যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
‘ফিট ইণ্ডিয়া চাইক্ল’থন’-য়ে লাভ কৰিছে ব্যাপক সঁহাৰি, শুভাৰম্ভৰ প্ৰথমটো সপ্তাহত অংশগ্ৰহণ কৰিলে প্ৰায় ১৩ লাখ লোকে
৩১ ডিচেম্বৰলৈকে অব্যাহত থাকিব ‘চাইক্ল’থন’, ‘ফিট ইণ্ডিয়া-ৰ ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ণ কৰি ইচ্ছুকসকলে অংশগ্ৰহণ কৰিব পাৰিব
Posted On:
20 DEC 2020 10:59AM by PIB Guwahati
‘ফিট ইণ্ডিয়া চাইক্লথন’-য়ে সমগ্ৰ দেশৰ পৰাই ব্যাপক সঁহাৰি লাভ কৰিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে অলপতে এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰিছিল। এই কাৰ্যসূচী যোৱা ৭ ডিচেম্বৰ ২০২০ৰ পৰা আৰম্ভ হৈছিল আৰু দেশৰ সকলো প্ৰান্তৰ পৰাই অসংখ্য অংশগ্ৰহণকাৰীয়ে ইয়াত ভাগ লৈছে। যোৱা ১৫ ডিচেম্বৰ পৰ্যন্ত ১২,৬৯,৬৯৫ গৰাকী লোকে ‘ফিট ইণ্ডিয়া চাইক্ল’থন’ত যোগদান কৰি ৫৭,৫১,৮৭৪ কিলোমিটাৰৰ চাইক্লিং সম্পূৰ্ণ কৰিছে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছিল : ‘নেহৰু যুৱ কেন্দ্ৰ সংগঠন’(এনওৱাইকেএছ); ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’(এনএছএছ)ৰ ৪,১৪,৩৫৪ আৰু অন্যান্য ৫,৪৩,৮৮৩ গৰাকী। ‘ফিট ইণ্ডিয়া চাইক্ল’থন’-য়ে ‘ছ’চিয়েল মিডিয়া’তো সুন্দৰ সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। সাধাৰণ নাগৰিকৰ লগতে বহু সংখ্যক ‘চেলিব্ৰিটী’-য়েও চাইক্লিঙৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰিছে।
এই কাৰ্যক্ৰম অহা ৩১ ডিচেম্বৰলৈকে অব্যাহত থাকিব। ‘ফিট ইণ্ডিয়া’-ৰ ৱেবছাইট (https://fitindia.gov.in/fit-india-cyclothon-2020/)ৰ জৰিয়তে পঞ্জীয়ণ কৰি ইচ্ছুকসকলে এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব পাৰিব। ‘চাইক্লিষ্ট’সকলে প্ৰতিদিনে নিজৰ পচন্দ অনুসৰি এক নিৰ্দিষ্ট দূৰত্ব চাইকেল চলাব, আৰু hashtag - #FitIndiaCyclothon আৰু #NewIndiaFitIndia ব্যৱহাৰ কৰি ইয়াৰ ফটো আৰু ভিডিঅ’ ফুটেজ ছ’চিয়েল মিডিয়াত @FitIndiaOff-ত টেগ কৰিব।
বিশাল পৰিসৰত আয়োজন কৰা এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰাৰ বাবে দেশৰ নাগৰিকসকলক উত্সাহিত কৰিবলৈ শ্ৰী ৰিজিজুয়ে কৰা এক ‘টুইট’ত উল্লেখ কৰে, “নিজকে সুস্থ-সবল কৰি ৰখাৰ লগতে কাৰ্বন বিসৰ্জনৰ হাৰ অৱনমিত কৰাৰ বাবে চাইক্লিং নিতান্তই এক উত্তম পন্থা। মই আপোনালোক সকলোকে আপোনালোকৰ পৰিয়াল-বন্ধুবৰ্গৰ সৈতে ডিচেম্বৰ মাহৰ ৭ ৰ পৰা ৩১ তাৰিখলৈকে চলিবলগীয়া ‘ফিট ইণ্ডিয়া চাইক্লথন’ৰ দ্বিতীয় তাঙৰণত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাব খুজিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জীয়ে জনোৱা PM @NarendraModi Ji 'Fitness Ka Dose Aadha Ghanta Roz' #NewIndiaFitIndia #FitIndiaMovement আহ্বানৰ প্ৰতি সকলোৱে সঁহাৰি জনাও আহকচোন”।
গোৱাৰ পাণাজীত জানুৱাৰী ২০২০ত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ‘ফিট ইণ্ডিয়া চাইক্লথন’ৰ শুভাৰম্ভণী ঘোষণা কৰিছিল। জনসাধাৰণক ঘৰৰ পৰা বাহিৰলৈ ওলাই কাম-কাজ কৰাৰ লগতে দেশত ‘চাইক্লিঙ’ৰ এক সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্য আগত লৈয়ে এই কাৰ্যক্ৰমৰ আয়োজন কৰা হৈছিল। এই তাঙৰণত সমগ্ৰ দেশৰ ৩৫ লাখ চাইক্লিষ্টে অংশগ্ৰহণ কৰিছিল।
*******
NB/OA/KB
(Release ID: 1682310)
Visitor Counter : 254
Read this release in:
Punjabi
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Tamil
,
Telugu
,
Kannada
,
Malayalam