আয়ুষ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আয়ুষ ডে’ কেয়াৰ থেৰাপীৰ অনুমোদন

Posted On: 02 DEC 2020 2:50PM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰসকলৰ বাবে আয়ুৰ্বেদ, যোগাভ্যাস আৰু নেচাৰ’পেথী প্ৰণালীৰ অধীনত ডে’ কেয়াৰ থেৰাপী চেণ্টাৰৰ সুবিধাৰ বাবে অনুমোদন জনাইছে৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ব্যক্তিগতখণ্ডৰ আয়ুৰ্বেদ, যোগাভ্যাস আৰু নেচাৰ’পেথীৰ ডে’ কেয়াৰ থেৰাপী কেন্দ্ৰকো তালিকাভুক্ত কৰা হৈছে৷

সকলো চিজিএইচএছ হিতাধিকাৰী, কৰ্মচাৰী তথা পেঞ্চনাৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব৷ প্ৰাৰম্ভিক পৰ্যায়ত দিল্লী আৰু এনচিআৰত ডে’ কেয়াৰ থেৰাপী কেন্দ্ৰসমূহ তালিকাভুক্ত কৰা হ’ব৷

এই আঁচনিৰ অধীনত চিজিএইচএছ হিতাধিকাৰীসকলক দিনটোৰ ভিতৰত কেই ঘণ্টামান সময়ৰ বাবে চিকিৎসা সেৱা আগবঢ়োৱা হ’ব৷

ভাৰত চৰকাৰে আয়ুষ প্ৰণালীৰ সুবিধা সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এই আঁচনিটো এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ 

 

MV/SK/MANN



(Release ID: 1677903) Visitor Counter : 173