সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

ভাৰতত ক’ৰোনা মহামাৰীৰ সময়ত চুটি ছবিয়ে সজাগতা সৃষ্টি আৰু শক্তিশালী বাৰ্তা বহনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছেঃ মুখটাৰ আব্বাছ নকভী

মুখটাৰ আব্বাছ নকভীয়ে নতুন দিল্লীত ‘আন্তঃৰাষ্ট্ৰীয় ক’ৰোনা ভাইৰাছ চুটি ছবি মহোৎসৱ’ত ভাষণ আগবঢ়ায়

Posted On: 14 DEC 2020 2:55PM by PIB Guwahati

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মুখটাৰ আব্বাছ নকভীয়ে কয় যে চৰকাৰ, সমাজ, চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমে কৰোনা মহামাৰীৰ সময়ছোৱাত সাহস, সংকল্প আৰু সতৰ্কতাৰে এক প্ৰশংসনীয় ভূমিকা পালন কৰিছে।  সংকটৰ সময়ত চুটি ছবিসমূহে সজাগতা সৃষ্টি আৰু শক্তিশালী বাৰ্তা বহন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

নতুন দিল্লীৰ এনডিএমচি সন্মিলন কেন্দ্ৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কৰোনা ভাইৰাছ চুটি ছবি মহোৎসৱত ভাষণ আগবঢ়াই শ্ৰী নকভীয়ে কয় যে কৰোনা মহামাৰীৰ প্ৰত্যাহ্বানজনক সময়ত জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ ক্ষেত্ৰত চুটি ছবিসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰতাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেড়কাৰ, প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, বিভিন্ন দেশৰ কূটনীতিবিদ, সাংবাদিক, বুদ্ধিজীৱি আৰু আন গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। ১০৮খন দেশৰ প্ৰায় ২৮০০খন চুটি ছবি এই মহোৎসৱত প্ৰদৰ্শিত হয়। মহামাৰীৰ সময়ত স্বাস্থ্য সজাগতা, সুৰক্ষাজনিত ব্যৱস্থা আৰু জীৱনশৈলীৰ আধাৰত এই চুটি ছবিসমূহ নিৰ্মাণ কৰা হৈছে।

শ্ৰী নকভীয়ে কয় যে কৰোনা মহামাৰীৰ বাবে ছবিৰ শ্বুটিং দীঘলীয়া সময়ৰ বাবে বন্ধ হৈ পৰে। এই সংকটৰ সময়ত চুটি ছবিয়ে জনসাধাৰণক আমোদ দিয়াৰ লগতে সজাগতা সৃষ্টি কৰিব পাৰিছে। কৰোনা মহামাৰীৰ সময়ছোৱাত বিভিন্ন নিউজ চেনেল, বিনোদনধৰ্মী চেনেল, স্পৰ্টছ অথবা বিজনেছ চেনেল-সকলোৱে জনসাধাৰণৰ মাজত সজাগত সৃষ্টিত এক প্ৰশংসনীয় ভূমিকা পালন কৰিছে।

 

আন্তঃৰাষ্ট্ৰীয় কৰোনা ভাইৰাছ চুটি ছবি মহোৎসৱ ভাষণ আগবঢ়াই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেড়কাৰে কয় যে কৰোনা ভাইৰাছৰ আধাৰত নিৰ্মিত চুটি ছবিক লৈ এক ছবি মহোৎসৱআয়োজনৰ ধাৰণাটো অতি সুন্দৰ। তেওঁ কয় যে মহোৎসৱত একেটা বিষয়ৰ ওপৰত ১০৮খন দেশৰ ২,৮০০খন চুটি ছবিৰ অংশগ্ৰহণে মানুহৰ বিস্ময়কৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে মহোৎসৱৰ আয়োজকক অভিনন্দন জ্ঞাপন কৰে।

*****

NB/KGS/MS


(Release ID: 1680711) Visitor Counter : 204