কেবিনেট
লক্ষ্মী বিলাস বেংকৰ সৈতে ডিবিএছ বেংক ইণ্ডিয়া লিমিটেডৰ একত্ৰীকৰণত কেবিনেটৰ অনুমোদন প্ৰদান
Posted On:
25 NOV 2020 3:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে লক্ষ্মী বিলাস বেংক লিমিটেডৰ সৈতে ডিবিএছ বেংক ইণ্ডিয়া লিমিটেডৰ একত্ৰীকৰণত অনুমোদন জনাইছে৷ ১৭.১১.২০২০ তাৰিখে ধন জমাকাৰীৰ স্বাৰ্থ আৰু বিত্তীয় তথা বেংকিং স্থিৰতা বাহাল ৰাখিবলৈ আৰবিআইৰ বেংকিং নিয়ামক আইন ১৯৪৯ৰ অনুচ্ছেদ ৪৫ৰ অধীনত এলভিবিক ৩০ দিনৰ বাবে মৰাটৰিয়াম পৰ্যায়ত ৰখা হৈছিল৷ সমান্তৰালভাৱে আৰবিআইয়ে চৰকাৰৰ সৈতে হোৱা আলোচনামৰ্মে এলভিবিৰ সঞ্চালক পৰিষদক বৰ্খাস্ত কৰি ধন জমাকাৰীৰ স্বাৰ্থ বাহাল ৰাখিবলৈ প্ৰশাসকৰ নিযুক্তি দিছিল৷
জনসাধাৰণ আৰু ষ্টেকহ’ল্ডাৰসকলৰ সৈতে হোৱা বিভিন্ন আলোচনাৰ অন্তত আৰবিআইয়ে এলভিবি আৰু ডিবিআইএলৰ একত্ৰীকৰণৰ আঁচনি প্ৰস্তুত কৰে৷
ধন জমাকাৰীৰ স্বাৰ্থ সুৰক্ষা আৰু বিত্তীয় ব্যৱস্থা সুচাৰুৰূপে বাহাল ৰখাৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসাৰে বেংকৰ এই দ্ৰুত একত্ৰীকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে৷
*******
DS/MANN
(Release ID: 1675930)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam