PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 08 DEC 2020 5:36PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

পাঁচ মাহৰ পাছত ভাৰতত এদিনত আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন; মুঠ চিকিসাধীন লোকৰ সংখ্যা ৩.৮৩লাখেৰে ৪%লৈ হ্ৰাস পাইছে; মৃত্যুৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাই দৈনিক ৪০০ৰ তললৈ আহিছে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতে গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে৷ বিগত ২৪ ঘণ্টাত ২৬,৫৬৭জন লোক আক্ৰান্ত হৈছে, যিটো বিগত ৫ মাহৰ পাছত প্ৰথমবাৰলৈ এই হাৰ সৰ্বনিম্ন হৈছে৷ ২০২০ৰ ১০ জুলাইত ২৬,৫০৬জন লোক আক্ৰান্ত হৈছিল৷ আন এক সফলতা অনুসৰি ভাৰতত চিকিসাধীন লোকৰ হাৰ ৩.৯৬%লৈ নিম্নগামী হৈছে৷ বৰ্তমান ৩,৮৩,৮৬৬জন লোক চিকিসাধীন হৈ আছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩৯,০৪৫গৰাকী ৰোগী আৰোগ্য হৈছে, যিটো মুঠ নতুন আক্ৰান্ত লোকতকৈ ১২,৮৬৩ অধিক৷ দেশত আৰোগ্যৰ হাৰ আজি ৯৪.৫৯%লৈ উন্নীত হৈছে৷ আজিৰ দিনটোত মুঠ আৰোগ্য লোকৰ সংখ্যা ৯১,৭৮,৯৪৬ হৈছে৷ বিগত ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিত ৩,২৭২জন লোক আক্ৰান্ত হৈছে৷ ইফালে, মৃত্যৰ সংখ্যা বিগত ২৪ ঘণ্টাত ৩৮৫জন হৈছে৷ ইয়াৰে ভিতৰত দিল্লীত সৰ্বাধিক ৬৩জন ৰোগীৰ মৃত্যু হৈছে৷ মৃত্যুৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাই দৈনিক ৪০০ৰ তললৈ আহিছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1679019

 

ক’ভিড-১৯ ভেকচিনৰ বিকাশৰ ক্ষেত্ৰত অগ্ৰণী স্থানত আছে ভাৰতঃ ড০ হৰ্ষ বৰ্ধন

ডিএছটি-চিআইআইৰ দ্বাৰা আয়োজিত ভাত-পর্তুগাল প্রযুক্তি সন্মিলন, ২০২০ত কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি, ভূ-বিজ্ঞান আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড০ হর্ষ বর্ধনে জনায় যে ভাৰতে প্রায় ৩০টা প্ৰতিষেধকবিকাশ সাধন কৰি আছে, যিবোৰ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰে ভিতৰত আইচিএমআ-ভাত বায়’টেক যুটীয়া সহযোগিতা জৰিয়তে ক’ভাস্কিন আৰু ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া ক’ভিশ্বিল্ডৰ পৰীক্ষণৰ তৃতীয় পৰ্যায়ত উপনীত হৈছে। আমা আগশাৰীৰ প্রতিষ্ঠান ভাৰতীয় চিকিসা গৱেষণা পৰিষদে এই পৰীক্ষণ কাৰ্যসূচীত জড়িত আছে৷ ভাতে সকলো প্রধান প্ৰতিষেধক নির্মাতা পৰীক্ষণ সম্পন্ন কৰিছে৷ বিশ্বত বৃহত্তম প্ৰতিষেধক প্রস্তুতকৰ্তা ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া অক্সফর্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা প্ৰতিষেধকৰো পৰীক্ষণ সম্পন্ন কৰিছে৷ জাইডাছ কেডিলাইও দেশত প্ৰস্তুত কৰা ডিএনএ প্ৰতিষেধক দ্বিতীয় পৰ্যায় পৰীক্ষণ সম্পন্ন কৰিছে৷ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রীগৰাকীয়ে কয় যে ৰোগী সংখ্যাৰ দিশত বিশ্বৰ শীর্ষ ১০খন দেশ ভিতৰত ভাতো অন্যতম৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1678862

 

ইণ্ডিয়া মবাইল কংগ্ৰেছ ২০২০ সম্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰ্চুৱেল ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২০ ত উদ্বোধনী ভাষণ আগবঢ়ায়। আইএমচি ২০২০ ৰ বিষয়বস্তু হৈছেঃ "সৰ্বব্যাপী উদ্ভাৱন - স্মাৰ্ট, সুৰক্ষিত, বহনক্ষম”। ‘আত্মনিৰ্ভৰ ভাৰত’, ‘ডিজিটেল সৰ্বব্যাপিতা’ আৰু ‘বহনক্ষম উন্নয়ন, উদ্যোগশীলতা ও উদ্ভাৱন’ৰ প্ৰোসাহনৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিৰ সৈতে ৰজিতা খুৱাই এই বিষয়বস্তু যুগুত কৰা হৈছে। তদুপৰি ইয়াৰ লক্ষ্য হৈছে টেলিকম আৰু বৰ্ধমান প্ৰযুক্তি খণ্ডসমূহত বৈদেশিক আৰু স্থানীয় বিনিয়োগক চালিত কৰা, গৱেষণা ও উন্নয়নক উসাহ যোগোৱা। এই কাৰ্যসূচী সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে টেলিকম সা-সৰঞ্জাম, ডিজাইন, উন্নয়ন আৰু প্ৰস্তুতৰ অৰ্থে ভাৰতক বৈশ্বিক কেন্দ্ৰ কৰি তুলিবলৈ একেলগে কাম কৰাৰ আহ্বান জনায়। তেওঁ সতৰ্ক কৰি কয়, প্ৰযুক্তিগত উন্নয়নৰ পৰিপ্ৰেক্ষিতত, আমাৰ মাজত সঘনাই হেণ্ডছেট আৰু গেডজেট সলনি কৰাৰ সংস্কৃতি গঢ় লৈ উঠিছে। তেওঁ প্ৰতিনিধিসকলক উদ্যোগটোৱে ইলেক্ট্ৰনিক আৱৰ্জনাৰ উত্তম পৰিচালনা আৰু এটা চাৰ্কুলাৰ অৰ্থনীতি গঠনৰ বাবে টাস্ক-ফ’ৰ্চ গঠন কৰিব পাৰে নেকি, তাৰ চিন্তা কৰিবলৈ আহ্বান জনায়। ভৱিষ্যত লাভালাভ আৰু কেইবা নিযুত ভাৰতীয়ক সৱলীকৰণৰ অৰ্থে ৫জিৰ সময়োচিত প্ৰৱৰ্তন নিশ্চিত কৰিবলৈ একেলগে কাম কৰাৰ আহ্বান জনায়। ভাৰতত ম’বাইল প্ৰস্তুতত লাভ কৰা সফলতাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1679018

 

ইণ্ডিয়া মবাইল কংগ্ৰেছ ২০২০প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুলপাঠ

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1678981

 

ইনভেষ্ট ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএনচিটিএডিৰ দ্বাৰা প্ৰদান কৰা ২০২০ বৰ্ষৰ ৰাষ্ট্ৰসংঘৰ বিনিয়োগ প্ৰোসাহন বঁটা জয়ৰ বাবে ইনভেষ্ট ইণ্ডিয়াক অভিনন্দন জনাইছে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1678981

 

বিনিয়োগ প্ৰোসাহন বঁটা, ২০২০ বিজয়ী হিচাপে ইনভেষ্ট ইণ্ডিয়াৰ নাম ঘোষণা ৰাষ্ট্ৰসংঘৰ

ৰাষ্ট্ৰসংঘই ভাৰতৰ ৰাষ্ট্ৰীয় বিনিয়োগ প্ৰোসাহন সংস্থা- ইনভেষ্ট ইণ্ডিয়াক ২০২০ ৰ ৰাষ্ট্ৰসংঘ বিনিয়োগ প্ৰোসাহন বঁটা বিজয়ী হিচাপে ঘোষণা কৰিলে। জেনেভাস্থিত ইউএনচিটিএডিৰ সদৰ কাৰ্যালয়ত ৭ ডিচেম্বৰ, ২০২০ত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্বজুৰি বিনিয়োগ প্ৰোসাহন সংস্থা (IPA) সমূহৰ উল্লেখযোগ্য সফলতা আৰু উত্তম পন্থাৰ স্বীকৃতি আৰু শলাগৰ অৰ্থে এই বঁটা আগবঢ়োৱা হৈছে। ১৮০ টা বিনিয়োগ প্ৰোসাহন সংস্থাই কৰা কামত ইউএনচিটিএডিয়ে মূল্যায়ন কৰি এই স্বীকৃতি প্ৰদান কৰিছে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1678902

 

প্ৰধানমন্ত্ৰী আৰু কাটাৰৰ আমিৰ শ্বেইখ তামিম বিল হামাদ-আল-থানিৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কাটাৰৰ আমিৰ শ্বেইখ তামিম বিল হামাদ-আল-থানিয়ে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ প্ৰধানমন্ত্ৰীয়ে আমিৰক কাটাৰৰ আগন্তুক ৰাষ্ট্ৰীয় দিৱস উপলক্ষে শুভেচ্ছা জনায়৷ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনাই আমিৰে কাটাৰৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীক লৈ ভাৰতীয় সকলৰ উসাহক প্ৰশংসা কৰে৷ প্রধানমন্ত্রীয়ে জনস্বাস্থ্য সম্পৰ্কীয় পৰিস্থিতি স্বাভাৱিলে দুয়োগৰাকী নেতাই নিয়মীয়াকৈ বৈঠকত মিলিত হোৱাৰ সহমত প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1679047

 

প্রধানমন্ত্রী আৰু ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেমেক্ৰৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰৰ সৈতে টেলিফোন কথা পাতে৷ ফ্রান্সত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্রাণহানি হোৱাসকলৰ প্ৰতি প্রধানমন্ত্রী ৰাষ্ট্রপতি মেক্ৰক তেওঁৰ সমবেদনা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্রাসবাদ, চৰমপন্থা আৰু মৌলবাদৰ বিৰুদ্ধে ফ্রান্সৰ যুঁজত ভাৰতে পূর্ণ সমর্থনৰ আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে৷ দুয়োগৰাকী নেতা পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক আৰুন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ক লৈ আলোচনা কৰে৷ ইয়াভিতৰত কম মূল্যৰ তথা সুলভভিড-১৯ প্ৰতিষেধকৰ উদ্ভা, ক’ভিডৰ পাছৰ সময় অর্থনীতিৰ পুনৰুদ্ধাৰ, ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চল সহযোগিতা, সামুদ্রিক বাণিজ্যৰ নিৰাপত্তা, প্রতিৰক্ষা সহযোগিতা, ডিজিটেল অর্থনীতি, চাইবাৰ নিৰাপত্তা, বহুপাক্ষিক সহযোগিতা বৃদ্ধি, জলবায়ু পৰির্তন ৰো পাৰস্পৰিক সহযোগিতা আৰু জৈ বৈচিত্র্য ৰক্ষা ইত্যাদি উল্লেখযোগ্যদুয়োগৰাকী নেতা আলোচনা সন্তোষ প্রকাশ কৰে সম্প্রতি ভাৰত-ফ্রান্সৰ মাজত দৃঢ় কৌশলগত অংশীদাৰিত্বৰ পৰিৱেশ, তেওঁলোকেভিডৰ পাছৰ সময়কেলগে কা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্রধানমন্ত্রীয়ে জনস্বাস্থ্য সম্পৰ্কীয় পৰিস্থিতি স্বাভাৱিহ’লে ৰাষ্ট্রপতি মেক্ৰক ভাৰতলৈ অহাৰ বাবে আমন্ত্রণ জনায়৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1678960

 

উপ-ৰাষ্ট্ৰপতিৰ মধ্যস্থতাত কেন্দ্ৰই এটা দল প্ৰেৰণ কৰিলে ইলুৰুলৈ

বিগত কেইদিনো একাংশ শিশু অসুস্থ হৈ চিকিসাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুৱে কালি কেন্দ্ৰ স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ সৈতে কথা পতাৰ পাছত কেন্দ্ৰই অন্ধ্ৰপ্ৰদেশৰ ইলুৰুলৈ এটা দল প্ৰেৰণ কৰিছে৷ ইলুৰু ৩০০ শিশু অসুস্থ হৈ পৰা জানি উপ-ৰাষ্ট্ৰপতিয়ে স্থানীয় উপায়ুক্তসকলৰ সৈতে প্ৰথমে কথা পাতি সবিশেষ তথ্য সংগ্ৰহ কৰে৷ ইয়াৰ পাছতে তেওঁ মংগলাগিৰি আৰু দিল্লী এইমছৰ সঞ্চালকসকলৰ সৈতে কথা পাতি এই শিশুসকলৰ তেজৰ নমূনা এইমছলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত অৱগত কৰে৷ ইয়াৰ সমান্তৰালভাৱে তেওঁ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ সৈতে কথা পাতি প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ কয়৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1678860

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ অসমত কালি ১৬৬জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩১জন ৰোগী ডিছচাৰ্জড দিয়া হৈছে৷ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২,১৩,৯৫ জনৰ বিপৰীতে ২,০৯,৩৪২জন আৰোগ্য আৰু ৯৯৫জনৰ মৃত্যু হৈছে৷ বৰ্তমান অসমত ৩,৫৮৫জন ৰোগী চিকিসাধীন হৈ আছে৷
  • কেৰালাঃ ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ মাজতে আজি অনুষ্ঠিত তিনিতৰপীয়া স্থানীয় নিকায়ৰ প্ৰথম পৰ্যায়ত ৭০% ভোটদান কৰে৷ ক’ভিডৰ পাছত এয়া ৰাজ্যখনৰ প্ৰথম ভোটদান৷ পোষ্টেল বেলটৰ বাদে নিয়মীয়া ভোটাৰে ভোটদান কৰাৰ পাছত ক’ভিড ৰোগীসকলে ভোটদান কৰে৷ ক’ভিড ৰোগীসকলে পিপিই কিট পিন্ধি ভোটদান কৰে৷ ইফালে মুখ্য নিৰ্বাচনী বিষয়া টীকাৰাম মিনাৰ ভোটাৰ তালিকাত নথকাৰ বাবে তেওঁ কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷
  • তামিলনাডুঃ কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই আজি তামিলনাডুৰ বিভিন্ন জিলাৰ ব্যৱসায়িক প্ৰতিস্থানসমূহ বন্ধ ৰাখে৷ ইফালে, কালি ৰাজ্যখনত ১,৩১২ নতুন আক্ৰান্ত, ১,৩৮৯জনক ডিছচাৰ্জড আৰু ১৬জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ বৰ্তমান তামিলনাডুত ১০,৬৯৫জন ৰোগী চিকিসাধীন হৈ আছে৷
  • কৰ্ণাটকঃ কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক বিজ্ঞাগামা কাৰ্যসূচীৰ পূৰ্বে ১০ দিনৰ ভিতৰত ক’ভিড পৰিস্থিতিৰ মূ্ল্যায়ন কৰাৰ বাবে নিৰ্দেশ দিছে৷ বিজ্ঞাগামা হৈছে গ্ৰামীণ আৰু অৰ্দ্ধচহৰ অঞ্চলৰ যিসকল শিক্ষাৰ্থীয়ে প্ৰযুক্তি বা ইণ্টাৰনেটৰ অভাৱত কোনো পাঠ গ্ৰহণ কৰিব পৰা নাই, সেইসকলৰ বাবে লোৱা এক কাৰ্যসূচী৷
  • অন্ধ্ৰপ্ৰদেশঃ মুখমন্ত্ৰী ৱাইএছ জগমোহন ৰেড্ডিয়ে পশ্চিম গোডাবৰী জিলাৰ ইলুৰুত ৰহস্যজনকভাৱে অসুস্থ হোৱা লোকসকলক চিনাক্তকৰণৰ বাবে পৰীক্ষা কৰাৰ বিষয়টো তদাৰক কৰিছে৷ এইমছৰ তত্বাৱধানত এই পৰীক্ষা-নিৰীক্ষা কৰা হৈছে৷ ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন প্ৰতিনিধি ইতিমধ্যে ইলুৰুত উপস্থিত হৈছে৷ 
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানা ৬৮২জন নতুন আক্ৰান্ত, ৭৬১জন আৰোগ্য আৰু ৩জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ ৰাজ্যখনৰ ২,৭৪,৫৪০জন মুঠ আক্ৰান্তৰ বিপৰীতে বৰ্তমান ৭,৬৯৬জন ৰোগী চিকিসাধীন হৈ আছে৷
  • মহাৰাষ্ট্ৰঃ সামগ্ৰিকভাৱে মুম্বাইত নতুন আক্ৰান্তৰ সংখ্যা হ্ৰাপ পালেও মুম্বাই মেট্ৰৰ মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হ্ৰাস পাইছে৷
  • গুজৰাটঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে আহমেদাবাদত নৈশ সান্ধ্য আইন সোমবাৰলৈকে বৃদ্ধি কৰা হৈছে৷ ইয়াৰ পূৰ্বে ২৩নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ অৱশ্যে জৰুৰী সেৱাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা ৰেহাই দিয়া হৈছে৷
  • ৰাজস্থানঃ সোমবাৰে ৰাজস্থানত ১৯জন ৰোগীসহ মৃত্যুৰ সংখ্যা ২,৪৪৮জনলৈ বৃদ্ধি পাইছে৷ ইফালে, কালি নতুনকৈ ১,৯২৭জন লোক আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ২১,৬৭১জন ৰোগী চিকিসাধীন হৈ আছে৷
  • মধ্যপ্ৰদেশঃ সোমবাৰে নিষেধাজ্ঞা শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰদেশৰ ভূপালত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা পৰিলক্ষিত হৈছে৷ অৱশ্যে নিশা ১০বজাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে৷ কালি ৰাজ্যখনত নতুনকৈ ১,৩০৭জন লোক আক্ৰান্ত হৈছে৷
  • চত্তীশগড়ঃ ৰাজ্যখনত ক’ভিড পৰীক্ষাৰ দৰ হ্ৰাস কৰা হৈছে৷ এই নতুন দৰ ব্যক্তিগত হাস্পতাল আৰু পৰীক্ষাগাৰসমূহত শীঘ্ৰে কাৰ্যকৰী হ’ব৷
  • গোৱাঃ সোমবাৰে গোৱাৰ মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৪৮,৭৭৬লৈ বৃদ্ধি পাইছে৷ কালি ৰাজ্যখনত তিনিজন ৰোগীৰ মৃত্য হোৱাৰ বিপৰীতে ১৫৪জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান গোৱাত ১,২৯৭জন ৰোগী চিকিসাধীন হৈ আছে৷

ফেক্ট চেক

Image

Image

*******

YB



(Release ID: 1679218) Visitor Counter : 222