ৰাষ্ট্ৰপতি সচিবালয়

গণতান্ত্ৰিক ব্যৱস্থাত আলোচনাই সৰ্বশ্ৰেষ্ঠ মাধ্যম, যিয়ে দিহা-পৰামৰ্শক সংঘাতত পৰিণত হ’ব নিদিয়েঃ ৰাষ্ট্ৰপতি কোৱিন্দ

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেৱাডিয়াত ৮০সংখ্যক সৰ্বভাৰতীয় প্ৰিজাইডিং বিষয়াৰ সন্মিলন উদ্বোধন কৰে

Posted On: 25 NOV 2020 1:58PM by PIB Guwahati

গণতান্ত্ৰিক ব্যৱস্থাত আলোচনাই সৰ্বশ্ৰেষ্ঠ মাধ্যম, যিয়ে দিহা-পৰামৰ্শক সংঘাতত পৰিণত হ’ব নিদিয়ে। গুজৰাটৰ কেৱাডিয়াত আজি(২৫ নৱেম্বৰ,২০২০)সৰ্বভাৰতীয় প্ৰিজাইডিং বিষয়াৰ ৮০সংখ্যক সন্মিলন উদ্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে এইদৰে কয়।

ৰাষ্ট্ৰপতিয়ে কয় যে এক সংসদীয় গণতন্ত্ৰত শাসক দলৰ লগতে বিৰোধী দলৰো এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু সেয়ে উভয় দলৰ মাজত সম্প্ৰীতি, সহযোগিতা আৰু অৰ্থপূৰ্ণ দিহা-পৰামৰ্শ অত্যন্ত প্ৰয়োজন। সংসদত ৰাইজৰ প্ৰতিনিধসকলৰ মাজত এক সুস্থ বিতৰ্কৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰাটো প্ৰিজাইডিং বিষয়াসকলৰ কৰ্তব্য।

ৰাষ্ট্ৰপতিয়ে কয় যে নিৰ্ভীকতা আৰু ন্যায় আমাৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ আধাৰ হয়। সংসদৰ অধ্যক্ষৰ আসনখনে মৰ্যদা আৰু দায়িত্ব উভয়কে প্ৰতিফলিত কৰে। ই নিয়মানুৱৰ্তিতা আৰু ন্যায় বিচাৰে। প্ৰিজাইডিং বিষয়াসকলৰ পৰা সকলোৱে এই আশা কৰে যে তেওঁলোকৰ আঁচৰণে এই নীতি-নিয়মসমূহক অনুপ্ৰাণিত কৰে।

ৰাষ্ট্ৰপতিয়ে  কৈছে যে জনসাধাৰণৰ কল্যাণৰ বাবে গণতান্ত্ৰিক ব্যৱস্থা শ্ৰেষ্ঠ উপায়। সেয়ে, সংসদ আৰু বিধানসভাৰ এগৰাকী সদস্য হোৱাটো এক গৌৰৱৰ কথা। দেশৰ প্ৰগতি আৰু জনসাধাৰণৰ কল্যাণৰ বাবে সদস্য আৰু প্ৰিজাইডিং বিষয়াসকলে পৰস্পৰৰ মৰ্যদা অক্ষুন্ন ৰখা উচিত।

***

DS/SKS/MS



(Release ID: 1675925) Visitor Counter : 180