স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সক্ৰিয় ৰোগীৰ সংখ্যা অৱনমনৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতে, ৩.৬ লাখৰ তললৈ হ্ৰাস

দৈনিক আৰোগ্যৰ হাৰে নতুনকৈ আক্ৰান্তৰ সংখ্যা অতিক্ৰমণৰ ধাৰা ১৫দিনে অব্যাহত

শেহতীয়া ৭দিন ধৰি দৈনিক মৃত্যুৰ হাৰ ৫০০ৰ তলত

Posted On: 12 DEC 2020 12:26PM by PIB Guwahati

ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পোৱাৰ ধাৰা অব্যাহত আছে। আজিৰ তাৰিখত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৩.৬লাখ(৩,৫৯,৮১৯)লৈ অৱনমিত হৈছে।

নতুনকৈ আৰোগ্যৰ সংখ্যাই দৈনিক নতুন আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰাৰ ধাৰাই স্বাভাৱিকতেই চিকিত্সাধীন ৰোগীৰ হেঁচা কম কৰি ৰাখিছে। শেহতীয়া ২৪ ঘণ্টাত ৩৩,৪৯৪গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাত এই সংখ্যা ৩,৯৩০ৰে অৱনমিত হৈছে। ইফালে, মুঠ আক্ৰান্ত্ৰ বিপৰীতে মুঠ সক্ৰিয় ৰোগীৰ হাৰ মাত্ৰ ৩.৬৬% হৈছেহি।

WhatsApp Image 2020-12-12 at 10.05.34 AM.jpeg

দৈনিক আক্ৰান্তৰ গড় হাৰ অৱনমনৰ ধাৰা সবাতোকৈ শোচনীয় অৱস্থা হোৱা ছখন ৰাজ্যত অব্যাহত থকা পৰিলক্ষিত হৈছে।

যোৱা ১৫ দিন ধৰি একেৰাহে ভাৰতত নতুন ৰোগীৰ সংখ্যাতকৈ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা অধিক হোৱাৰ তথ্য নিশ্চিত হৈছে। যোৱা ২৪ ঘণ্টাত ৩০,০০৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৩,৪৯৪গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰি চিকিত্সালয় এৰাৰ অনুমতি লাভ কৰিছে।

WhatsApp Image 2020-12-12 at 10.03.04 AM.jpeg

শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৯৪.৮৯% হৈছেহি

আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা হৈছে ৯৩,২৪,৩২৮গৰাকী। ইফালে, আৰোগ্য আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধান বৃদ্ধিৰ হাৰ দিনে দিনে বাঢ়িয়েই আছে। আজিৰ তাৰিখত এই পৰিমাণ ৮৯,৬৪,৫০৯গৰাকী হৈছেহি।

ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৪.৪৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, সৰ্বাধিক ৪,৭৪৮গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই এই তালিকাত ২,৮৭৩ আৰু ২,৭৭৪গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰ

WhatsApp Image 2020-12-12 at 10.01.11 AM.jpeg

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৭৪.১৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৪,৬৪২গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৪,২৬৮ আৰু ২,৭৫৩গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগ

WhatsApp Image 2020-12-12 at 9.58.18 AM.jpeg

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৪৪২গৰাকী লোকে মৃত্যু সাৱটি লৈছে।

এইক্ষেত্ৰতো ৭৮.০৫% মৃতকেই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে দিল্লী আৰু পশ্চিম বংগত মৃত্যু হৈছে ক্ৰমে ৬০ আৰু ৫০গৰাকী লোকৰ।

WhatsApp Image 2020-12-12 at 9.59.33 AM.jpeg

শেহতীয়া বহুকেইটা দিনত মৃতকৰ সংখ্যা দ্ৰুতগতিত অৱনমিত হৈছে। যোৱা ৭টা দিনত দৈনিক মৃত্যুৰ সংখ্যাই ৫০০ৰ তলত অৱস্থান কৰিছেহি।

WhatsApp Image 2020-12-12 at 10.07.46 AM.jpeg

*******

MV/SJ/KB



(Release ID: 1680342) Visitor Counter : 108