প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘জলবায়ু আকংক্ষা শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ বাৰ্তা

Posted On: 12 DEC 2020 9:21PM by PIB Guwahati

মহামহিমসকল,

এইখন শীৰ্ষ সন্মিলন জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আমি আৰম্ভ কৰা যুঁজখনত গ্ৰহণ কৰা আটাইতকৈ বৃহত্ পদক্ষেপ পেৰিছ বুজাবুজিৰ পঞ্চম বাৰ্ষিকী উদযাপন উপলক্ষেই অনুষ্ঠিত কৰা হৈছে। আজিৰ তাৰিখত আমি আমাৰ লক্ষ্যৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰিব বিচাৰিছো যদিও আমি অতীতত গ্ৰহণ কৰা দৃষ্টিভংগীৰ কথা পাহৰিলে নহব। আমি কেৱল আকাংক্ষাৰ পুনৰীক্ষণ কৰিলেই নহব, বৰঞ্চ ইতিমধ্যে নিৰ্দ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে আমি কিমানখিনি আগবাঢ়িব পাৰিছো তাৰো পৰ্যালোচনা কৰিব লাগিব। তেতিয়াহে আমাৰ কথা ভৱিষ্যত প্ৰজন্মৰ বাবে বিশ্বাসযোগ্য হব।

মহামহিমসমকল,

মই বিনয়ৰে কব খুজিছো যে ভাৰতে পেৰিছ বুজাবুজিয়ে নিৰ্দ্ধাৰণ কৰি দিয়া লক্ষ্যত উপনীত হোৱাৰ বাবে কেৱল সঠিক পথেৰে আগবাঢ়াই নহয়, বৰং আশা কৰাতকৈয়ো আগতেই সেয়া অতিক্ৰমো কৰিছে। আমি ২০০৫ৰ হিচাপত কাৰ্বন বিসৰ্জনৰ তীব্ৰতা ২১% হাৰে হ্ৰাস কৰিছো। আমাৰ সৌৰ শক্তিৰ সামৰ্থ্য ২০১৪ চনৰ ২.৬৩ গিগাৱাটৰ পৰা ২০২০ চনত ৩৬ গিগাৱাটলৈ বৃদ্ধি পালে। নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত আমি চতুৰ্থ বৃহত্ সামৰ্থ্যৰ দেশ বুলি পৰিগণিত হৈছো।

২০২২ চনৰ আগতেই এই পৰিমাণ ১৭৫ গিগাৱাটলৈ বৃদ্ধি পাব। আমি আকৌ ইয়াতকৈয়ো এঢাপ আগলৈ গৈ ২০৩০ চনৰ ভিতৰত নৱীকৰণযোগ্য শক্তিৰ উত্পাদনী সামৰ্থ্য ৪৫০ গিগাৱাটলৈ বৃদ্ধি কৰাৰ বাবে অভিলাসী লক্ষ্য নিৰ্দ্ধাৰণ কৰিছো। তদুপৰি আমি আমাৰ বনাঞ্চলৰ পৰিসৰ সম্প্ৰসাৰিত কৰাত সাফল্য লাভ কৰাৰ লগতে আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষিত কৰিবলৈও সক্ষম হৈছো। আৰু, বিশ্ব প্ৰেক্ষাপটত, ভাৰতে দুটা উদ্যোগৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। সেয়া হ:

  • আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা, আৰু
  • দুৰ্যোগ প্ৰশমণ সম্পৰ্কীয় আন্তঃগাঁথনিৰ বাবে মৰ্চা গঠন

মহামহিমসকল,

২০৪৭ চনত ভাৰতে এখন আধুনিক স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে ১০০বছৰ উদযাপন কৰিবএইটো গ্ৰহৰ মোৰ সকলো সহ আবাসীসকল, মই আজি এটা পবিত্ৰ সিদ্ধান্ত ঘোষণা কৰিব খুজিছোশতবৰ্ষী ভাৰতে নিজৰ লক্ষ্যতে কেৱল উপনীত নহব, বৰঞ্চ আপোনালোকৰ আশাসমূহকো অতিক্ৰম কৰি যাব।

ধন্যবাদ।

*****

 

DS/KB



(Release ID: 1680997) Visitor Counter : 189