প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘এছোচেম প্ৰতিস্থা সপ্তাহ ২০২০’-ৰ কৰ্যক্ৰমত মূল ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

উদ্যোগী আৰু সম্পদ-নিৰ্মাতাৰ লগত আছে দেশ : প্ৰধানমন্ত্ৰী

‘ভাৰতত কিয়’ৰ পৰা ‘ভাৰতত কিয় নহ’ব’লৈ পৰিৱৰ্তিত হৈছে মানসিকতা

‘গৱেষণা আৰু উন্নয়ণ’ শিতানত অধিক বিনিয়োগৰ আহ্বান

Posted On: 19 DEC 2020 1:57PM by PIB Guwahati

এছোচেম প্ৰতিস্থা সপ্তাহ ২০২০ উপলক্ষে আয়োজিত কৰ্যক্ৰমত আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে মূল ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰতন টাটাক এছোচেম এণ্টাৰপ্ৰাইজ অব দ্যা চেঞ্চুৰী এৱাৰ্ড-ও প্ৰদান কৰে। প্ৰণিধানযোগ্য যে শ্ৰী ৰতন টাটাই টাটা গ্ৰুপৰ হৈ এই বঁটা গ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ নিৰ্মাণত দেশৰ বাণিজ্যিক-সম্প্ৰদায়ে আগবঢ়োৱা অনবদ্য অৱদানৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে সম্ভাৱনাৰ আকাশ স্পৰ্শ কৰিব পৰাকৈ এতিয়া দেশৰ উদ্যোগ খণ্ডক স্বাধীনতা প্ৰদান কৰা হৈছে আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ বাবে তেওঁ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। তেওঁ সমাগত বছৰবোৰত সকলোৱে নিজৰ সম্পূৰ্ণ সামৰ্থ্যৰে ভাৰতক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিব বুলি আশা প্ৰকাশ কৰে।

দেশৰ কোটি কোটি যুৱক-যুৱতীক সম্ভাৱনাৰ সুযোগ প্ৰদান কৰি উদ্যোগী আৰু সম্পদ-নিৰ্মাতাৰ লগত আজি দেশ আছে বুলি অভিমত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। চৰকাৰে এক পাৰদৰ্শী আৰু অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে। মহিলা আৰু যুৱ প্ৰতিভাৰ অধিক অন্তৰ্ভুক্তি, যথা সম্ভৱ তত্পৰতাৰেই পৃথিৱীৰ উত্তম অনুশীলনীসমূহ গ্ৰহণ কৰা, ৰ্পোৰেট গৱাৰ্নেন্স আৰু লাভৰ অংশীদাৰিত্ব প্ৰদানৰ দৰে পদক্ষেপ গ্ৰহণৰে উদ্যোগ প্ৰতিষ্ঠানসমূহে আভ্যন্তৰীণ সংস্কাৰ সাধন কৰি ইয়াৰ সুফলসমূহ অন্তিম বিন্দু পৰ্যন্ত উপলব্ধ কৰাটো সুনিশ্চিত কৰিবলৈ তেওঁ উদ্যোগ খণ্ডৰ প্ৰতি আহ্বান জনায়।

মহামাৰীৰ সংকটৰ সময়ত যেতিয়া সমগ্ৰ পৃথিৱীয়েই বিনিয়োগৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল সেই মুহূৰ্ততো কিন্তু ভাৰতলৈ এফডিআই আৰু পিএফআই আহিছে অভিলেখ পৰিমাণে, কাৰণ পৃথিৱীয়ে আজি ভাৰতীয় অৰ্থনীতিক বিশ্বাস কৰিবলৈ লৈছে। তেওঁ পৃথিৱীয়ে বিশ্বাস বঢ়োৱাৰ দৰেই ঘৰুৱা বিনিয়োগ বৃদ্ধি কৰাৰ বাবে উদ্যোগ খণ্ডক পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

তেওঁ আমেৰিকাত যি মুহূৰ্তত গৱেষণা আৰু উন্নয়ণ শিতানত হোৱা ৭০শতাংশ বিনিয়োগেই ব্যক্তিগত খণ্ডৰ তাৰ তুলনাত ভাৰতীয় উদ্যোগ খণ্ডই এই শিতানত কৰা বিনিয়োগ তেনেই পুতৌজনক বুলি আক্ষেপ প্ৰকাশ কৰে। তেওঁ ভাৰতীয় উদ্যোগখণ্ডক গৱেষণা আৰু উন্নয়ণ শিতানত বিশেষকৈ কৃষি, প্ৰতিৰক্ষা, মহাকাশ, শক্তি, নিৰ্মাণ, ঔষধ প্ৰস্তুকৰণ তথা পৰিবহণৰ বাবে অধিক বিনিয়োগ কৰাৰ  আহ্বান জনায়। এই প্ৰসংগত তেওঁ প্ৰতিটো উদ্যোগ-প্ৰতিষ্ঠানেই গৱেষণা আৰু উন্নয়ণশিতানৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ পুঁজি আচুতীয়াকৈ ৰখা উচিত বুলিও মন্তব্য কৰে।

তেওঁ উদ্যোগ খণ্ডক সংঘবদ্ধ ৰূপত ৰাষ্ট্ৰ নিৰ্মাণত আত্মনিয়োগ কৰাৰ আহ্বান জনোৱাৰ লগতে প্ৰতিটো বৰ্ষত সম্পন্ন কৰিব পৰাকৈ লক্ষ্য নিৰ্দ্ধাৰণ কৰি সম্ভৱ কৰা প্ৰতিটো লক্ষ্যক পুনৰ বৃহত্ লক্ষ্যৰ সৈতে সংযুক্ত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ সপোন সাৰ্থক কৰাৰ গোঁহাৰি জনায়। অহা ২৭ বছৰত স্বাধীন ভাৰতে শতবৰ্ষ উদযাপন কৰাৰ সময়লৈ ভাৰতে নিজৰ গোলকীয় ভূমিকাকে নিৰূপিত নকৰিব, বৰঞ্চ ই ভাৰতীয়সকলৰ সপোন আৰু নিষ্ঠা উভয়ৰে পৰীক্ষণ কৰিব। পৃথিৱীক ভাৰতীয় উদ্যোগে সামৰ্থ্য, দায়বদ্ধতা আৰু সাহসৰ নমুনা প্ৰদৰ্শনৰ এয়াই সময় বুলি তেওঁ অভিমত ব্যক্ত কৰে। আত্মনিৰ্ভৰশীলতা আহৰণ কৰাই গুৰুত্বপূৰ্ণ নহয়, বৰং কিমান সোনকালে আমি এই লক্ষ্যত উপনীত হব পাৰিম সেয়াও গুৰুত্বপূৰ্ণ লক্ষ্য হোৱা উচিত বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

ইয়াৰ পূৰ্বে ভাৰতৰ সাফল্যক লৈ পৃথিৱীবাসীয়ে ইমান ইতিবাচক ধাৰণা প্ৰকট কৰা নাছিল বুলি অভিমত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। এই ইতিবাচকতাই ১৩০ কোটি ভাৰতীয়ৰ আত্মবিশ্বসক অভুতপূৰ্ব ভাবে উদ্বুদ্ধ কৰিছে বুলিও তেওঁ অনুভৱ প্ৰকাশ কৰে। এতিয়া ভাৰতে নতুন পথৰে অগ্ৰসৰ হৈছে, নতুন শক্তিৰে খোজ আগবঢ়াইছে। ভাৰতত সম্পাদিত সংস্কাৰে উদ্যোগ-খণ্ডক এনেকৈ উদ্বুদ্ধ কৰিছে যে এতিয়া বিনিয়াগৰ ক্ষেত্ৰত উদ্যোগ খণ্ডৰ মানসিকতা ভাৰতত কিয়-ৰ পৰা ভাৰতত কিয় নহলৈ পৰিৱৰ্তিত হৈছে বুলিও তেওঁ মন্তব্য কৰে।

নতুন ভাৰতে নিজৰ সামৰ্থ্য, নিজৰ সম্পদৰ ওপৰত ভৰসা কৰি আজি আত্মনিৰ্ভৰ ভাৰতৰ দিশে আগবাঢ়িব খুজিছে আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে উত্পাদনত গুৰুত্ব কৰিছে বুলি অভিমত ব্যক্ত কৰে। তেওঁ ভাৰতত উত্পাদনশীলতাক উত্সাহিত কৰাৰ বাবে সংস্কাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে বুলিও মন্তব্য কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ উপৰি পৃথিৱীকো সহায় কৰিব পৰাকৈ ভাৰতৰ সামৰ্থ্য আছে। আনকি কৰোনাৰ সংকট কালতো ভাৰতে পৃথিৱীৰ ফাৰ্মাচীৰ হোৱাৰ দৰে গুৰু দায়িত্ব পালন কৰি অত্যাৱশ্যকীয় ঔষধসমূহ পৃথিৱীৰ প্ৰান্তে প্ৰান্তে যোগান ধৰিবলৈ সক্ষম হৈছিল। এতিয়া, আনকি প্ৰতিষেধকৰ ক্ষেত্ৰতো ভাৰতে নিজৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰাৰ লগতে আন বহু দেশৰ প্ৰত্যাশাও পূৰণ কৰিব পাৰিব। প্ৰসংগক্ৰমে তেওঁ দেশৰ গ্ৰাম্যাঞ্চলৰ কাৰুশিল্পী-কাৰিকৰসকলে তেওঁলোকৰ কাৰিকৰী প্ৰতিভা প্ৰদৰ্শন কৰিব পৰাকৈ এক গোলকীয় মঞ্চ প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ এছোচেম-ৰ সদস্যসকলৰ প্ৰতি গোঁহাৰি জনায়। এনে প্ৰয়াসে গ্ৰাম্যাঞ্চল আৰু চহৰাঞ্চলৰ মাজত অব্যাহত থকা ব্যৱধান আঁতৰোৱাত সহায় কৰিব। তেওঁ আমাৰ দেশৰ জৈৱিক উত্পাদনসমূহৰ উন্নত বিপণন-উত্তৰণ, উন্নত আন্তঃগাঁথনি নি্ৰ্মাণৰ লগতে উন্নত বজাৰ নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰ, কৃষি-পথাৰৰে জড়িত সংগঠন আৰু উদ্যোগিক সংস্থাসমূহে যৌথভাবে কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, ইয়ে আমাৰ সমগ্ৰ গ্ৰামীণ অৰ্থনীতিকে নতুন শিখৰলৈ আগবঢ়াই নিব।  

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, ২১শতিকাৰ আৰম্ভণীতে অটলজীয়ে ঘাইপথৰে ভাৰতক সংযোজিত কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল। আজিৰ তাৰিখত দেশত ভৌতিক আৰু ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণত বিশেষ গুৰত্ব আৰোপ কৰা হৈছে। দেশৰ প্ৰতিখন গাঁৱক ব্ৰডবেণ্ডৰে সংযোজিত কৰাৰ কামত আমি ব্ৰতী হৈছো, যাতে গাঁৱৰ খেতিয়কসকলেও ডিজিটেল মাধ্যমেৰে গোলকীয় বজাৰ পৰ্যন্ত নিজৰ উপস্থিতি সাব্যস্ত কৰিবগৈ পাৰে। তেওঁ ৰাজহুৱা খণ্ডৰ বেংকৰ সবলীকৰণ, বণ্ড-বজাৰৰ সম্ভাৱনা বৃদ্ধিৰ প্ৰয়াসৰে উন্নত আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ স্বাৰ্থত পুঁজি আহৰণৰ সম্ভাৱনা থকা সকলো সুযোগৰে সদ্ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়। সেইদৰে, সাৰ্বভৌম সম্পদ পুঁজিসমূহৰ লগতে পেন্সন পূঁজিসমূহক কৰ মুক্ত কৰা হৈছে, আৰইআইটি আৰু আইএনভিটিসমূহৰ উত্তৰণ আৰু আন্তঃগাঁথনি সম্পৰ্কীয় সম্পদসমূহৰ মুদ্ৰাকৰণৰ দিহাও কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰিব পাৰে, অনুকূল বাতাবৰণ সৃষ্টি কৰিব পাৰে, প্ৰোত্সাহন ৰাশি আগবঢ়াব পাৰে, আৰু নীতি পৰিৱৰ্তিত কৰিব পাৰে। পিছে, এই সমুদায় সহযোগিতাক সাফল্যলৈ ৰূপান্তৰিত কৰিব পাৰে কেৱল উদ্যোগ-খণ্ডৰ সতীৰ্থ অংশীদাৰসকলেহে। আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাৰ্থক কৰাৰ বাবে দেশে ইতিমধ্যেই প্ৰয়োজনীয় বিধি-নিয়মৰ পৰিৱৰ্তন সাধন কৰাৰ বাবে মন বান্ধি লৈছেই, ইয়াৰ বাবে দেশ নিতান্তই প্ৰতিশ্ৰুতিবদ্ধ।

*****

DS/AK/KB



(Release ID: 1682128) Visitor Counter : 161