পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

অপৰিশোধিত তেলৰ মূল্য যাতে যথাযথভাৱে নিৰ্ধাৰিত হয় ভাৰতে সেই উদ্দেশ্যেই কাম কৰিব বুলি জনালে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে;

বিশ্বৰ ইন্ধনৰ চাহিদাৰ ক্ষেত্ৰত বিকাশৰ গুৰি ধৰিব ভাৰতে;

২০২২ চনৰ ভিতৰত ভাৰতৰ খাৰুৱা তেলৰ আমদানি ১০%লৈ হ্ৰাস কৰাৰ বাবে পৰিকল্পনা সাজু কৰিছে চৰকাৰে;

ব্যৱসায় কৰাৰ সুচলতা নিশ্চিত কৰাই আমাৰ বাবে সৰ্বোপৰি

Posted On: 02 DEC 2020 1:40PM by PIB Guwahati

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়, অপৰিশোধিত তেলৰ যথাযথ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰত সদায়েই সচেষ্ট হৈ আহিছে। আত্মনিৰ্ভৰ ভাৰতৰ আধাৰত আয়োজিত স্বৰাজ্য ৱেবিনাৰত মন্ত্ৰীয়ে কয়, তেল উৎপাদনকাৰী দেশবোৰৰ একচেটিয়া সিদ্ধান্ত গ্ৰহণৰ দিন এতিয়া আৰু নাই। এতিয়া উপভোক্তাসকলৰ চাহিদাক বিবেচনা কৰা হ’ব। ভাৰতে বৰ্তমান পৃথিৱীৰ তেলৰ মাত্ৰ ৬ শতাংশহে ব্যৱহাৰ কৰে। আন্তৰ্জাতিক হিচাপ অনুসৰি বিশ্বৰ অন্যান্য দেশৰ তুলনাত ভাৰতে মাত্ৰ এক-তৃতীয়াংশ তেল ব্যৱহাৰ কৰে। পৰিস্থিতি এতিয়া ক্ষীপ্ৰতাৰে সলনি হৈছে। ভাৰতৰ ইন্ধন ব্যৱহাৰ ২০৪০ চনলৈ প্ৰতি বছৰে ৩ শতাংশকৈ বৃদ্ধি পাব, যি বিশ্বৰ বৃহৎ অৰ্থনৈতিক শক্তিবোৰৰ তুলনাত যথেষ্ট বেছি। ২০৪০ চনৰ ভিতৰত ভাৰতৰ ইন্ধনৰ চাহিদা বৃদ্ধি পাই ১১ শতাংশ হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন সন্দৰ্ভত ভাৰতে যথাযথ ন্যায় লাভ কৰাৰ এক পৰিকল্পনা কৰিছে। মূলতঃ প্ৰত্যেকৰে বাবে ইন্ধন, সমাজৰ দৰিদ্ৰতম শ্ৰেণীৰ বাবে যথাযথ মূল্যত ইন্ধন, দক্ষতাৰে ইন্ধনৰ ব্যৱহাৰ, স্থিতিশীলভাৱে ইন্ধনৰ ব্যৱহাৰ আৰু ইন্ধনৰ সুৰক্ষা - এই পাঁচটা বিষয়ৰ ওপৰত ভিত্তি কৰি এই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰিও ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট পুনৰ্নবীকৰণযোগ্য ইন্ধন  উৎপাদনৰ লক্ষ্য ধাৰ্য কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে ইন্ধনৰ ক্ষেত্ৰত সংস্কাৰ সাধন কৰিছে, যাতে দেশৰ ইন্ধনৰ সংকট আঁতৰ হয়। ২০০৫ চনত মুঠ আভ্যন্তৰীণ উৎপাদন হিচাপে ৩৫ শতাংশ কাৰ্বন নিঃসৃত হয়, যিটো ৩৩ শতাংশলৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰসঙ্গ উল্লেখ কৰি শ্ৰী প্ৰধানে কয়, ক’ভিড-১৯ পৰিস্থিতিত ভাৰতে সাহসিকতাৰে আত্মনিৰ্ভৰতাৰ ভাৱনাৰে সমস্যাৰ মোকাবিলা কৰি উদ্যোগী হৈছে। অৰ্থনীতি, পৰিকাঠামো, ব্যৱস্থাপনা, প্ৰাণৱন্ত জনবিন্যাস আৰু চাহিদা - আত্মনিৰ্ভৰ ভাৰতৰ এই পাঁচটা স্তম্ভৰ কথা উল্লেখ কৰি শ্ৰী প্ৰধানে কয়, ক’ভিডৰ পৰৱৰ্তী সময়ত দেশৰ উন্নয়নৰ নতুন অধ্যায় সৃষ্টি হ’ব। ১৩০ কোটি ভাৰতবাসীৰ কাষত আত্মনিৰ্ভৰতা এক মন্ত্ৰ হৈ ধৰা দিছে।

মন্ত্ৰীগৰাকীয়ে আৰু কয়, আত্মনিৰ্ভৰ ভাৰত হ’ল দেশৰ পৰোক্ষ বজাৰক এক সক্ৰিয় উৎপাদন ক্ষেত্ৰ হিচাপে প্ৰস্তুত কৰা এক উপাদান, যাৰ মাধ্যমেৰে আন্তৰ্জাতিক সৰবৰাহ শৃঙ্খলত ভাৰতে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰিব। ভাৰতে 'মেক ইন ইণ্ডিয়া' মন্ত্ৰৰে উজ্জীৱিত হৈ 'মেক ফৰ ৱৰ্ল্ড'-ৰ বাবে কাম কৰিছে।

মন্ত্ৰীগৰাকীয়ে জনাইছে, গেছভিত্তিক অৰ্থনীতিৰ দিশে দেশ আগুৱাইছে। কাৰ্বনৰ নিঃসৰণ হ্ৰাস কৰাই যাৰ মূল লক্ষ্য। সম্প্ৰতি দেশজুৰি ৫০টা তৰলীকৃত প্ৰাকৃতিক গেছৰ ফুৱেলিং ষ্টেশ্যনৰ শিলান্যাস কৰা হৈছে। তিনি বছৰৰ ভিতৰত দেশত ১ হাজাৰটা তৰলীকৃত প্ৰাকৃতিক গেছৰ ষ্টেশ্যন নিৰ্মাণ কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে। পুনৰ্নবীকৰণযোগ্য ইন্ধনসহ বিকল্প ইন্ধনৰ দিশে যিদৰে গুৰুত্ব দিয়া হৈছে, ২০৪০ চনৰ ভিতৰত ভাৰতত তেলৰ চাহিদা দুগুণ আৰু গেছৰ চাহিদা তিনিগুণ হ’ব। ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰত-৬-ৰ মান অনুসৰি পৰিবহণ ক্ষেত্ৰত গাড়ীৰ ব্যৱহাৰ আৰম্ভ হৈছে। স্থিতিশীল বিকল্প মূল্য মিতব্যয়ী ব্যৱস্থাপনাৰ দিশে দেশ আগুৱাইছে। প্ৰতি বছৰে যাতে ১৫ এমএমটি বিদ্যুৎ সৃষ্টি হয় তাৰ বাবে ৫ হাজাৰ কম্প্ৰেছড বায়’গেছ উৎপাদন কেন্দ্ৰ গঢ়ি তোলা হ’ব। ইয়াৰ বাবে ২ হাজাৰ কোটি ডলাৰ বিনিয়োগ কৰা হ’ব। ২০২২ চনৰ ভিতৰত বিদেশৰ পৰা অপৰিশোধিত তেল আমদানি ১০ শতাংশ কৰাৰ লক্ষ্যও চৰকাৰে ধাৰ্য কৰিছে। হাইড্ৰ’জেন মিশ্ৰিত ইন্ধনৰ ব্যৱহাৰৰ উৎসাহিত কৰিবৰ বাবে হাইড্ৰয’জেন সমৃদ্ধ কম্প্ৰেছড নেচাৰেল গেছ উৎপাদনৰ এটা কাৰখানা গঢ়ি তোলা হৈছে। এই গেছ ব্যৱহাৰ কৰি যিবোৰ বাছ চলিব পাৰিব সেইবোৰো পথত নমোৱা হৈছে।

মন্ত্ৰীয়ে আৰু কয়, তেল আৰু প্ৰাকৃতিক গেছ ক্ষেত্ৰত বিভিন্ন নতুন উদ্যোগ গঢ়ি তোলাৰ বাবে উৎসাহ দিয়া হৈছে। ফুৱেল চেল, সৌৰশক্তি, হাইড্ৰ’জেনৰ সাহায্যত ইন্ধনৰ চাহিদা পূৰণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।

মন্ত্ৰী শ্ৰী প্ৰধানে আৰু জনাইছে, প্ৰধানমন্ত্ৰীয়ে ভাৰতক তেল আৰু প্ৰাকৃতিক গেছ ক্ষেত্ত আৰু পুনৰ্নবীকৰণযোগ্য ইন্ধনৰ বাবে বিনিয়োগৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবলৈ বিচাৰে। ব্যৱসায় কৰাৰ সুচলতা থকাৰ সুযোগ সৃষ্টি কৰি দিবলৈ এই চৰকাৰ বদ্ধপৰিকৰ। ইয়াৰ বাবে আটাইকেইটা মন্ত্ৰালয়ে প্ৰত্যক্ষ বিদেশী বিনিয়োগ সংক্ৰান্তীয় কোষ আৰু বিভিন্ন প্ৰকল্প উন্নয়ন কোষ গঠন কৰা হৈছে। ক’ভিড মহামাৰীৰ মাজতে ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগকাৰীসকলৰ বিভিন্ন সমস্যা দূৰ কৰিবৰ বাবে চৰকাৰ সচেষ্ট হৈ আছে।

******

YB/SK/RD



(Release ID: 1677927) Visitor Counter : 362