প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে পুনেস্থিত ভাৰতীয় ছিৰাম প্ৰতিষ্ঠান পৰিদৰ্শন কৰে

प्रविष्टि तिथि: 28 NOV 2020 6:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেস্থিত ভাৰতীয় ছিৰাম প্ৰতিষ্ঠান পৰিদৰ্শন কৰে আৰু প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলৰ সৈতে মতবিনিময় কৰে। প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত কিদৰে তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিছে, তাৰ অগ্ৰগতি সন্দৰ্ভত বিজ্ঞানীৰ দলটোৱে প্ৰধানমন্ত্ৰীক অৱগত কৰায়।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, " ভাৰতীয় ছিৰাম প্ৰতিষ্ঠানৰ দলৰ সৈতে এক সুস্থ মতবিনিময়ত ভাগ ল’লো। প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত কিদৰে তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিছে, তাৰ অগ্ৰগতি সন্দৰ্ভত বিজ্ঞানীৰ দলটোৱে সবিস্তাৰে জানিবলৈ দিছে। প্ৰতিষ্ঠানটোৰ নিৰ্মাণ স্থানসমূহো পৰিদৰ্শন কৰো।"

***

DS/SH/MS


(रिलीज़ आईडी: 1676911) आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam