পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

নাগালেণ্ডত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মুকলি আৰু ৪১২৭ কোটি টকা ব্যয়ৰ ২৬৬ কিলোমিটাৰৰ ১৪টা অন্যান্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে শ্ৰী গাডকাৰীয়ে

১০৬৩.৪১ কিলোমিটাৰৰ ৫৫টা কাম আৰু মুঠ ব্যয় ১১,৭১১ কোটি টকা বিগত ৬ বছৰত নাগালেণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ আৰু উন্নয়নৰ বাবে অনুমোদন জনোৱা হৈছেঃ শ্ৰী গাডকাৰী

Posted On: 04 DEC 2020 1:44PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি নাগালেণ্ডত ১৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভাৰ্চুৱেলী উদঘাটন আৰু আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেফিয়ু ৰিয়’, পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক মন্ত্ৰী জেঃ (ডাঃ) ভি কে সিং, সাংসদ, বিধায়ক আৰু কেন্দ্ৰ তথা ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷ এই এনএইচ প্ৰকল্পসমূহৰ দৈৰ্ঘ প্ৰায় ২৬৬ কিলোমিটাৰ আৰু ইয়াত প্ৰায় ৪১২৭ কোটি টকা ব্যয় কৰা হ’ব৷

শ্ৰী গাডকাৰীয়ে এই উপলক্ষে নিজৰ ভাষণত কয় যে কেন্দ্ৰ চৰকাৰ উত্তৰ পূব আৰু নাগালেণ্ডৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ৷ তেওঁ কয় যে বিগত ছবছৰত নাগালেণ্ডত ৬৬৭ কিলোমিটাৰ দৈৰ্ঘৰ পথক এনএইচ নেটৱৰ্কৰ সৈতে জড়িত কৰোৱা হৈছে য’ত প্ৰায় ৭৬ শতাংশৰ বৃদ্ধি প্ৰদৰ্শিত কৰিছে৷ শ্ৰী গাডকাৰীয়ে কয় যে ৰাজ্যত এনএইচ নেটৱৰ্কক আজি ১৫৪৭ কিলোমিটাৰলৈ বৃদ্ধি কৰোৱা হৈছে যি ২০১৪ চন পৰ্যন্ত ৮৮০.৬৮ কিলোমিটাৰ আছিল৷ তেওঁ কয় যে ৩৯.৯০ কিলোমিটাৰ/১০০০ বৰ্গ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় গড়ৰ তুলনাত ৰাজ্যখনত এনএইচ নেটৱৰ্কৰ ঘনত্ব এতিয়া ৯৩.৩০ কিলোমিটাৰ/১০০০ বৰ্গ কিলোমিটাৰহে৷ 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গাডকাৰীয়ে কয় যে নাগালেণ্ডত ৰাষ্ট্ৰীয় ঘাইপথৰ বিকাশ আৰু উন্নয়নৰ বাবে বিগত ছবছৰত ১১,৭১১ কোটি টকাৰ ব্যয়েৰে ১০৬৩.৪১ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ ৫৫টা কামৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে৷ ইয়াত ডিমাপুৰ নগৰৰ প্ৰকল্পৰ সংস্কাৰৰ অংশৰ ৰূপত প্ৰায় ৪৮ কিলোমিটাৰৰ ৩টা পথো অন্তৰ্ভুক্ত কৰা হৈছে য’ত ১৫৯৮ কোটি টকা ব্যয় কৰা হ’ব৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নাগালেণ্ডক অতি শীঘ্ৰেই ৪৫ কোটি টকা প্ৰদান কৰা হ’ব৷

শ্ৰী গাডকাৰীয়ে মুখ্যমন্ত্ৰীক এইবুলি অনুৰোধ কৰে যে ক’হিমা বাইপাছৰ বাবে ভূমি আৰু লোকচানৰ ক্ষতিপূৰণৰ বাবে মূল্যাংকন কৰি অতি শীঘ্ৰেই যাতে কেন্দ্ৰলৈ প্ৰেৰণ কৰে৷

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তলহটী পথৰ বিকাশৰ বাবেও বিবেচনা কৰিবলৈ অনুৰোধ জনায়৷ মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডৰ জীৱনৰেখাস্বৰূপ ডিমাপুৰ-ক’হিমা পথৰ উন্নয়নৰো প্ৰস্তাৱ দাঙি ধৰে৷ শ্ৰী গাডকাৰীয়ে উত্তৰত এই পথৰ কাম ৭০-৮০ শতাংশ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে৷   

 

ইউটিউব: https://youtu.be/Ig9MAINaInc

**********

RCJ/MS/MANN



(Release ID: 1678507) Visitor Counter : 136