কেবিনেট
স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত ভাৰত আৰু ছুৰিনামৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ কেবিনেটৰ অনুমোদন
Posted On:
09 DEC 2020 3:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত চৰকাৰৰ আৰু ছুৰিনামৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷
এই বুজাবুজি পত্ৰৰ ফলত ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ছুৰিনামৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত সহযোগিতা বৃদ্ধি পাব। স্বাস্থ্য ক্ষেত্রত যৌথ উদ্যোগত দুয়োখন দেশৰ প্রযুক্তিৰ উন্নয়ন ঘটিব। ইয়াৰ জৰিয়তে ভাৰত আৰু ছুৰিনামৰ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় হ’ব। জনস্বাস্থ্য ক্ষেত্রত বিশেষজ্ঞসকলৰ মতবিনিময়ৰ জৰিয়তে আত্মনির্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’ব পাৰিব৷ বিভিন্ন ক্ষেত্রত পাৰস্পৰিক গৱেষণাত উৎসাহ যোগোৱা হ’ব।
মুল বৈশিষ্ট্য হৈছেঃ
দুয়োখন দেশৰ চৰকাৰৰ মাজত সহযোগিতাৰ মূল ক্ষেত্রসমূহ হ’লঃ
১) চিকিৎসক, স্বাস্থ্য ক্ষেত্রত বিষয়া, স্বাস্থ্য বিশেষজ্ঞ আৰু স্বাস্থ্যকৰ্মীসকলৰ প্রশিক্ষণ আৰু বিনিময়
২) স্বাস্থ্য সেৱাৰ ব্যৱস্থাপনা গঢ়ি তুলিবলৈ মানৱ সম্পদ উন্নয়নত সহায় আগবঢ়োৱা
৩) স্বাস্থ্য ক্ষেত্রত মানৱ সম্পদৰ হস্ৰকালীন প্রশিক্ষণ
৪) ঔষধ প্ৰস্তুতকৰণ, চিকিৎসা সৰঞ্জাম আৰু প্রসাধন সামগ্রীৰ নিয়মাৱলীৰ বিষয়ে তথ্যৰ আদান-প্রদান
৫) ঔষধ নির্মাণ উদ্যোগৰ ব্যৱসা-বাণিজ্যৰ সুযোগ বৃদ্ধি
৬) গুৰুত্বপূর্ণ আৰু জেনেৰিক ঔষধ সংগ্রহ আৰু ঔষধৰ যোগানত সহায় আগবঢ়োৱা
৭) স্বাস্থ্য ক্ষেত্রত ব্যৱহৃত সৰঞ্জাম আৰু ঔষধ উদ্যোগৰ উৎপাদিত সামগ্রী সংগ্রহ কৰাৰ পদ্ধতি
৮) মাদকদ্ৰব্য জাতীয়া সামগ্ৰী নিয়ন্ত্রণ
৯) মানসিক স্বাস্থ্য সংক্রান্তীয় চিকিৎসাৰ বিভিন্ন প্ৰচেষ্টা গ্রহণ
১০) মানসিক অৱসাদ দ্রুত চিনাক্তকৰণ আৰু উপযুক্ত ব্যৱস্থা গ্রহণ
১১) ডিজিটেল পদ্ধতিত স্বাস্থ্য সেৱা আৰু টেলি মেডিচিন আৰু
১২) পাৰস্পৰিক আলোচনাৰ ভিত্তিত সহযোগিতাৰ বাবে যিকোনো ক্ষেত্র চিনাক্তকৰণ
*******
DS/DB
(Release ID: 1679576)
Visitor Counter : 269
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam