PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 09 DEC 2020 5:35PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

 

Image

Image

Image

Image

মুঠ ঘটনাৰ ৪% তকৈয়ো কমেৰে, ভাৰতৰ সক্ৰিয় কেছলড ৩.৭৮ লাখৰপৰা কমি গৈ আছে, দৈনিক পজিটিভিটি হাৰ হৈছে ৩.১৪%, ১৯ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাপ্তাহিক পজিটিভিটি হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক

ভাৰতৰ মুঠ সক্ৰিয় ঘটনা হ্ৰাসৰ ধাৰা অব্যাহত আছে। দেশখনৰ সক্ৰিয় কেছল’ডৰ পৰিমাণ হৈছে ৩,৭৮,৯০৯ টা। সক্ৰিয় ঘটনা মুঠ পজিটিভ ঘটনাৰ ৩.৮৯% হৈ পৰিছে। দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ ঘটনাৰ আধিক্যই মুঠ সক্ৰিয় কেছল’ড হ্ৰাস হোৱাটো নিশ্চিত কৰিছে। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় ঘটনাৰপৰা ৪,৯৫৭ টা ঘটনা হ্ৰাস পাইছে। যোৱা ২৪ ঘন্টাতো ভাৰতত দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ ঘটনা বৃদ্ধি হৈ থকাটো দৃশ্যমান হৈছে। যোৱা ২৪ ঘন্টাত ৩২,০৮০ জন লোকৰ দেহত পজিটিভ ধৰা পৰাৰ বিপৰীতে একে সময়তে ভাৰতত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩৬,৬৩৫। ভাৰতৰ মুঠ টেষ্টৰ পৰিমাণ প্ৰায় ১৫ কোটি (১৪,৯৮,৩৬,৭৬৭) হৈ পৰিছে। প্ৰতি দিনে এক নিযুতৰো অধিক টেষ্ট সম্পন্ন কৰাৰ অংগীকাৰৰ অংশ হিচাপে যোৱা ২৪ ঘন্টাত ১০,২২,৭১২ টা নমুনা পৰীক্ষা কৰা হয়। দেশখনৰ টেষ্টিং সামৰ্থ্য প্ৰতি দিনে ১৫ লাখলৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশখনত ২,২২০ লেবৰে ভাৰতৰ টেষ্টিং আন্তঃগাঁথনি বৰ্ধন কৰি তোলা হৈছে। দৈনিক গড়ে ১০ লাখৰো অধিক টেষ্ট সম্পন্নৰে মুঠ পজিটিভিটি হাৰ নিম্ন কৰি ৰখাটো নিশ্চিত কৰি তোলা হৈছে আৰু বৰ্তমানে ই হ্ৰাস হৈ গৈ আছে। আজি মুঠ ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ হৈছে ৬.৫০%। দৈনিক পজিটিভিটি হাৰ মাত্ৰ ৩.১৪%। অধিক পৰিমাণৰ টেষ্টিঙে পজিটিভিটি হাৰ হ্ৰাসত অৰিহণা যোগাইছে। ১৯ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাপ্তাহিক পজিটিভিটি হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক নিম্ন উল্লেখিত ৰাজ্যকেইখনত মুঠ টেষ্টিং বৃদ্ধি পাইছে।
২ কোটিৰো অধিকৰে উত্তৰ প্ৰদেশত মুঠ টেষ্টিং সৰ্বাধিক। বিহাৰ, তামিল নাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশ হৈছে ১ কোটিৰো অধিক মুঠ টেষ্ট সম্পন্ন ৰাজ্যসমূহৰ মাজৰ অন্যতম। আৰোগ্য লাভৰ হাৰ ৯৪.৬৬% লৈ বৃদ্ধি পাইছে। আজি মুঠ আৰোগ্য লাভৰ হাৰে ৯২ লাখ (৯২,১৫,৫৮১) অতিক্ৰম কৰিছে। নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৬.৩৭% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৬,৩৬৫ নতুন আৰোগ্য লাভৰ ঘটনাৰে মহাৰাষ্ট্ৰত এদিনত আৰোগ্য লাভৰ সংখ্যা সৰ্বাধিক। যোৱা ২৪ ঘন্টাত কেৰালাত ৪,৭৩৫ ৰোগীয়ে আৰোগ্য লাভ কৰাৰ সমান্তৰালভাৱে দিল্লীত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৩,৩০৭ টা। নতুন ঘটনাৰ ৭৫.১১% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৫,০৩২ টা নতুন ঘটনাৰে কেৰালাত দৈনিক নতুন ঘটনাৰ সংখ্যা সৰ্বাধিক হৈ আছে। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰৰ নতুন ঘটনাৰ পৰিমাণ হৈছে ৪,০২৬ টা। যোৱা ২৪ ঘন্টাত সংঘটিত মৃত্যুৰ ঘটনা হৈছে ৪০২ টা। নতুন মৃত্যুৰ ঘটনাৰ ৭৬.৩৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। দিল্লীত মৃত্যুৰ ঘটনাৰ সংখ্যা সৰ্বাধিক ৫৭ টা। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগৰ মৃত্যুৰ ঘটনা ক্ৰমে ৫৩ আৰু ৪৯ টা।

অধিক বিৱৰণৰ বাবেঃ

 

১০ ডিচেম্বৰ, ২০২০ত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

১০ ডিচেম্বৰ, ২০২০ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ সংসদ মাৰ্গত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব। এই নতুন ভৱনটি ‘আত্মনিৰ্ভৰ ভাৰত’ দৃষ্টিৰ এটি অবিচ্ছেদ্য অংগ হৈ পৰিব আৰু স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে জনতাৰ সংসদ নিৰ্মাণৰ লেণ্ডমাৰ্ক সুযোগ হ’ব। যিয়ে ২০২২ ত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত ‘নৱ্য ভাৰত’ৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা পূৰণ কৰিব। নতুন সংসদ ভৱনটো হ’ব আধুনিক, অত্যাধুনিক আৰু শক্তি সঞ্চয়ী। ত্ৰিকোণীয়া আকাৰৰ ভৱনটোত থাকিব উচ্চ পৰ্যায়ৰ নিৰাপত্তা। বৰ্তমানৰ সংসদৰ সমীপতে এই ভৱনটি নিৰ্মাণ কৰি উলিওৱা হ’ব। বৰ্তমানৰ আকাৰতকৈ লোকসভাৰ আকাৰ ৩ গুণ বৃদ্ধি পাব আৰু ঠিক সেইদৰে ৰাজ্য সভাৰ আকাৰো বৃদ্ধি পাব। নতুন ভৱনটিৰ অভ্যন্তৰত ভাৰতীয় সংস্কৃতি আৰু আমাৰ আঞ্চলিক কলা, শিল্প, বস্ত্ৰশিল্প আৰু স্থাপৰ্ত্যৰ বৰ্ণাঢ্য চানেকী থূপাই প্ৰদৰ্শন কৰা হ’ব।

অধিক বিৱৰণৰ বাবেঃ

 

স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত আৰু সুৰিনামৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটে স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত চৰকাৰ আৰু সুৰিনামৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে। এই দ্বিপাক্ষিক বুজাবুজিৰ চুক্তিখনিয়ে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু সুৰিনাম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত স্বাস্থ্য খণ্ডটোত যুটীয়া প্ৰচেষ্টা আৰু প্ৰযুক্তিৰ বিকাশ সাধনৰ জৰিয়তে সহযোগিতাক প্ৰোৎসাহিত কৰি তুলিব। ই ভাৰত আৰু সুৰিনামৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰি তুলিব। ই ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাত অভিজ্ঞতাৰ আদান-প্ৰদান আৰু ভিন্ন সংযোগী ক্ষেত্ৰত পাৰস্পৰিক গৱেষণাৰ প্ৰোৎসাহনৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িতকৰণত সহায় আগবঢ়াব।

অধিক বিৱৰণৰ বাবেঃ

 

সংস্কাৰ সংযোজিত ধাৰৰ অনুমতিয়ে ৰাজ্যসমূহক ভিন্ন নাগৰিক কেন্দ্ৰিক সংস্কাৰত সহায় আগবঢ়াইছে

বিত্তীয় সম্পদসমূহৰ সৰবৰাহত ক’ভিড-১৯ মহামাৰীটোৱে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ পৰিপ্ৰেক্ষিতত, ভাৰত চৰকাৰখনে বহু ব্যৱস্থাৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহক সবল কৰি তোলে। এই ব্যৱস্থাৰাজিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে ২০২০-২১ বৰ্ষটোত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP)ৰপৰা ২% অতিৰিক্ত ধাৰৰ অনুমতি প্ৰদান কৰাটো। এই ব্যৱস্থাই ৰাজ্যসমূহক মহামাৰীটোৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় আগবঢ়াই আৰু নাগৰিকলৈ মান সম্পন্ন সেৱা আগবঢ়োৱাতো প্ৰশস্ত কৰি তোলে। তথাপি, দীৰ্ঘ্য-ম্যাদী ধাৰ বহনক্ষমতা নিশ্চিত কৰি তুলিবলৈ আৰু ভৱিষ্যতে যিকোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰপৰা হাত সাৰিবলৈ, এই অতিৰিক্ত ধাৰৰ এটা অংশ ৰাজ্যসমূহে সাধন কৰা সংস্কাৰত সংযোজিত কৰা যায়। নাগৰিকক সেৱা প্ৰদান কৰিবলৈ সাধন কৰা সংস্কাৰসমূহত ইয়াক সংযোগ কৰা হয়। সংস্কাৰৰ বাবে চিনাক্ত কৰি উলিওৱা এটা খণ্ড হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থা। জিএছডিপিৰ ২% অতিৰিক্ত ধাৰ সীমাৰ, ০.২৫% “ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড চিষ্টেম” ৰূপায়ণত সংযোজিত কৰা যায়। ইয়াৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA) আৰু আন কল্যাণ আঁচনিসমূহৰ অধীনস্থ হিতাধিকাৰী বিশেষকৈ অভিবাসী শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই সমগ্ৰ দেশৰ যিকোনো সুলভ মূল্যৰ দোকান (FPS)ৰপৰা ৰেচন লাভ কৰাটো নিশ্চিত কৰি তোলা। সংস্কাৰসমূহৰ জৰিয়তে নিৰ্ধাৰণ কৰা আন-আন লক্ষ্যসমূহৰ ভিতৰত আঠে উত্তম টাৰ্গেট হিচাধিকাৰী, ভুৱা/নকল ৰেচন কাৰ্ডৰ বিলুপ্তসাধন আৰু কল্যাণ বৃদ্ধিৰে লীকেজ হ্ৰাস কৰা।

অধিক বিৱৰণৰ বাবেঃ

 

আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা (ABRY)ত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ অভিযান (ABRY) ত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আনুষ্ঠানিক ক্ষেত্ৰত নিয়োগ ত্বৰান্বিত হৈ পৰিব আৰু আত্মনিৰ্ভৰ ভাৰত পেকেজ ৩.০ ৰ অধীনত নতুন নিয়োগৰ সুযোগ সৃষ্টি প্ৰক্ৰিয়াটোৰ বৰ্ধন ঘটিব। কেবিনেটে চলিত বিত্তীয় বৰ্ষটোৰ বাবে ১,৫৮৪ কোটি টকা ব্যয়ত অনুমোদন জনাই আৰু ২০২০-২৩ সমগ্ৰ আঁচনি সময়সীমাত ব্যয়ৰ অৰ্থে ২২,৮১০ কোটি টকা ব্যয়ত অনুমোদন জনায়।

অধিক বিৱৰণৰ বাবেঃ

 

পেৰেন্টাৰ্ছ ইন পপুলেশ্যন এণ্ড ডেভলপমেন্ট (PPD)ৰ আন্তঃমন্ত্ৰী পৰিষদৰ বৈঠক ডিজিটেলী সম্বোধন কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

কালি পেৰেন্টাৰ্ছ ইন পপুলেশ্যন এণ্ড ডেভলপমেন্ট (PPD)ৰ আন্তঃমন্ত্ৰী পৰিষদৰ বৈঠক ডিজিটেলী সম্বোধন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে।

অধিক বিৱৰণৰ বাবেঃ

 

আইআইএছএফ, ২০২০ৰ কাৰ্টেইন ৰেইজাৰ কাৰ্যসূচী ভাৰ্চুৱেলী সম্বোধন কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

বিজ্ঞান ও প্ৰযুক্তি, আৰ্থ চায়েন্স আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কয় যে ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষৰ ইণ্ডিয়া ইন্টাৰনেশ্যনেল চায়েন্স ফেষ্টিভেল- ২০২০ ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত কৰা হৈছে যিয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে জড়িত সকলৰ উদ্দীপনাকে প্ৰতিফলিত কৰিছে। কালি লাডাখৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ ডিফেন্স ইনষ্টিটিউট অৱ হাই এলটিটিউড ৰিচাৰ্ছ (DIHAR) এ অনুষ্ঠিত কৰা আইআইএছএফ-২০২০ৰ কাৰ্টেইন ৰেইজাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে তেওঁ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উপস্থিতসকলক সম্বোধন কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ইন্টিগ্ৰেটিভ মেডিচিনৰ বিভাগ প্ৰতিষ্ঠাৰ অৰ্থে একেলগে কাম কৰাৰ সিদ্ধান্ত আয়ুস মন্ত্ৰালয় আৰু এইমছৰ

এইমছত ইন্টিগ্ৰেটিভ মেডিচিনৰ এটা বিভাগ প্ৰতিষ্ঠাৰ অৰ্থে আয়ুস মন্ত্ৰালয় আৰু এইমছে একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীৰ এইমছস্থিত চেন্টাৰ ফৰ ইন্টিগ্ৰেটিভ মেডিচিন এণ্ড ৰিচাৰ্ছ (CIMR) ত উপস্থিত হৈ আয়ুসৰ সচিব বৈদ্য ৰাজেশ কোটেছা আৰু এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গোলেৰিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে চিআইএমআৰে আয়ুস মন্ত্ৰালয়ৰ চেন্টাৰ অৱ এক্সেলেন্স আঁচনিৰ জৰিয়তে বিশেষ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। এই সিদ্ধান্ত গ্ৰহণ কাৰ্যসমূচীত চিআইএমআৰৰ মুৰব্বী ডাঃ গৌতম শৰ্মা আৰু আয়ুস মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া-বৰ্গ উপস্থিত থাকে। এই সময়ছোৱাতে যোগ আৰু আয়ুৰ্বেদ বিষয়ত চিআইএমআৰৰদ্বাৰা সম্পাদিত উন্নত গৱেষণা কাৰ্য পৰ্যালোচনা কৰা হয় আৰু গৱেষণাৰ ফলাফল প্ৰত্যক্ষ কৰি সকলো অভিভূত হৈ পৰে।

অধিক বিৱৰণৰ বাবেঃ

 

বিশ্বজুৰি যোগক প্ৰচাৰ কৰিবলৈ যুটীয়া প্ৰচেষ্টা গ্ৰহণ কৰিব আয়ুস মন্ত্ৰালয় আৰু আইচিচিআৰে

বিশ্বজুৰি যোগক প্ৰচাৰ কৰিবলৈ কালি নতুন দিল্লীত আয়ুস মন্ত্ৰালয় আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (ICCR) ৰ মাজত এখনি উচ্চ পৰ্যায়ৰ সহযোগিতাৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ইয়াত সমগ্ৰ বিশ্বৰ ভিন্ন ৰাষ্ট্ৰসমূহত যোগৰ প্ৰচাৰৰ অৰ্থে ইতিমধ্যে লক্ষ্য নিৰ্ধাৰণ কৰা যুটীয়া প্ৰচেষ্টাৰ বৰ্ধনৰ সংকল্প গ্ৰহণ কৰা যায়। এই পৰ্যালোচনা বৈঠকখনিত অংশগ্ৰহণ কৰে আইচিচিআৰৰ অধ্যক্ষ ডঃ বিনয় সহস্ৰবুদ্ধ আৰু আয়ুস মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেছাই। এই বৈঠকখনিতে তদুপৰি, বিশ্বখনত প্ৰামাণিক যোগক প্ৰচাৰৰ অৰ্থে যোগ চাৰ্টিফিকেশ্যন ব’ৰ্ড (YCB) ৰ চাৰ্টিফিকেশ্যন ফ্ৰেমৱৰ্কৰ ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অধিক বিৱৰণৰ বাবেঃ

 

কৰ্মচাৰীসকললৈ উন্নতৰ মেডিকেল সেৱা আগবঢ়াবলৈ বিশেষ নীতি গ্ৰহণ ইএছআইচি ৰ

কালি কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ESIC) ৰ ১৮৩ সংখ্যক সভা অনুষ্ঠিত হয়। ইয়াত পৌৰহিত্য কৰে শ্ৰম ও নিয়োগ দপ্তৰ (স্বতন্ত্ৰ দায়িত্ব) ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গংৱাৰে। এই বৈঠকত কৰ্মচাৰীসকললৈ আগবঢ়োৱা মেডিকেল সেৱা আৰু আন-আন সা সুবিধাৰ বৰ্ধনৰ অৰ্থে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অধিক বিৱৰণৰ বাবেঃ   

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • অসমঃ শেহতীয়াভাৱে অসমত ১৯,৯৫৫ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে ৯৪ টা ঘটনা চিনাক্ত কৰা হৈছে। ৰাজ্যখনত পজিটিভিটি হাৰ হৈছে ০.৪৭%। সমান্তৰালভাৱে, ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১০২। ইয়াত মুঠ ঘটনাৰ সংখ্যা হৈছেগৈ ২,১৪,০১৯ টা । ইয়াৰ ৯৭.৮৬% ই আৰোগ্য লাভ কৰিছে ও সক্ৰিয় ঘটনা হৈছে ইয়াৰ ১.৬৭%।
  • ছিকিমঃ ছিকিমত ১৩ টা নতুন ক’ভিড-১৯ ঘটনা চিনাক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ মুঠ ঘটনাৰ সংখ্যা ৫,২১৫ লৈ বৃদ্ধি হয়।
  • কেৰালাঃ কেৰালাত কাইলৈ দ্বিতীয় পৰ্যায়ৰ পৌৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ভোটাৰসকলকে প্ৰমুখ্য কৰি সকলো পক্ষকে ক’ভিড প্ৰতিকল মানি চলিবলৈ আহ্বান জনাইছে। কালি ৰাজ্যখনত ৫,০৩২ টা নতুন ক’ভিড ঘটনা চিনাক্ত হোৱাৰ বিপৰীতে ৪৭৩৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াত সাম্প্ৰতিক পজিটিভিটি হাৰ হৈছে ৮.৩১%।
  • তামিল নাডুঃ তামিল নাডুত মঙলবাৰে ১,২৩৬ টা নতুন ক’ভিড-১৯ ঘটনা চিনাক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ৭,৯২,৭৮৮ লৈ বৃদ্ধি পালে। একে সময়তে আৰু ১৩ জন ৰোগীৰ মৃত্যু হোৱাত মুঠ মৃত্যুৰ ঘটনাৰ সংখ্যা ১১,৮২২ লৈ বৃদ্ধি পায়। ৰাজ্যখনত নতুন ঘটনাতকৈ আৰোগ্য লাভৰ ঘটনাৰ আধিক্যৰ প্ৰৱণতা অব্যাহত আছে। মঙলবাৰে ইয়াত ১,৩৩০ জন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াত এতিয়ালৈকে ৭,৭০, ৩৭৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে।
  • কৰ্ণাটকঃ কৰ্ণাটক চৰকাৰে কৰ্ণাটক মহামাৰী দুৰ্যোগ আইন, ২০২০ৰ সংশোধনী ঘটাইছে। ইয়াৰ জৰিয়তে এই আইনৰ ভংগকাৰীসকলক শাস্তি বিহাৰ পথ প্ৰশস্ত হৈ পৰিল। কৰ্ণাটক ৰাজ্য চৰকাৰে তদুপৰি ক’ভিড টেষ্টৰ মূল্য ব্যক্তিগত হাস্পতালৰ ক্ষেত্ৰত ৮০০ টকালৈ হ্ৰাস কৰিছে।
  • অন্ধ্ৰ প্ৰদেশঃ এতিয়ালৈকে অন্ধ্ৰ প্ৰদেশত দুৰ্বলতাৰ বাবে ৫৮৩ জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ৪৭০ জনক ডিচাৰ্জ দিয়া হৈছে আৰু বিশজন ৰোগীক আন হাস্পতাললৈ স্থানান্তৰিত কৰা হৈছে। এতিয়ালৈকে ইয়াৰে এজন লোকৰ মৃত্যু ঘটিছে। ইয়াৰ বাবে স্বাস্থ্য বিভাগে খাদ্য বা পানীত হোৱা বিষক্ৰিয়াৰ সন্দেহ কৰিছে।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত তেলেংগানাত নতুন ঘটনাৰ সংখ্যা হৈছে ৭২১ টা। আৰোগ্য লাভৰ ঘটনা ৭৫৩ টা আৰু মৃত্যুৰ ঘটনা ৩ টা। ৰাজ্যখনত মুঠ ঘটনা ২,৭৫,২৬১ ৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৭,৬৬১ টা। মৃত্যুৰ ঘটনা ১৪৮০ টা আৰু ২,৬৬,১২০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াত আৰোগ্য লাভৰ হাৰ হৈছে ৯৬.৬৭ শতাংশ। যাৰ পৰিমাণ ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰতকৈ অধিক। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৯৪.৬ শতাংশ।
  • মহাৰাষ্ট্ৰঃ বিশ্ব-খ্যাত পৰ্যটন ক্ষেত্ৰ ঔৰংগাবাদক কাইলৈৰপৰা দৰ্শনাৰ্থীসকলৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্ত সুনীল শ্বাবনে সংশ্লিষ্ট বিভাগসমূহক যথোচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰিছে। মুম্বাইত মঙলবাৰে নতুন ঘটনাৰ সংখ্যা ৫৮৫ টা। ইয়াৰ বিপৰীতে একে সময়তে আৰোগ্য লাভ কৰে ৫৬৫ জন ৰোগীয়ে আৰু মৃত্যু হয় ৭ জনৰ।
  • গুজৰাটঃ গুজৰাটৰ আহমেদাবাদত ২৯৪ টা নতুন ঘটনাৰ বিপৰীতে চুৰাটত ইয়াৰ পৰিমাণ হয় ২১৪ টা। ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ ৯১.৭০ শতাংশলৈ বৃদ্ধি পাইছে।
  • ৰাজস্থানঃ ৰাজস্থানত আৰোগ্য লাভৰ হাৰ ৯১.৭৮ শতাংশলৈ বৃদ্ধি পাইছে।
  • মধ্য প্ৰদেশঃ বুধবাৰে মধ্য প্ৰদেশৰ ইন্দোৰত সৰ্বাধিক ৫০৯ টা ক’ভিড-১৯ ঘটনা চিনাক্ত কৰা হৈছে।
  • চত্তীশগড়ঃ চত্তীশগড়ৰ ৰায়পুৰত বুধবাৰে সৰ্বাধিক ১৭৯ টা ক’ভিড ঘটনা চিনাক্ত কৰা যায়।
  • গোৱাঃ গোৱাত আৰোগ্য লাভৰ হাৰ ৯৫.৮৯ শতাংশলৈ বৃদ্ধি পাইছে।

 

ফেক্ট চেক

Image

Image

 

*******

YB



(Release ID: 1679572) Visitor Counter : 203