৭৪
  11. দ্য এয়াৰ (প্ৰিভেনশ্যন এণ্ড কনট্ৰ’ল অৱ পলুশ্যন) এক্ট, ১৯৮১
  12. দ্য লিগেল মেট্ৰ’ল’জি এক্ট, ২০০৯ আৰু বিধি

’ভিড-১৯ মহামাৰীটোৰদ্বাৰা সৃষ্ট প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ সম্পদৰ প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত, ২০২০ ৰ ১৭ মে’ত ভাৰত চৰকাৰে ৰাজ্যসমূহৰ ধাৰৰ সীমা সংশ্লিষ্ট জিএছডিপি ৰ ২ শতাংশ বৃদ্ধি কৰে। এই বিশেষ বিতৰণৰ আধা ৰাজ্যসমূহৰদ্বাৰা নাগৰিক কেন্দ্ৰিক সংস্কাৰ সাধনাৰ্থে সংযুক্ত কৰা হয়। সংস্কাৰ সাধনাৰ্থে চিনাক্ত কৰা চাৰি নাগৰিক কেন্দ্ৰিক ক্ষেত্ৰ হৈছে (a) এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড ব্যৱস্থা ৰূপায়ণ, (b) ইজ অৱ ডুয়িং বিজনেছ সংস্কাৰ, (c) নগৰীয়া স্থানীয় নিকায় / উপযোগিতা সংস্কাৰ আৰু (d) শক্তি খণ্ডৰ সংস্কাৰ।

এতিয়ালৈকে ১০ ৰাজ্যই এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড ব্যৱস্থা ৰূপায়ণ কৰিছে, ৫ ৰাজ্যই ইজ অৱ ডুয়িং বিজনেছ সংস্কাৰ সাধন কৰিছে আৰু ২ খন ৰাজ্যই স্থানীয় নিকায় সংস্কাৰ সাধন কৰিছে।

অতিৰিক্ত ধাৰ অনুমতিৰ ওপৰিও, চাৰিটা সংস্কাৰৰ ভিতৰত তিনিটা সম্পূৰ্ণ কৰা ৰাজ্যসমূহে “মূলধন ব্যয়ৰ অৰ্থে ৰাজ্যসমূহলৈ আৰ্থিক সাহাৰ্য্য আঁচনি” ৰ অধীনত অতিৰিক্ত আৰ্থিক সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হৈছে। এই আঁচনিখনৰ অধীনত, এই উদ্দেশ্যৰ বাবে ২,০০০ কোটি টকা পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে।

অধিক ৰাজ্যই সংস্কাৰসমূহ সাধন কৰিবলৈ আৰু অতিৰিক্ত ধাৰ লাভ কৰাটো সহজতৰ কৰি তুলিবলৈ, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে শেহতীয়াভাৱে ৰাজ্যসমূহৰ বাবে ভিন্ন খণ্ডত নাগৰিক কেন্দ্ৰিক সংস্কাৰ সম্পূৰ্ণ কৰি তুলিবলৈ সময়সীমা সম্প্ৰসাৰিত কৰিছে। এতিয়া, যদি এই সংস্কাৰৰ ৰূপায়ণ সন্দৰ্ভত ন’ডেল মন্ত্ৰালয়টেৰদ্বাৰা পৰামৰ্শ ২০২১ ৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত লাভ কৰা যায়, তেতিয়া ৰাজ্যসমূহ সংস্কাৰ সংযুক্ত লাভালাভৰ অৰ্থে যোগ্য বিবেচিত হ’ব।

***

RM/KMN/SB


(Release ID: 1682331) Visitor Counter : 138