বিত্ত মন্ত্ৰালয়

অৰ্থনীতিত ব্যয় বৃদ্ধিৰ অৰ্থে চিপিএছইৰ মূলধন ব্যয় (CAPEX) সন্দৰ্ভত ৫ম পৰ্যালোচনা বৈঠকত বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ

Posted On: 27 NOV 2020 3:26PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত ও কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ইয়াত এই বিত্তীয় বৰ্ষটোত মূলধন ব্যয় পৰ্যালোচনা কৰিবলৈ শক্তি, খনি মন্ত্ৰালয় আৰু পাৰমাণৱিক শক্তি বিভাগৰ সচিবসকল তথা এই মন্ত্ৰালয়সমূহৰ অন্তৰ্গত ১০ চিপিএছইৰ চিএমডিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰে। এয়া হৈছে ৫ম খনি এনে বৈঠক য’ত বিত্তমন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ মহামাৰীৰ মাজত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ ভিন্ন পক্ষসমূহৰ সৈতে আলোচনা কৰি আহিছে।

২০২০-২১ ৰ অৰ্থে ৬১৪৮৩ কোটি টকাৰ মূলধন ব্যয়ৰ লক্ষ্যৰ বিপৰীতে ২০২০ৰ ২৩ নৱেম্বৰত ২৪২২৭ কোটি টকা (৩৯.৪%) ৰ সামগ্ৰিক সফলতা লাভ কৰা হৈছে।

চিপিএছইসমূহৰ প্ৰদৰ্শন পৰ্যালোচনা কৰি, শ্ৰীমতী সীতাৰমণে কয় যে চিপিএছইৰদ্বাৰা মূলধন ব্যয় হৈছে অৰ্থনৈতিক বিকাশৰ গুৰুত্বপূৰ্ণ চালিকাশক্তি আৰু ২০২০-২১ ও ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে ইয়াৰ বৰ্ধনৰ আৱশ্যকীয়। বিত্তমন্ত্ৰীগৰাকীয়ে মূলধন ব্যয়ৰ লক্ষ্য পৰিপূৰণৰ বাবে লক্ষ্যণীয় প্ৰচেষ্টা গ্ৰহণৰ অৰ্থে মন্ত্ৰালয় আৰু চিপিএছইসমূহৰ প্ৰচেষ্টাৰ শলাগ লয়। অৱশ্যে, শ্ৰীমতী সীতাৰমণে কয় যে ৩য় ত্ৰৈমাসিকত ৭৫% মূলধন ব্যয়ৰ লক্ষ্য পৰিপূৰণ কৰিবলৈ অধিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা আছে। ঠিক সেইদৰে, ২১ বিত্তীয় বৰ্ষটোৰ ৪ৰ্থ ত্ৰৈমাসিকত ১০০% ৰোধিক মূলধন ব্যয়ৰ অৰ্থে অধিক প্ৰচেষ্টা গ্ৰহণ কৰাটো বাঞ্চনীয়। বিত্তমন্ত্ৰীগৰাকীয়ে চিপিএছইসমূহক লক্ষ্যত উপনীত হ’বলৈ ভালদৰে কাম কৰাৰ অৰ্থে উৎসাহ যোগাই আৰু ২০২০-২১ বৰ্ষৰ বাবে তেওঁলোকলৈ আগবঢ়োৱা কেপিটেল আউটলে যাতে সঠিক আৰু সময়োচিতভাৱে ব্যয় হয়, সেয়া নিশ্চিত কৰিবলৈ কয়।

মূলধন ব্যয়ৰ লক্ষ্য পূৰণ নিশ্চিত কৰিবলৈ শ্ৰীমতী সীতাৰমণে সচিবসকলক চিপিএছইসমূহৰ প্ৰদৰ্শন নিকটভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান জনাই আৰু ইয়াৰ বাবে পৰিকল্পনা যুগুত কৰিবলৈ কয়। তেওঁ তদুপৰি চিপিএছইসমূহৰ অনিষ্পত্তি হৈ থকা সমস্যাৰাজি সক্ৰিয়তাৰে সমাধান কৰিবলৈ আহ্বান জনায়।

****

RM/KMN/SB



(Release ID: 1676674) Visitor Counter : 227