সাংস্কৃতিক মন্ত্ৰালয়
এএছআই-এ ইয়াৰ কেন্দ্ৰীয়ভাৱে সংৰক্ষিত স্মৃতিসৌধ/পৰ্যটন স্থলীলৈ আহিবলগীয়া দৰ্শনাৰ্থীৰ সংখ্যা সীমিত ৰখাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে
শব্দ আৰু পোহৰৰ প্ৰদৰ্শন পুনৰ আৰম্ভ কৰা হ'ব
Posted On:
20 DEC 2020 1:18PM by PIB Guwahati
সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ(এএছআই)-এ ইয়াৰ কেন্দ্ৰীয়ভাৱে সংৰক্ষিত স্মৃতিসৌধ/পৰ্যটন স্থলীলৈ আহিবলগীয়া দৰ্শনাৰ্থীৰ সংখ্যাৰ ওপৰত থকা প্ৰতিবন্ধকতা আঁতৰ কৰিছে। এয়া কেন্দ্ৰীয়ভাৱে সংৰক্ষিত স্মৃতিসৌধ/পৰ্যটন স্থলী সন্দৰ্ভত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ(এএছআই)-এ ১৮ ডিচেম্বৰ,২০২০ত আঞ্চলিক সঞ্চালক আৰু তত্ত্বাৱধানকাৰী পুৰাতত্ত্ববিদলৈ জাৰি কৰা শেহতীয়া এছঅ’পি অনুসৰি কৰা হৈছে।
অৱশ্যে, প্ৰতিদিনে অনুমতি দিব লগা দৰ্শনাৰ্থীৰ মুঠ সংখ্যা সন্দৰ্ভত সংশ্লিষ্ট জিলা দণ্ডাধীশ(যি জিলাখনৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ)ৰ সহযোগত সংশ্লিষ্ট তত্ত্বাৱধানকাৰী পুৰাতত্ত্ববিদ/এছএ (ভাৰপ্ৰাপ্ত)-ই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
এছঅ’পিত আৰু উল্লেখ কৰা হৈছে যে কিউ আৰ কোড আৰু নেটৱৰ্কৰ সমস্যা থকা স্থানত কাউণ্টাৰৰ পৰা টিকট বিক্ৰীৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব। ধ্বনি আৰু লাইট শ্ব’ পুনৰ আৰম্ভ কৰা হ'ব পাৰে।
উপৰোক্ত পৰিৱৰ্তনৰ বাহিৰে, ২.৭.২০২০ তাৰিখৰ এছঅ’পিৰ(৬.৭.২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা) নিৰ্ধাৰিত আন সকলো বিধান পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে কাৰ্যকৰী হ'ব।
নিৰ্দেশনাত লগতে কোৱা হৈছে যে সকলো কেন্দ্ৰীয়ভাৱে সংৰক্ষিত স্মৃতিসৌধ/পৰ্যটন স্থলীত গৃহ মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু সাংস্কৃতিক মন্ত্ৰালয়ে জাৰি কৰা কভিড সম্পৰ্কীয় প্ৰট’কলৰ লগতে ৰাজ্য আৰু/বা জিলা প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰা যিকোনো নীতি-নিৰ্দেশনা পালন কৰিব লাগিব।
*********
NB/KP/OA/KG
(Release ID: 1682313)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam