স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ভাৰতত নিদৰ্শনমূলক ভাবে বাঢ়িছে নমুনা পৰীক্ষণৰ হাৰ, সৰ্বমুঠ পৰীক্ষণৰ সংখ্যা ১৩.৫ কোটিৰ কাষ চাপিছে
                    
                    
                        পৰীক্ষণৰ হাৰ বৃদ্ধিয়ে নিৰবিচ্ছিন্ন ভাবে কমাইছে সক্ৰিয়তাৰ সামগ্ৰিক হাৰ
                    
                
                
                    Posted On:
                25 NOV 2020 10:58AM by PIB Guwahati
                
                
                
                
                
                
                ভাৰতত যোৱা জানুৱাৰী মাহৰ পৰা নিৰবিচ্ছিন্ন ভাবে বৃদ্ধি পোৱা নমুনা পৰীক্ষণ আন্তঃগাঁথনিৰ সুবাদত ক’ভিড-১৯ আক্ৰান্তৰ নমুনা পৰীক্ষণৰ হাৰ ঘাতাংক হিচাপত বৃদ্ধি পোৱাতো পৰিলক্ষিত হৈছে। 
শেহতীয়া ২৪ ঘণ্টাত সম্পন্ন হোৱা ১১,৫৯,০৩২টা নমুনাৰ পৰীক্ষাকে ধৰি এই পৰ্যন্ত দেশত সম্পন্ন হোৱা নমুনা পৰীক্ষণৰ সংখ্যা ১৩.৫ কোটি(১৩,৪৮,৪১,৩০৭)ৰ কাষ চাপিছেগৈ। 
বিস্তৃত আৰু বিশাল পৰিসৰত নিৰন্তৰ ভাবে সম্পন্ন কৰা নমুনা পৰীক্ষাৰ সুবাদত ৰোগাক্ৰান্তৰ সংখ্যা বাৰুকৈয়ে অৱনমিত হৈছে। আজিৰ তাৰিখত দেশত আক্ৰান্তৰ সামগ্ৰিক ৰাষ্ট্ৰীয় হাৰ ৬.৮৪% অৱনমিত হৈছে। 

ৰোগাক্ৰান্ত আৰু সক্ৰিয় ৰোগীৰ সংখ্যা নিৰন্তৰ ভাবে অৱনমিত হোৱাৰ ধাৰাই দেশত সম্প্ৰসাৰিত হোৱা পৰীক্ষণ আন্তগাঁথনি আৰু পৰীক্ষণৰ উচ্চ হাৰৰ কথাকে প্ৰতীয়মান কৰিছে। 
আজিৰ তাৰিখত দৈনিক সক্ৰিয়তাৰ হাৰ ৩.৮৩%লৈ অৱনমিত হৈছে।

পৰীক্ষণ আন্তঃগাঁথনিৰ ধাৰাবাহিক আৰু প্ৰগতিশীল সম্প্ৰসাৰণে নমুনা পৰীক্ষণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজিৰ তাৰিখত দেশত ১১৬৭টা চৰকাৰী আৰু ৯৭১টা ব্ক্তিগত খণ্ডত স্থাপিত পৰীক্ষাগাৰকে ধৰি মুঠ ২১৩৮টা পৰীক্ষাগাৰে দেশৰ দৈনিক নমুনা পৰীক্ষাৰ সামৰ্থ্য নিদৰ্শনমূলক ভাবে বৃদ্ধি কৰিছে।
এই ব্যৱস্থাৰ সুবাদত প্ৰতি দিনে প্ৰতি নিযুত লোকৰ বিপৰীতে নমুনা পৰীক্ষাৰ হাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দ্ধাৰণ কৰি দিয়া মানতকৈ ভাৰতে পাঁচ গুণ আধিক হাৰত পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হৈছে।

ভাৰতত এই মুহূৰ্তত ৪,৪৪,৭৪৬গৰাকী লোকৰ দেহত ক’ভিডে সক্ৰিয় ৰূপ ধাৰণ কৰিছে। সেই হিচাপত, মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ হাৰ ৪.৮2% আৰু বিগত দিন দিয়েকত সক্ৰিয় ৰোগীৰ হাৰ ৫%ৰ তলত থকাৰ ধাৰা আজিও অব্যাহত থাকে।
আজিৰ তাৰিখত আৰোগ্য লাভৰ শতাংশ হাৰ ৯৩.৭২% হৈছেগৈ। ইফালে, যোৱা ২৪ ঘণ্টাত দেশত ৩৭,৮১৬গৰাকী লোকে আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৮৬,৪২,৭৭১ গৰাকী হৈছেগৈ। আৰোগ্য লোকৰ সংখ্যা আৰু সক্ৰিয়ভাবে আক্ৰান্ত লোকৰ সংখ্যাৰ মাজৰ ব্যৱধান হৈছেগৈ ৮১,৯৮,০২৫।
নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৭.৫৩%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, কেৰালাই সৰ্বাধিক ৫,১৪৯গৰাকী আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে। ইয়াৰ পিচতে ৪,৯৪৩ আৰু ৪,০৮৬গৰাকীৰে স্থান লাভ কৰিছে ক্ৰমে দিল্লী আৰু মহাৰাষ্ট্ৰই। 

যোৱা ২৪ ঘণ্টাত ৪৪,৩৭৬গৰাকী ব্যক্তিৰ দেহত কভিড-১৯ৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।
নতুনকৈ আক্ৰান্তৰ ৭৬.৫১%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
এইক্ষেত্ৰতো দিল্লীয়ে সৰ্বাধিক ৬,২২৪ গৰাকী আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৫,৪৩৯ আৰু ৫,৪২০ আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু কেৰালা।

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৪৮১ গৰাকী লোকে মৃত্যু সাৱটি লৈছে। 
এইক্ষেত্ৰতো ৭৪.২২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, দিল্লীত এদিনত সৰ্বাধিক ১০৯গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশত মৃত্যু হৈছে ক্ৰমে ৪৯ আৰু ৩৩গৰাকী লোকৰ। 

****
MV/SJ/K
                
                
                
                
                
                (Release ID: 1675926)
                Visitor Counter : 171
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam