প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বুৰেভি ঘূৰ্ণীৰ পৰিপ্ৰেক্ষিতত সৃষ্ট পৰিস্থিতি সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 02 DEC 2020 8:11PM by PIB Guwahati

কেৰালাত বুৰেভি ঘূৰ্ণীৰ পৰিপ্ৰেক্ষিতত সৃষ্ট পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়নৰে বাৰ্তালাপ কৰে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী @vijayanpinarayi জীৰে ৰাজ্যখনত বুৰেভি ঘূৰ্ণীৰ পৰিপ্ৰেক্ষিতত সৃষ্ট পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰো। কেৰালাক সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভাৱ্য সকলো সহযোগিতাৰ আশ্বাস দিওঁ। প্ৰভাৱিত অঞ্চলসমূহত থকাসকলৰ সুৰক্ষা আৰু কল্যাণৰ অৰ্থে প্ৰাৰ্থনা জনাইছো।"

***

DS/SH/SB



(Release ID: 1677907) Visitor Counter : 98