PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 04 DEC 2020 5:40PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতত সক্ৰিয় ৰোগীৰ শতকৰা হাৰ মুঠ আক্ৰান্তৰ ৪.৩৫%লৈ অৱনমিত হৈছে, শেহতীয়া ৭টা দিনত নতুন ৰোগীৰ সংখ্যা অতিক্ৰম কৰিছে দৈনন্দিন আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই;সামগ্ৰিক ভাবে ০.৯ কোটিৰো অধিক লোকে আৰোগ্য লাভ কৰাৰ তথ্য পঞ্জীয়ণ

শেহতীয়া ৭টা দিনত দৈনন্দিন আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই নতুন ৰোগীৰ সংখ্যা অতিক্ৰম কৰিছে। নতুন ৰোগীৰ তুলনাত আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যা অধিক হোৱাৰ ফলত দেশৰ সক্ৰিয় ৰোগীৰ সংখ্যা আজি ৪,১৬,০৮২লৈ অৱনমিত হৈছে।যি মুহূৰ্তত ৩৬,৫৯৫গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পঞ্জীয়ণভুক্ত হৈছে সেই সময়তে কিন্তু ৪২,৯১৬ গৰাকী লোকে আৰোগ্য লাভ কৰি হাস্পটাল এৰাৰ অনুমতি লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া ২৪ ঘণ্টাত আৰোগ্য লাভ কৰা ব্যক্তি আৰু নতুনকৈ আক্ৰান্তৰ মাজৰ ব্যৱধান ৬,৩২১ হোৱাৰ ফলত নতুন ৰোগীৰ সংখ্যা ৬,৮৬১ ৰে  হ্ৰাস পোৱাৰ তথ্য প্ৰকট কৰিছে। প্ৰতি নিযুত মানুহৰ বিপৰীতে আক্ৰান্ত হোৱাৰ ব্যক্তিৰ হিচাপত পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম(৬,৯৩৬) সংখ্যক লোক আক্ৰান্ত হোৱা দেশৰ অন্যতম বুলি ভাৰতে ইতিমধ্যে গঢ়া পৰম্পৰা এতিয়াও ৰাখিবলৈ সক্ষম হৈছে ভাৰতে। আৰোগ্য লাভৰ শতাংশ হাৰ ৯৪.২% হৈছেগৈ। আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৯০,১৬,২৮৯ গৰাকী হৈছেগৈ। ইফালে, আৰোগ্য লাভ কৰা আৰু নতুনকৈ আক্ৰান্তৰ মাজৰ ব্যৱধান সম্প্ৰতি ৮৬,০০,২০৭ হৈছেহি।নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৮০.১৯%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ইয়াৰে, মহাৰাষ্ট্ৰই সৰ্বাধিক ৮,০৬৬গৰাকী আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে। ইয়াৰ পিচতে ৫,৫৯০ আৰু ৪,৮৩৪ গৰাকীৰে স্থান লাভ কৰিছে ক্ৰমে কেৰালা আৰু দিল্লীয়ে। যোৱা ২৪ ঘণ্টাত ৪১,৮১০গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে। নতুনকৈ আক্ৰান্তৰ ৭৫.৭৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুতি সন্দৰ্ভত সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে, ভাৰতত তিনিটা স্থানীয় প্ৰতিষেধকৰ লগতে আঠটা সাম্ভাৱ্য প্ৰতিষেধক ট্ৰায়েলৰ বিভিন্ন পৰ্যায়ত আছে বুলি জানিবলৈ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড-১৯ৰ প্ৰতিষেধকৰ কৌশল নিৰ্ধাৰণৰ আলোচনা কৰাৰ বাবে এক সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এক ব্যাপক প্ৰতিষেধক কৌশল প্ৰস্তুত কৰি আছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ, পুণে আৰু হায়দৰাবাদত প্ৰতিষেধক নিৰ্মাণ কেন্দ্ৰসমূহৰ পৰিদৰ্শনত লাভ কৰা অভিজ্ঞতাসমূহো বৰ্ণনা কৰে৷

অধিক বিৱৰণৰ বাবে

সৰ্বদলীয় বৈঠকৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

 

প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় আই কে গুজৰালৰ সন্মানাৰ্থে উপ ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডাক টিকট

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি স্বৰ্গীয় আই কে গুজৰালৰ স্মৰণত ভিডিঅ’ কনফাৰেন্সযোগে ডাক টিকট মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে  

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ অসমত অনুষ্ঠিত ২৮,০০৮টা পৰীক্ষণৰ ভিতৰত ১৬৫ লোকক ক’ভিড-১৯ত আক্ৰান্ত হোৱা দেখা গৈছে৷ পজিটিভিটীৰ হাৰ হ’ল ০.৫৯% আৰু ১৭৭ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,১৩,৩৩৬ জন৷ আৰোগ্যৰ হাৰ ৯৭.৮৯% আৰু সক্ৰিয় ৰোগীৰ হাৰ ১.৬৪%, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে এইদৰে টুইট কৰে৷
  • মণিপুৰঃ তিনিজন লোকৰ মৃত্যু হোৱাৰ সৈতে মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ২৯৬ জন৷
  • মেঘালয়ঃ বিগত ২৪ ঘণ্টাত ক’ভিডত দুজন লোকৰ মৃত্যু হৈছে৷ মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ১১৬ জন৷ সেই সময়ছোৱাৰ ভিতৰত ৫২ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৪৮ জন৷
  • মহাৰাষ্ট্ৰঃ প্ৰতিষেধক মুকলি হোৱাৰ লগে লগেই ১ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰিব পৰাকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিএমচিয়ে৷
  • গুজৰাটঃ বিগত ২৪ ঘণ্টাত ১৫৪০ জন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ১৩ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,১৪,৩০৯ জন আৰু মৃত্যুৰ সংখ্যা হ’ল ৪০৩১ জন৷ দিনটোত ১৪২৭ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৯১৩ জন৷
  • ৰাজস্থানঃ মুঠ আক্ৰান্ত লোকৰ সংখ্যা হ’ল ২,৭৪,৪৮৬ জন৷ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ২৩৭০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৫,৫৪৪ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,১০,৩৭৪ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৩৩০০ জন৷
  • কেৰালাঃ কেৰালাৰ বাওদলৰ সদস্যসকলে মুখ্যমন্ত্ৰীক বিনামূলীয়াকৈ ক’ভিডৰ প্ৰতিষেধক বিতৰণ কৰা উচিত বুলি আনুৰোধ জনায়৷ তেওঁলোকে কয় যে সাধাৰণ লোকৰ বাবে প্ৰতিটো প্ৰতিষেধকত ২৫০০ টকাকৈ পৰিশোধ কৰিব পৰাটো কঠিন হ’ব৷
  • তামিলনাডুঃ বুৰেভি ধুমুহাৰ বাবে আশংকা কৰা ধৰণে তামিলনাডুৰ দক্ষিণৰ জিলাসমূহত বৰষুণ পৰিমাণ অধিক বৃদ্ধি হোৱা নাই৷
  • কৰ্ণাটকঃ খ্ৰীষ্টমাচ আৰু নৱবৰ্ষ উদযাপনৰ বাবে সান্ধ্য আইন বলৱৎ নহ’ব বুলি কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী ডাঃ কে সুধাকৰে এটা ইংগিত দিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ বিশাখাপট্টনমত পূব নৌসেনাবাহিনীয়ে নৌসেনা দিৱস পালন কৰে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৬৩১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ৮০২ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ২জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৭২,১২৩ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৮২৬ জন৷ ১৪৬৭ জনৰ মৃত্যু হৈছে, ২,৬১,৮৩০ জন লোকক মুকলি কৰি দিয়া হৈছে৷ আৰোগ্যৰ হাৰ হ’ল ৯৬.২১ শতাংশ৷

ফেক্ট চেক

ImageImageImageImageImageImageImageImageImage

Image

*******************



(Release ID: 1678448) Visitor Counter : 143