প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩০ নৱেম্বৰত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু ১৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-প্ৰয়াগৰাজ অংশৰ ৬লেনযুক্ত পথ বহলীকৰণ প্ৰকল্প উদ্বোধন কৰিব

দেৱ দীপাৱলী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ কৰিড’ৰ প্ৰকল্পৰ অগ্ৰগতিৰো বুজ ল’ব

Posted On: 28 NOV 2020 8:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ নৱেম্বৰ, ২০২০ত বাৰাণসী ভ্ৰমণ কৰিব আৰু ১৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজাতালাব(বাৰাণসী)-হান্দিয়া(প্ৰয়াগৰাজ) অংশৰ ৬লেনযুক্ত পথ বহলীকৰণ প্ৰকল্প উদ্বোধন কৰিব৷ এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে দেৱ দীপাৱলী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ কৰিড’ৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ ল’ব৷ তেওঁ লগতে সাৰনাথ প্ৰত্নতাত্ত্বিক স্থানো পৰিদৰ্শন কৰিব৷

নতুনকৈ ৬লেন পথ হিচাপে বহলীকৰণ কৰা ৭৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথৰ নিৰ্মাণৰ বাবে মুঠ ২,৪৪৭ কোটি টকা ব্যয় হৈছে, যিটোৱে প্ৰয়াগৰাজ আৰু বাৰাণসীৰ মাজৰ দুৰত্ব এঘণ্টা হ্ৰাস কৰিব৷

বাৰাণসীৰ বিশ্ব বিখ্যাত পোহৰৰ উৎসৱ দেৱ দীপাৱলী প্ৰতি বছৰৰ কাৰ্তিক পূৰ্ণিমাৰ দিনা উদযাপন কৰা হয়৷ বাৰাণসীৰ ৰাজঘাটত প্ৰধানমন্ত্ৰীয়ে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিবলগীয়া এই অনুষ্ঠানত গংগাৰ দুয়োপাৰে ১১ লাখ বন্তি প্ৰজ্বলন কৰা হ’ব৷

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ কৰিড’ৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব৷ তেওঁ লগতে সাৰনাথ প্ৰত্নতাত্ত্বিক স্থানত লাইট এণ্ড ছাউণ্ড শ্বও প্ৰত্যক্ষ কৰিব, যিটো চলিত মাহৰ আৰম্ভণিতে তেওঁ নিজেই উদ্বোধন কৰিছিল৷

******

DS/SH/DB



(Release ID: 1677517) Visitor Counter : 187