গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰীক্ষণ, ৰোগ প্ৰতিৰোধ আৰু সতৰ্কতাৰ বাবে নীতি-নিৰ্দেশনা জাৰি কৰিছে

ৰোগ প্ৰতিৰোধ ব্যৱস্থা কঠোৰভাৱে বলবৎ কৰাৰ লগতে বিভিন্ন গতিবিধি আৰু ক’ভিডৰ সঠিক আচৰণ তথা জনসমাগম নিয়ন্ত্ৰণ সন্দৰ্ভত এছঅ’পি তৈয়াৰ কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কঠোৰ নিৰ্দেশ দিয়া হৈছে

Posted On: 25 NOV 2020 4:03PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰীক্ষণ, ৰোগ প্ৰতিৰোধ আৰু সতৰ্কতাৰ বাবে আজি কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে। অহা ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নীতি-নিৰ্দেশনা ৩১ ডিচেম্বৰলৈ বাহাল থাকিব।

  • নীতি-নিৰ্দেশনাৰ প্ৰধান লক্ষ্য হৈছে দেশত কোভিডৰ সংক্ৰমণৰ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিক অধিক সৱল কৰি তোলা। সক্ৰিয় পৰিঘটনাৰ সংখ্যা ইতিমধ্যে ক্ৰমাগতভাৱে হ্ৰাস পাই আছে। চলিত উসৱৰ বতৰ আৰু শীতৰ আৰম্ভণিত একাংশ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুন পৰিঘটনা পোহৰলৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা অৱলম্বন কৰা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নীতি-নিৰ্দেশনা আৰু এছঅ’পি কঠোৰভাৱে বলব হোৱাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত স্থানীয় জিলা, আৰক্ষী আৰু পৌৰ নিগম দায়বদ্ধ হ’ব।

নিৰীক্ষণ আৰু ৰোগ প্ৰতিৰোধঃ

  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেন্দ্ৰৰ নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰদ্বাৰা তৃণমূল পৰ্যায়ত কন্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ ক্ষেত্ৰত সতৰ্কতাৰে সিদ্ধান্ত ল’ব। সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰদ্বাৰা কন্টেইনমেণ্ট জ’নৰ তালিকা ৱেবছাইটত প্ৰকাশ কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতেও তালিকাখন শ্বেয়াৰ কৰা হ’ব।
  • কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি চিহ্নিত কন্টেইনমেণ্ট জ’নৰ ভিতৰত নিম্নোক্ত নিয়মসমূহ কঠোৰভাৱে পালন হ’ব লাগিব:
    • কন্টেইনমেণ্ট জ’নত কেৱল জৰুৰীকালীন গতিবিধিহে অনুমতি লাভ কৰিব।
    • স্বাস্থ্যজনিত জৰুৰী অৱস্থা আৰু অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা যোগানৰ বাহিৰে যাতে আন কোনো গতিবিধি হ’ব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ কঠোৰ নীতি-নিৰ্দেশনা বলব’ব।
    • নিৰীক্ষণকাৰী দলে ঘৰে ঘৰে নিৰীক্ষণ প্ৰক্ৰিয়া চলাব।
    • নিৰ্ধাৰিত প্ৰট’কল অনুসৰি টেষ্টিং সম্পন্ন হ’ব।
    • পজিটিভ পোৱা সকলো লোকৰ সংস্পৰ্শলৈ অহা লোকৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক চিনাক্ত কৰা হ’ব আৰু ১৪দিনৰ কোৱাৰেণ্টাইনত ৰখা ব্যৱস্থা কৰা হ’ব।
    • চিকিসা কেন্দ্ৰ অথবা ঘৰত কোভিড-১৯ ৰোগীৰ তাক্ষণিক আইছ’লেচনৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব।
    • কোভিড-১৯ৰ সঠিক আচৰণ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব লাগিব।
  • নিৰ্ধাৰিত কন্টেইনমেণ্ট ব্যৱস্থাসমূহ নিশ্চিত কৰাৰ ক্ষেত্ৰত স্থানীয় জিলা, আৰক্ষী আৰু পৌৰ নিগম দায়িত্বশীল হ’ব লাগিব।

কোভিডৰ সঠিক আচৰণঃ

  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কোভিড-১৯ৰ সঠিক আচৰণ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা আৰু ফেচ মাস্ক পিন্ধা, হাত স্বচ্ছ কৰি ৰখা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
  • ফেচ মাস্ক পৰিধান কৰা নিয়ম বলবতৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে জৰিমণা বিহাৰ দৰে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
  • জনসমাগম থকা স্থানত সামাজিক দূৰত্ব নিৰীক্ষণ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক এছঅ’পি জাৰি কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ইয়াক কঠোৰভাৱে পালন কৰিব লাগিব।
  • কোভিড-১৯ ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় নীতি-নিৰ্দেশনা সমগ্ৰ দেশত বাহাল থাকিব, যাতে কোভিড-১৯ৰ উপযুক্ত আচৰণ বলব কৰিব পৰা যায়।

নিৰ্ধাৰিত এছঅ’পিৰ কঠোৰ পালনঃ

  • নিম্নোক্ত গতিবিধিৰ বাহিৰে কন্টেইনমেণ্ট জ’নৰ বাহিৰত সকলো কাম-কাজত অনুমতি দিয়া হৈছে। অৱশ্যে এই কাম-কাজ সম্পন্ন কৰাৰ ক্ষেত্ৰত কিছুমান নীতি-নিৰ্দেশনা থাকিব।

১. যাত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বিমান ভ্ৰমণ।

২. চিনেমা হল আৰু থিয়েটাৰ গৃহত ৫০ শতাংশ দৰ্শক।

৩. ক্ৰীড়াবিদৰ অনুশীলনৰ বাবে ছুইমিং পুলৰ ব্যৱহাৰ।

৪. কেৱল ব্যৱসায়িক কাৰণত প্ৰদৰ্শনী গৃহ ব্যৱহাৰ।

৫. সামাজিক, ধৰ্মীয়, ক্ৰীড়া, বিনোদন, শিক্ষা, সাংস্কৃতিক অনুষ্ঠানত প্ৰেক্ষাগৃহৰ আসন ক্ষমতাৰ ৫০ শতাংশ লোকৰ সমাগম। অৱশ্যে বন্ধ স্থানত এখন চিলিঙৰ তলত সৰ্বাধিক ২০০ ব্যক্তিহে উপস্থিত থাকিব পাৰিব।  

ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলে পৰিস্থিতি অনুসৰি বন্ধ স্থানত জনসমাগমৰ সংখ্যা ১০০লৈ হ্ৰাস কৰিব পাৰিব।

স্থানীয় প্ৰতিবন্ধকতা

  • পৰিস্থিতিৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কোভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন আদিৰ দৰে স্থানীয় প্ৰতিবন্ধকতা জাৰি কৰিব পাৰে।
  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কাৰ্যালয়ত সামাজিক দূৰত্ব বৰ্তাই ৰখা উচিত।

আন্তঃৰাজ্যিক আৰু আভ্যন্তৰীণ চলাচলত কোনো প্ৰতিবন্ধতা নাইঃ

  • ৰাজ্যৰ ভিতৰত আৰু ৰাজ্যৰ বাহিৰত জনসাধাৰণ আৰু সামগ্ৰীৰ চলাচলৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা আৰোপ কৰা নাই। এই ধৰণৰ চলাচলৰ বাবে কোনো পৃথক অনুমতি/ই-পাৰ্মিট আদিৰ প্ৰয়োজন নাই।

দূৰ্বল শ্ৰেণীৰ লোকৰ বাবে সুৰক্ষাঃ

  • ৬৫ বছৰৰ ওপৰৰ ব্যক্তি, জটিল ৰোগত আক্ৰান্ত ব্যক্তি, গৰ্ভৱতী মহিলা, ১০বছৰৰ তলৰ শিশুক জৰুৰী অৱ্স্থাৰ বাহিৰে ঘৰৰ ভিতৰত থকাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

আৰোগ্য সেতুৰ ব্যৱহাৰঃ

  • আৰোগ্য সেতু মোবাইল এপছৰ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ উদগণি যোগোৱা হ’ব।

******

NW/RK/PK/AY/DDD/MS



(Release ID: 1676222) Visitor Counter : 239