তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আমাৰ এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং আৰু ক’মিক(এভিজিচি) বিশেষজ্ঞসকলে ভাৰতীয় চলচ্চিত্ৰৰ হৈ কাম কৰাৰ সময় আহি পৰিছেঃ শ্ৰী জাভেড়কাৰ
‘ভাৰতে ২০২১ত গোলকীয় সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ সন্মিলন আয়োজন কৰিব’
আইআইটি ব’ম্বেৰ সহযোগত এভিজিচিৰ বাবে শীঘ্ৰে এক চেণ্টাৰ অৱ এক্সিলেন্স গঠন কৰা হ’ব
प्रविष्टि तिथि:
16 DEC 2020 1:41PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেড়কাৰে আজি চিআইআই বিগ পিকচাৰ সন্মিলন সম্বোধন কৰে। তেওঁ এই সন্মিলন আয়োজনৰ বাবে চিআইআই-ক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, “আমি এনেকুৱা এখন দেশ, য’ত যোগাযোগ প্ৰযুক্তি অদ্ভুতৰ উত্থান ঘটিছে। ই বিনোদন আৰু মিডিয়া উদ্যোগৰ ব্যাপক সুযোগক প্ৰতিফলিত কৰে।” মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং আৰু ক’মিক(এভিজিচি)হ’ল এক উদীয়মান খণ্ড আৰু আমাৰ বিশেষজ্ঞসকলে বিশ্বৰ আগশাৰীৰ ছবি নিৰ্মাতাসকলক প্ৰত্যক্ষ সহযোগিতা আগবঢ়াই আছে।”তেওঁ কয় যে এই পেছাদাৰীসকলে আমাৰ নিজৰ ছবি উদ্যোগৰ বাবে কাম কৰাৰ সময় আহি পৰিছে, যাতে ভাৰতীয় ছবি জগতত এনিমেচন আৰু গ্ৰাফিকছ ব্যৱহাৰ বৃদ্ধি পায়।
শ্ৰী জাভেড়াকাৰে ঘোষণা কৰে যে চৰকাৰে আইআইটি, ব’ম্বেৰ সহযোগত শীঘ্ৰে এক চেণ্টাৰ অৱ এক্সিলেন্স গঠন কৰিব, য’ত এভিজিচিৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব। কেন্দ্ৰটোৱে এই খণ্ডত উদ্যমিতা বিকাশ আৰু ষ্টাৰ্ট-আপক উদগণি যোগোৱাৰ পদক্ষেপ হাতত ল’ব।
মন্ত্ৰীগৰাকীয়ে জানুৱাৰী,২০২১ত গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫১সংখ্যক আইএফএফআইত অংশগ্ৰহণ কৰিবলৈ উপস্থিত ব্যক্তিসকলক আমন্ত্ৰণ জনায়। তেওঁ ঘোষণা কৰে যে ভাৰতে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ২০২২ চনত কাঁত এটা বিশেষ পেভিলিয়ন স্থাপন কৰিব। শ্ৰী জাভেড়াকাৰে লগতে ঘোষণা কৰে যে ভাৰতে অহা বছৰ গোলকীয় মিডিয়া আৰু চলচ্চিত্ৰ সন্মিলন আয়োজন কৰিব।
পটভূমিঃ
বিগ পিকচাৰ সন্মিলন হ’ল এক ধ্বজাবাহীসন্মিলন আৰু মিডিয়া আৰু বিনোদন উদ্যোগৰ নেতৃত্ব প্ৰদান কৰা মঞ্চ।মিডিয়া আৰু বিনোদন উদ্যোগৰ সকলো অংশীদাৰক এই সন্মিলনে একেখন মঞ্চত একগোট কৰায়।চিআইআই-এ ১৬-১৮ ডিচেম্বৰত বিগ পিকচাৰ সন্মিলনৰ আয়োজন কৰিছে।
(रिलीज़ आईडी: 1681354)
आगंतुक पटल : 267
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada