পোষ্ট কৰা হৈছে:
03 DEC 2020 11:25AM by PIB Guwahati
বিগত ২৪ ঘণ্টাত ভাৰতত আৰোগ্যৰ সংখ্যা ৰোগাক্ৰান্তৰ সংখ্যাতকৈ অধিক হোৱা পৰিলক্ষিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৩৫,৫৫১ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪০,৭২৬ জন লোকে নতুনকৈ আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত মুঠ সক্ৰিয় ৰোগীৰ ভিতৰত ৫৭০১ জন পৰ্যন্ত হ্ৰাস পাইছে৷
বিগত ৬ দিনৰ পৰা নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷
ভাৰতত আজি সক্ৰিয় ৰোগীৰ সংখ্যা ৪.৫%লৈ অৱনমিত হৈছে৷
ভাৰতত বৰ্তমানে ৪,২২,৯৪৩ জন সক্ৰিয় ৰোগী আছে যি মুঠ পজিটিভ ৰোগীৰ কেৱল ৪.৪৪%হে৷
আজিৰ দিনটোত আৰোগ্যৰ হাৰ হ’ল ৯৪.১১%৷ মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ৮৯,৭৩,৩৭৩ জন৷ আৰোগ্য আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান হ’ল ৮৫,৫০,৪৩০ জন৷
দহখন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৭৭.৬৪%ৰে আৰোগ্যৰ হাৰে অভিলেখ সৃষ্টি কৰিছে৷
****
MV/SJ/MANN