প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্য প্ৰদেশত অনুষ্ঠিত কিষাণ সন্মিলন সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ভাষণত গুৰুত্ব পালে ‘এমএছপি’, ‘কনটেক্ট ফাৰ্মিং’-ৰ প্ৰসংগই, ভুৱা তথ্য- অপপ্ৰচাৰৰ বিৰুদ্ধে সঁকীয়নি

Posted On: 18 DEC 2020 5:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ কনফাৰেন্সিং মাধ্যমেৰে মধ্য প্ৰদেশত অনুষ্ঠিত কিষাণ সন্মিলন সম্বোধন কৰিলে। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ শীতলীকৃত ভঁড়ালকে ধৰি এলানি কৃষক-সেৱা আন্তঃগাঁথনিৰ আধাৰশিলাও স্থাপন কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, কৃষকসকলে যিমানেই কষ্ট নকৰক কিয়, যদি তেওঁলোকে উত্পাদন কৰা শাক-পাচলি, ফল-মূলকে ধৰি বিভিন্ন ফচল ভালকৈ সংৰক্ষিত কৰিব পৰাৰ ব্যৱস্থা নাথাকে, তেন্তে তেওঁলোকে যে বৃহত্ লোকচানৰ সন্মুখীন হবই, সেয়া নিতান্তই নিশ্চিত কথা। এনে প্ৰেক্ষাপটতে প্ৰধানমন্ত্ৰীয়ে দেশৰ বাণিজ্যিক পৰিমণ্ডলক আধুনিক ভঁড়াল নিৰ্মাণৰ লগতে, শীতলীকৃত ভাণ্ডাৰ, খাদ্য সংসাধন গোট স্থাপনত আন্তৰিকতাৰে অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। এই সহযোগিতাই কৃষকসমাজক উপকৃত কৰাৰ লগতে প্ৰকৃতাৰ্থত সামগ্ৰিকভাবে দেশকে উপকৃত কৰিব বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে পৃথিৱীৰ উন্নত দেশসমূহত উপলব্ধ হোৱা সকলো আধুনিক সা-সুবিধাই ভাৰতীয় কৃষকসমাজেও লাভ কৰাত গুৰুত্ব আৰোপ কৰি ইয়াৰ বাবে আৰু অধিক অপেক্ষাৰ কোনো অৱকাশ নাই বুলি মন্তব্য কৰে। দ্ৰুত গতিত পৰিৱৰ্তিত হোৱা গোলকীয় প্ৰেক্ষাপটত, সা-সুবিধা তথা আধুনিক পদ্ধতিৰ অভাৱত জুৰুলা ভাৰতীয় কৃষকৰ উপায়বিহীনতাত উদ্বিগ্ন হৈ থাকিবলগীয়া হোৱা অৱস্থাটোক কোনো পধ্যেই মানি লব পৰা নাযায় বুলি ইয়াৰ অনতি বিলম্ব পৰিৱ্ৰ্তন সাধানৰ পোষকতা কৰি প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যেই বহুখিনি দেৰি  হৈ গৈছে বুলি মন্তব্য কৰে।

কৃষি আইন সন্দৰ্ভত চলি থকা আলোচনাৰ প্ৰসংগ উথ্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি সংস্কাৰ প্ৰসংগত বিগত ২০-২২ ধৰি চৰ্চা-আলোচনা, দিহা-পৰামৰ্শৰ প্ৰক্ৰিয়া অব্যাহত আছিল আৰু এইকেইখন আইন নিশাটোৰ ভিতৰতে বলবত্ কৰা হোৱা নাই। দেশৰ কৃষক সমাজ, ক়ষক সংস্থা-সংগঠন, কৃষি বিশেষজ্ঞ, কৃষি অৰ্থনীতিবিদ, কৃষি বিজ্ঞানী, প্ৰগতিশীল কৃষক উদ্যোগীসকলে দীৰ্ঘদিন ধৰি কৃষিখণ্ডৰ উত্তৰণ সাধন কৰিব পৰাকৈ সংস্কাৰৰ দাবী কৰি আহিছিল। বিগত সময়ছোৱাত এইবোৰ সংস্কাৰৰ প্ৰসংগ দলীয় ইস্তাহাৰত স্থান দিয়া হৈছিল যদিও প্ৰকৃতাৰ্থত ইয়াৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰা হোৱা নাছিল। যি কৃষি সংস্কাৰক এতিয়া বাস্তৱায়িত কৰিব খোজা হৈছে সেয়া পূৰ্বতে কৰা আলোচনা-বিলেচনাতকৈ কেতিয়াও পৃথক নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে উদাহৰণ দাঙি ধৰি কয় যে আগৰ চৰকাৰে সুদীৰ্ঘ ৮ বছৰ ধৰি স্বামীনাথন সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী বাস্তৱায়িত কৰা নাছিল। আনকি কৃষকৰ আন্দোলনসমূহেও এইসকল লোকক তলাব পৰা নাছিল। এইসকল লোকে তেওঁলোকৰ চৰকাৰক কৃষকৰ বাবে অধিক সময় পাত নকৰাটো সুনিশ্চিত কৰিছিল বুলিহে তেওঁ কটাক্ষ কৰে। কৃষকসকলক লৈ ৰাজনীতি কৰাত লাগিছে বুলি তেওঁ বিৰোধী দলসমূহক কঠোৰ সমালোচনা কৰে। ইয়াৰ বিপৰীতে তেওঁৰ চৰকাৰে দেশৰ অন্নদাতা কৃষকসকলৰ প্ৰতি উত্সৰ্গিত মনোভাৱৰে সেৱা আগবঢ়োৱাৰ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, স্বামীনাথন সমিতিৰ পৰামৰ্শ ৰূপায়ণ কৰি এইখন চৰকাৰেহে কৃষকক খেতিৰ বাবদ হোৱা খৰছৰ ডেৰ গুণ হাৰত ন্যূনতম সমৰ্থন মূল্(এমএছপি) আগবঢ়াইছে।

ঋণ ৰেহাইৰ লাভ কেতিয়াও ক্ষুদ্ৰ খেতিয়কে আদায় কৰিবগৈ নোৱাৰে বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে বেংকলৈ গৈ নোপোৱা অথবা কৃষি ঋণ নোলোৱা কৃষকেনো বাৰু কেনেকৈ ঋণ মাফৰ সুবিধা গ্ৰহণ কৰিব পাৰিব! ইয়াৰ বিপৰীতে তেওঁ পিএম-কিষাণ আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে প্ৰায় ৭৫ হাজাৰকৈ টকা প্ৰত্যক্ষ ভাবে তেওঁলোকৰ বেংক একাউণ্টৰ মাধ্যমেৰ লাভ কৰিব বুলি তথ্য দাঙি ধৰে। ইয়াৰ বাবদ কোনো কমিছন, কোনো হীন-দেঢ়ি হোৱাৰো সম্ভাৱনা নাই। নিম-কোটিং ব্যৱস্থাৰে কেনেকৈ ইউৰিয়াৰ পৰ্যাপ্ততা নিশ্চিত কৰাৰ লগতে বিগত সময়ত অব্যাহত থকা দুনীৰ্তিকো নিপাত কৰা হল তাৰো ব্যাখ্যা দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে।

আগৰ চৰকাৰক সমালোচনা কৰা প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন উথ্থাপন কৰি কয় যে তেওঁলোকে যদি কৃষক কল্যাণক লৈ সচেষ্টই আছিল তেন্তে দেশত প্ৰায় ১০০টা জলসিঞ্চন প্ৰকল্প আধাখনীয়া হৈ দীৰ্ঘদিনে ওলমি থাকিবলৈ পাইছিল কেনেকৈ? এতিয়া তেওঁৰ চৰকাৰে বহু হাজাৰ কোটি টকা ব্যয় কৰি এইসমূহ প্ৰকল্প সম্পূৰ্ণ কৰাৰ বাবে অভিযানৰ ৰূপত পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁৰ চৰকাৰে দেশৰ প্ৰতিখন পথাৰলৈ পানীৰ যোগান নিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ উপৰি খেতিৰ লগতে কৃষকসকলৰ আয় বৃদ্ধি কৰিব পৰাকৈ মৌ-পালন, পশু পালন, মত্স্য পালন আদিকো উত্সাহিত কৰিব খোজা হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে নীল বিপ্লৱ আঁচনি, মত্স্য সম্পদা যোজনাৰ বিস্তৃত ভাবে উল্লেখ কৰে।

বৰ্তমানৰ চৰকাৰে সম্পাদন কৰিব খোজা কৃষি সংস্কাৰক লৈ সন্দিহান হোৱাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে যদি তেওঁৰ চৰকাৰে এমএছপি বাতিলেই কৰে তেন্তে স্বামীনাথন সমিতিৰ প্ৰতিবেদন ৰূপায়ণৰনো সিদ্ধান্ত গ্ৰহণ কৰিলে কিয়?

কৃষক ৰাইজক স্বস্তি প্ৰদান কৰিব বুলিয়ে শস্য সিঁচাৰ আগতেই এমএছপি ঘোষণা কৰা হৈছে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। কৰোনা সংকটৰ মাজতো এমএছপিৰ আধাৰত ফচল সংগ্ৰহৰ কাম স্বাভাৱিক ভাবেই অব্যাহত আছিল। এতিয়াৰ ৰূপতে ভৱিষ্যতেও এমএছপি অব্যাহত থাকিব বুলি প্ৰতিশ্ৰুতি দোহাৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

দেশত হোৱা মাহৰ নাটনিৰ স্মৃতি সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত দাইলৰ বাবে হাহাকাৰ অব্যাহত থকাৰ পিচতো বিগত সময়ছোৱাত বিদেশৰ পৰা দাইলৰ আমদানীৰ পৰম্পৰা চলিয়েই আছিল। ২০১৪ চনত তেওঁৰ চৰকাৰ আহিহে এই নীতিৰ পৰিৱৰ্তন সাধন কৰিলে আৰু দেশৰ খেতিয়কৰ পৰা এমএছপিৰ হাৰত ১১২ লাখ মেট্ৰিক টন মাহ ক্ৰয় কৰিছিল। ২০১৪ চনৰ আগৰ পাঁচোটা বছৰত বিগত চৰকাৰে সংগ্ৰহ কৰা ১.৫ লাখ মেট্ৰিক টন মাহৰ বিপৰীতে বস্তুতঃ এয়া এক অভিলেখেই আছিল।

নতুন আইনে কৃষকক মণ্ডিৰ বাহিৰত কৃষি উত্পাদিত সামগ্ৰী বিক্ৰীৰ স্বাধীনতা প্ৰদান কৰিলে বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰীয়ে। কৃষকে যতেই অধিক দাম পাব তাতেই বিক্ৰীৰ সুযোগ লব পাৰিব। নতুন আইন বলবত কৰাৰ  পিচতো এখনো মণ্ডি বন্ধ কৰা নহব বুলিও তেওঁ স্পষ্ট কৰি দি কয় যে এপিএমচিসমূহৰ আধুনিকীকৰণৰ বাবে চৰকাৰে ৫০০ কোটিৰো অধিক টকা ব্যয় কৰিছে।

ইমানখিনি কৰাৰ পিচতো কৃষকৰ মনত থকা খোকোজা আঁতৰোৱাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু আছে। এই সংক্ৰান্তত আলোচনাৰ বাবে চৰকাৰ সদায়ে প্ৰস্তুত বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে ২৫ ডিচেম্বৰত অটল জীৰ জন্মদিৱসৰ দিনা তেওঁ এই বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰিব বুলিও জানিবলৈ দিয়ে। সেইদিনাই পিএম-কিষাণ সন্মান নিধিৰ আন এটা কিস্তিও দেশৰ বহু কোটি কৃষকৰ বেংক একাউণ্টলৈ মোকলাই দিয়া হব বুলি তেওঁ তথ্য সদৰী কৰে।

*****

DS/AK/KB



(Release ID: 1681919) Visitor Counter : 173