বিত্ত মন্ত্ৰালয়

২৭ ৰাজ্যই লাভ কৰিছে “মূলধন ব্যয়ৰ অৰ্থে ৰাজ্যসমূহলৈ বিশেষ সাহাৰ্য্যৰ বাবে আঁচনি”ৰ সুবিধা

৯,৮৭৯.৬১ কোটি টকা মূল্যৰ মূলধন ব্যয় প্ৰকল্পত অনুমোদন

প্ৰথম কিস্তি হিচাপে ৪,৯৩৯.৮১ কোটি টকা মুকলি

Posted On: 12 DEC 2020 9:08AM by PIB Guwahati

তামিল নাডুৰ বাহিৰে সকলো ৰাজ্যই নতুনকৈ ঘোষণা কৰা আঁচনি মূলধন ব্যয়ৰ অৰ্থে ৰাজ্যসমূহলৈ বিশেষ সাহাৰ্য্যৰ সুবিধা। আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অংশ হিচাপে ১২ অক্টোবৰ, ২০২০ত বিত্তমন্ত্ৰীয়ে এই আঁচনি ঘোষণা কৰিছিল।

এই আঁচনিৰ লক্ষ্য হৈছে এই বছৰত ক’ভিড ১৯ মহামাৰীৰপৰা উদ্ভৱ হোৱা কৰ ৰাজহৰ ঘাটিৰ পৰিপ্ৰেক্ষিতত জটিল আৰ্থিক বাতাবৰণৰ মুখামুখি হোৱা ৰাজ্য চৰকাৰসমূহৰদ্বাৰা মূলধন ব্যয়ৰ বৰ্ধন ঘটোৱা। মূলধন ব্যয়ৰ আছে অধিক প্ৰভাৱ, যিয়ে অৰ্থনীতিৰ ভৱিষ্যপাদনশীলতা ক্ষমতাৰ বৰ্ধন ঘটাই আৰু ইয়াৰ ফলশ্ৰুতিত অৰ্থনৈতিক বিকাশৰ হাৰ অধিক হৈ পৰে। সেয়েহে, কেন্দ্ৰীয় চৰকাৰখনৰ বিৰূপ আৰ্থিক স্থিতি সত্বেও, ২০২০-২১ বিত্তীয় বৰ্ষত মূলধন ব্যয়ৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহলৈ বিশেষ সাহাৰ্য্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই আঁচনিয়ে ৰাজ্য চৰকাৰসমূহৰপৰা বিশেষ সমাদৰ লাভ কৰে। এতিয়ালৈকে বিত্ত মন্ত্ৰালয়ে ২৭ ৰাজ্যৰ ৯,৮৭৯.৬১ কোটি টকাৰ মূলধন ব্যয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই আঁচনিখনৰ অধীনত ৰাজ্যসমূহলৈ ইতিমধ্যে ৪,৯৩৯.৮১ কোটি টকা মুকলি কৰি দিয়া হয়। ৰাজ্য-ভিত্তিক আবন্টন, অনুমোদন প্ৰদান আৰু পুঁজি মুকলি সংলগ্ন।

এই মূলধন ব্যয় প্ৰকল্পসমূহ অৰ্থনীতিৰ ভিন্ন খণ্ডত অনুমোদন জনোৱা হৈছে যথাঃ স্বাস্থ্য, গ্ৰাম্য উন্নয়ন, পানী যোগান, জলসিঞ্চন, শক্তি, পৰিবহণ, শিক্ষা, নগৰ উন্নয়ন।

এই আঁচনিৰ অংশ তিনিটা। আঁচনিখনৰ ১ম অংশ সামৰি লৈছে উত্তৰ-পূৰ্বাঞ্চলক। এই অংশৰ অধীনত, উত্তৰ-পূবৰ ৭ ৰাজ্য (অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা) লৈ ২০০ কোটি টকা আবন্টন দিয়া হয়। জনসংখ্যা অধিক আৰু ভৌগলিক অঞ্চলৰ বিশালতাৰ পৰিপ্ৰেক্ষিতত, এই আঁচনিৰ অধীনত অসমলৈ ৪৫০ কোটি টকা আবন্টন দিয়া হয়।

এই আঁচনিৰ ২য় অংশ হৈছে, ১ম অংশত অন্তৰ্ভুক্ত নোহোৱা বাকী সকলোবোৰ ৰাজ্যৰ বাবে। এই অংশৰ বাবে ৭,৫০০ কোটি টকা ধাৰ্য্য় কৰা হয়। এই ধনৰাশি ২০২০-২১ বৰ্ষৰ বাবে ১৫ সংখ্যক বিত্ত আয়োগৰ অন্তর্বর্তীকালীন পুৰস্কাৰ হিচাপে কেন্দ্ৰীয় কৰলৈ সংশ্লিষ্ট ৰাজ্যসমূহৰ শ্বেয়াৰৰ সমানুপাতত আবন্টন দিয়া যায়।

এই আঁচনিৰ ৩য় অংশ ৰ লক্ষ্য হৈছে ৰাজ্যসমূহত ভিন্ন জন-কেন্দ্ৰিক সংস্কাৰ সাধন কৰা। এই অংশৰ অধীনত, ২০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই ধন সেইসমূহ ৰাজ্যৰ বাবেহে উপলব্ধ যিসমূহ ৰাজ্যই সংস্কাৰ সংযোগী অতিৰিক্ত ঋণ অনুমতি সন্দৰ্ভত ১৭ মে’, ২০২০ত বিত্ত মন্ত্ৰালয়ৰ পত্ৰত উল্লেখ কৰা অনুসৰি ৪ সংস্কাৰৰ অতি কমেও ৩ টাত অগ্ৰগতি লাভ কৰিছে, সেইসমূহ ৰাজ্যই। এই ৪ সংস্কাৰ হৈছে – ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড, ইজ অৱ ডুয়িং বিজনেছ সংস্কাৰ, নগৰীয়া স্থানীয় নিকায় / উপযোগিতা সংস্কাৰ আৰু শক্তি খণ্ডৰ সংস্কাৰ।

মূলধন ব্যয়ৰ অৰ্থে ৰাজ্যসমূহলৈ বিশেষ সাহাৰ্য্যৰ বাবে আঁচনি

(কোটি টকাত)

ক্ৰমিক নং

ৰাজ্য

আবন্টিত ধনৰ পৰিমাণ

অনুমোদিত ধনৰ পৰিমাণ

মুকলি কৰা ধনৰ পৰিমাণ

অন্ধ্ৰ প্ৰদেশ

৩৪৪.০০

৩৪৪.০০

১৭২.০০

অৰুণাচল প্ৰদেশ

২০০.০০

২০০.০০

১০০.০০

অসম

৪৫০.০০

৪৫০.০০

২২৫.০০

বিহাৰ

৮৪৩.০০

৮৪৩.০০

৪২১.৫০

চত্তীশগড়

২৮৬.০০

২৮৬.০০

১৪৩.০০

গোৱা

৩২.০০

৩২.০০

১৬.০০

গুজৰাট

২৮৫.০০

২৮৫.০০

১৪২.৫০

হাৰিয়ানা

৯১.০০

৯১.০০

৪৫.৫০

হিমাচল প্ৰদেশ

৪৫০.০০

৪৫০.০০

২২৫.০০

১০

ঝাড়খণ্ড

২৭৭.০০

২৭৭.০০

১৩৮.৫০

১১

কৰ্ণাটক

৩০৫.০০

৩০৫.০০

১৫২.৫০

১২

কেৰালা

১৬৩.০০

১৬৩.০০

৮১.৫০

১৩

মধ্য প্ৰদেশ

৬৬০.০০

৬৬০.০০

৩৩০.০০

১৪

মহাৰাষ্ট্ৰ

৫১৪.০০

৫১৪.০০

২৫৭.০০

১৫

মণিপুৰ

২০০.০০

২০০.০০

১০০.০০

১৬

মেঘালয়

২০০.০০

২০০.০০

১০০.০০

১৭

মিজোৰাম

২০০.০০

২০০.০০

১০০.০০

১৮

নাগালেণ্ড

২০০.০০

২০০.০০

১০০.০০

১৯

উৰিষ্যা

৩৮৮.০০

৩৮৮.০০

১৯৪.০০

২০

পঞ্জাৱ

১৫০.০০

১৪৬.৫০

৭৩.২৫

২১

ৰাজস্থান

৫০১.০০

৫০১.০০

২৫০.৫০

২২

ছিকিম

২০০.০০

২০০.০০

১০০.০০

২৩

তামিল নাডু

৩৫১.০০

0.00

0.00

২৪

তেলেংগানা

১৭৯.০০

১৭৯.০০

৮৯.৫০

২৫

ত্ৰিপুৰা

২০০.০০

২০০.০০

১০০.০০

২৬

উত্তৰ প্ৰদেশ

১৫০১.০০

১৫০১.০০

৭৫০.৫০

২৭

উত্তৰাখণ্ড

৪৫০.০০

৪৩৪.১১

২১৭.০৬

২৮

পশ্চিম বংগ

৬৩০.০০

৬৩০.০০

৩১৫.০০

 

মুঠ

১০২৫০.০০

৯৮৭৯.৬১

৪৯৩৯.৮১

 

 

********************

RM/KMN/SB



(Release ID: 1680344) Visitor Counter : 162