বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

বিদেশী বিনিয়োগকাৰীক ভাৰতৰ উন্নয়ণগাঁথাৰ অংশীদাৰ হ’বলৈ আগবাঢ়ি অহাৰ আহ্বান শ্ৰী পীয়ুষ গোৱেলৰ

ক’লে : পৃথিৱীৰ ভিতৰতে আটাইতকৈ অধিক সুবিধা আগবঢ়োৱা ‘এফডিআই’ নীতি থকা অন্যতম দেশ হ’ল ভাৰত

Posted On: 15 DEC 2020 1:54PM by PIB Guwahati

বিদেশী বিনিয়োগকাৰীক উন্নয়ণগাঁথাৰ অংশীদাৰ হবলৈ ভাৰতলৈ আদৰণি জনাইছে ৰেল, বাণিজ্য তথা উদ্যোগ, গ্ৰাহক পৰিক্ৰমা আৰু খাদ্য তথা ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে চিআইআই-ৰ পাৰ্টনাৰশ্বিপ ছামিট-ৰ উদ্বোধনী অধিৱেশন সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সম্ভাৱনাৰে পূৰ্ণ এইখন দেশলৈ মুক্ত হস্তে, ৰঙা কাৰ্পেট পাৰি আদৰণি জনোৱাৰ লগতে তেওঁলোকলৈ অংশীদাৰিত্ব আৰু জড়িত হোৱাৰ জৰিয়তে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ভাষণ প্ৰসংগত মন্ত্ৰীজনে কয় যে, ভাৰতে গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে দেশৰ অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰসমূহ মুকলি কৰি দিয়াৰ লগতে বিভিন্ন বিনিয়োগকাৰী-অংশীদাৰৰ সৈতে কৌশলগত সম্পৰ্ক স্থাপনৰে ব্যৱসায় উত্সাহিত কৰা, ভৱিষ্যতৰ বাবে আমাৰ অৰ্থনৈতিক পৰিকল্পনাসমূহক শক্তিশালী কৰাৰ পদ্ধতিগত ভাবে প্ৰয়াস কৰিছে। ভাৰতলৈ বিদেশী প্ৰত্যক্ষ বিনিয়োগ(এফডিআই)ৰ পৰিমাণ নিৰবিচ্ছিন্ন ভাবে অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে। চলিত বৰ্ষৰ প্ৰথম ৯টা মাহ, অৰ্থাত কভিড-১৯ৰ চূড়ান্ত সংক্ৰমণৰ সময়ছোৱাতো, আমাৰ এফডিআই ভাণ্ডাৰৰ পৰিসৰ বাঢ়ি আছিল বুলি জানিবলৈ দিয়েইফালে, পৃথিৱীৰ ভিতৰতে আটাইতকৈ অধিক সুবিধা আগবঢ়োৱা এফডিআই নীতি থকা অন্যতম দেশ ভাৰত বুলিও তেওঁ অভিমত ব্যক্ত কৰে। চলিত বৰ্ষৰ এপ্ৰিল-ৰ পৰা ছেপ্টেম্বৰ মাহৰ মাজৰ সময়ছোৱাত দেশলৈ অহা এফডিআই-ৰ পৰিমাণ ৪০ বিলিয়ন মাৰ্কিন ডলাৰ আছিল বুলি তথ্য দাঙি ধৰা মন্ত্ৰীগৰাকীয়ে এই পৰিমাণ যোৱাটো বৰ্ষৰ এই একেছোৱা সময়ত অহা এফডিআই-তকৈ ১৩%ৰে অধিক আছিল বুলি তথ্য দাঙি ধৰে। ভাৰতত ব্যৱসায় কৰাৰ বাবদ আদায় দিবলগীয়া ২২% কৰ আৰু ২০১৯চনৰ পৰৱৰ্তি সময়ত নতুনকৈ স্থাপন কৰা উত্পাদনী প্ৰকল্প স্থাপন কৰাৰ বাবদ ধায্য কৰা ১৫% কৰৰ পৰিমাণো পৃথিৱীৰ ভিতৰতে আটাইতকৈ আকৰ্ষনীয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

ভাৰতলৈ উদ্যোগসমূহক আকৰ্ষিত কৰাৰ লক্ষ্যৰে উত্পাদন-সংযোজিত উত্সাহ প্ৰদান আঁচনিকে ধৰি বহুকেইখন আঁচনি ৰূপায়ণৰো ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ্ কৰে শ্ৰী গোৱেলে। আমাৰ সকলো মন্ত্ৰালয়তে বিনিয়োগ উত্তৰণ কোষ আছে। আনকি মহামাৰীৰ পূৰ্বেও ভাৰতলৈ বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে একত্ৰিত হৈ বহুবোৰ সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছিল। মহামাৰীৰ পৰৱৰ্তি পৰিস্থিতিতো আমাৰ ভি-শ্বেপড্ ৰিকভাৰীৰ ক্ষেত্ৰত বিস্তৃত পৰিসৰৰ গোলকীয় সহযোগিতা সম্ভৱ কৰি তুলিব পৰাকৈ ভাৰতে উপযুক্ত সংস্কাৰ আৰু সা-সুবিধা আগবঢ়াব পৰাকৈ এলানি পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ জনসাধাৰণৰ বাবে সজ্জিত কৰা বিকাশ, প্ৰগতি আৰু সমৃদ্ধিৰ যানখনৰ আৰোহী হোৱাৰ বাবে মই আপোনালোকক আমন্ত্ৰণ জনাইছো

শীৰ্ষ সন্মিলনখনে সাৰোগত কৰা মূল বিষয়বস্তু--‘জীৱন, জীৱিকা তথা প্ৰগতিৰ বাবে অংশীদাৰিত্বৰ প্ৰসংগত অভিমত ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মিলনে আমাৰ অৰ্থনীতিক প্ৰগতিৰ পথলৈ ওভতাই আনি নতুন সম্ভাৱনাৰ দিশে আগবাঢ়ি যোৱাৰ বাবে যৌথ প্ৰয়াস চলোৱাৰ ক্ষেত্ৰত আমাৰ সকলোকে সহায় কৰিব। তেওঁ কয়, ধাৰাবাহিক ভাবে উচ্চ হাৰত প্ৰগতি কৰাই আমাৰ কেৱল লক্ষ্য, নহয় বৰঞ্চ ২০২৫ চনৰ ভিতৰত ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি গঢ়ি তুলিবও আমি বিচাৰিছো

*****

YB/AP/KB



(Release ID: 1680976) Visitor Counter : 142