পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
ই২০ ইন্ধন ব্যৱহাৰৰ বাবে জনসাধাৰণৰ মতামত বিচাৰিছে পৰিবহন মন্ত্রালয়ে
प्रविष्टि तिथि:
18 DEC 2020 4:51PM by PIB Guwahati
পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ে ই২০ ইন্ধনৰ ব্যৱহাৰ সন্দৰ্ভত জনসাধাৰণৰ পৰা মতামত বিচাৰিছে। এই সন্দৰ্ভত ১১ ডিচেম্বৰ,২০২০ত জিএছআৰ ৭৫৭(ই) নম্বৰত খচৰা বিজ্ঞপ্তি প্রকাশ কৰা হৈছে। ই২০ ইন্ধন হৈছে গেছ’লিনৰ সৈতে ২০ শতাংশ ইথানলৰ মিশ্রণ। এই ইন্ধন যান-বাহনত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত কার্বনডাই অক্সাইড, হাইড্র’ কার্বন ইত্যাদিৰ নিঃসৰণ হ্ৰাস পাব। ইয়াৰ উপৰি বিদেশৰ পৰা তেল আমদানি হ্ৰাস পাব । ফলত বিদেশী মুদ্রাৰ সঞ্চয় হ’ব আৰু শক্তি খণ্ডত সুৰক্ষা বৃদ্ধি পাব।
যিসমূহ বাহনত এই ইন্ধন ব্যৱহাৰ কৰা যাব সেইসমূহ বাহনৰ প্রস্তুতকৰ্তা সংস্থাক সেই বিষয়টো স্পষ্টকৈ অৱগত কৰিব লাগিব। এই সংক্রান্তীয় এটা ষ্টিকাৰ বাহনৰ এনে স্থানত লগাব লাগিব যাতে সকলোৰে চকুত পৰে।
*********
RCJ/MS/jk/KG
(रिलीज़ आईडी: 1681925)
आगंतुक पटल : 315