PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
25 NOV 2020 5:37PM by PIB Guwahati


(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
#Unite2FightCorona
#IndiaFightsCorona


ভাৰতৰ পৰীক্ষণৰ মাত্ৰা ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে, সামগ্ৰিক নমূনা পৰীক্ষাৰ প্ৰায় ১৩.৫ কোটি হৈছে, পৰীক্ষাৰ মাত্ৰা বৃদ্ধিৰ ফলত সামগ্ৰিক পজিটিভিটিও ধাৰাবাহিকভাৱে হ্ৰাস পাইছে
ভাৰতে ২০২০ৰ জানুৱাৰীৰ পৰা ক’ভিড-১৯ৰ পৰীক্ষাৰ আন্তঃগাঁথনি ধাৰাবাহিকভাৱে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে, যাৰফলত নমূনা পৰীক্ষাৰ সংখ্যাও ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ১১,৫৯,০৩২টা নমূনা পৰীক্ষা কৰা হৈছে, যাৰফলত সামগ্ৰিক নমূনা পৰীক্ষাৰ সংখ্যা ১৩,৪৮,৪১,৩০৭টা হৈছে৷ আজি সামগ্ৰিক পজিটিভিটিৰ হাৰ ৬.৮৪%লৈ হ্ৰাস পাইছে৷ আজি দৈনিক পজিটিভিটিৰ হাৰ ৩.৮৩% হৈছে৷ দেশত এতিয়ালৈকে ১,১৬৭টা চৰকাৰী আৰু ৯৭১টা ব্যক্তিগত পৰীক্ষাগাৰসহ মুঠ ২,১৩৮টা পৰীক্ষাগাৰ গঢ় দিয়া হৈছে৷ ভাৰতত বৰ্তমান মুঠ আক্ৰান্তৰ ৪.৮২% ৰোগীয়ে চিকিৎসাধীন হৈ আছে৷ আৰোগ্যৰ হাৰ ৯৩.৭২%লৈ উন্নীত হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩৭,৮১৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ দেশত মুঠ আৰোগ্যৰ সংখ্যা আজি ৮৬,৪২,৭৭১জন লোক আৰোগ্য হৈছে৷ কেৰালাত সৰ্বাধিক ৫,১৪৯জন লোক আৰোগ্য হৈছে৷ ইফালে, বিগত ২৪ ঘণ্টাত দেশত ৪৪,৩৭৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াৰে ভিতৰত দিল্লীত সৰ্বাধিক ৬,২২৪জন লোক আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাটত দেশত ৪৮১জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত দিল্লীত সৰ্বাধিক ১০৯জন ৰোগীৰ মৃত্যু হৈছে৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1675537
নিৰীক্ষণ, কনটেইনমেণ্ট আৰু সাৱধানতাৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰিলে নিৰ্দেশনা
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আজি নিৰীক্ষণ, কনটেইনমেণ্ট আৰু সাৱধানতাৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ১ ডিচেম্বৰ, ২০২০ৰ পৰা ৩১.১২.২০২০লৈকে কাৰ্যকৰী হ’বলগীয়া এক নিৰ্দেশনা জাৰি কৰে৷ এই নিৰ্দেশনাৰ মুল লক্ষ্য হৈছে ক’ভিড-১৯ৰ সংক্ৰমণৰ বিৰুদ্ধে অৰ্জন কৰা সফলতাক একত্ৰিত কৰা৷ তদুপৰি, চলিত উৎসৱৰ বতৰত বৰ্ধিত আক্ৰান্তৰ লগতে অহা শীতকালৰ প্ৰতি লক্ষ্য ৰাখি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই নতুন নিৰ্দেশনা জাৰি কৰিছে, যাতে মহামাৰীক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা যায়৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1675624
ক’ভিড-১৯ সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰী সামৰণি বক্তব্যৰ মুলপাঠ
অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1675395
প্ৰধানমন্ত্ৰীয়ে ২৬ নৱেম্বৰত আৰই-ইনভেষ্ট ২০২০ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰৰ সন্ধিয়া ৫.৩০বজাত তৃতীয় গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগ সন্মিলন আৰু এক্সপ’(আৰই-ইনভেষ্ট ২০২০) উদ্বোধন কৰিব। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত সন্মিলনখন ২৬ৰ পৰা ২৮ নৱেম্বৰলৈ চলিব। আৰই-ইনভেষ্ট ২০২০ৰ মূল বিষয়বস্তু হ’ল ‘বহনক্ষম শক্তি স্থানান্তৰৰ বাবে নতুন উদ্ভাৱন’। নৱীকৰণযোগ্য আৰু ভৱিষ্যতৰ শক্তি বিকল্পক লৈ এখন ৩দিনীয়া সন্মিলনো অনুষ্ঠিত হ’ব। ইয়াৰ লগতে নিৰ্মাণকাৰী, বিনিয়োগকাৰী আৰু উদ্ভাৱকাৰীৰ মাজত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। আশা কৰা হৈছে যে ৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় মন্ত্ৰীপৰ্যায়ৰ প্ৰতিনিধি, ১০০০ গোলকীয় উদ্যোগী আৰু ৫০,০০০ প্ৰতিনিধিবৰ্গ সন্মিলনত উপস্থিত থাকিব। ভাৰতৰ নৱীকৰণযোগ্য শক্তিক আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰসাৰৰ লক্ষ্যৰে ২০১৫ আৰু ২০১৮ চনতো এইধৰণৰ সন্মিলনৰ আয়োজন কৰা হৈছিল।
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1675362
ভাৰত-ম্যানমাৰৰ মাজত যুটীয়া বাণিজ্য সমিতিৰ সপ্তম বৈঠক
ভাৰত আৰু ম্যানমাৰৰ মাজত যুটীয়া বাণিজ্য সমিতিৰ সপ্তম বৈঠকত ২৪ নৱেম্বৰ, ২০২০ত ভাৰ্চুৱেলী আয়োজন কৰা হয়৷ বৈঠকত ম্যানমাৰৰ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী ড০ থান মীণ্ট আৰু ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে যুটীয়াভাৱে অধ্যক্ষতা কৰে৷ আলোচনাত উভয় পক্ষই বাণিজ্য, বিনিয়োগ, বেংকিং, যোগাযোগ, সক্ষমতা গঢ় দিয়া আৰু সীমান্তৰ আন্তঃগাঁথনি উন্নত কৰা দিশকে ধৰি বহু দ্বিপাক্ষিক দিশে ঠাই পায়৷ উভয় পক্ষই ক’ভিড-১৯ মোকাবিলা কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপ আৰু প্ৰস্তুতিৰো পৰ্যালোচনা কৰে৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1675441
কেন্দ্রীয় মন্ত্রী শ্রী পীযূষ গোৱেলে ভাৰতীয় উদ্যোগক গুণমান আৰু উৎপাদনশীলতা বৃদ্ধিৰ দিশত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়
কেন্দ্রীয় উদ্যোগ আৰু বানিজ্য মন্ত্রী শ্রী পীযূষ গোৱেলে ভাৰতীয় উদ্যোগখণ্ডক গুণমান আৰু উৎপাদনশীলতাৰ বৃদ্ধিৰ দিশত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে৷ কালি বিভিন্ন উদ্যোগ সংগঠনৰ প্রতিনিধিসকলৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে এই বিষয়ত তেওঁলোকৰ বুদ্ধিদীপ্ত সহযোগিতাৰ প্রয়োজন, যাতে ভাৰতে উচ্চমানৰ দক্ষ উৎপাদনকাৰী, ব্যৱসায়ী আৰু সেৱা প্রদানকাৰী দেশ হিচাপে স্বীকৃতি পায়৷ তেওঁ কয় যে এই বিষয়টো বিভাগীয় বা আঞ্চলিক পৰ্যায়তো কৰিব পৰা যায়, যাতে সংশ্লিষ্ট সকলোৰে মাজত মত আৰু অভিজ্ঞতাৰ বিনিময় কৰিব পাৰে৷ শ্রী গোৱেলে কয় যে ডাঙৰ উদ্যোগ সংস্থাসমূহে তেওঁলোকৰ ত্রৈমাসিক ফলাফলত অধিকাংশে লাভ বৃদ্ধি পোৱাটো প্ৰদৰ্শিত কৰিছে৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1675360
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ
- অসমঃ কালি অসমত ১৫৭জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২,১১,৮৩৯ৰ বিপৰীতে ২,০৭,৬৪৬জন আৰোগ্য হৈছে৷ বৰ্তমান ৩,২১৪জন ৰোগী চিকিৎসাধীন হৈ আছে৷ অসমত এতিয়ালৈকে ৯৭৬জন ৰোগীৰ ক’ভিডত মৃত্যু হৈছে৷
- কেৰালাঃ কেৰালা শিক্ষা বিভাগে ৰাজ্যখনৰ শিক্ষকসকলক ১৭ ডিচেম্বৰৰ পৰা বিদ্যালয়লৈ পুনৰ যাবলৈ নিৰ্দেশ দিছে৷ একেদৰে ৫০ শতাংশ উপস্থিতিৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানো জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, কেৰালাত কালি দিনটোত ৫,৪২০গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ একেসময়তে ৫,১৪৯গৰাকী ৰোগী আৰোগ্যও হৈছে৷ মুঠ ২,০৯৫গৰাকী ক’ভিড ৰোগী মৃত্যু হোৱা কেৰালাত এতিয়া পজিটিভিটিৰ হাৰ ৯.০৪% হৈছে৷
- তামিলনাডুঃ কাৰাইকালত ঘূৰ্ণীবতাহৰ বাবে নিৰ্মাণ কৰা সাহায্য শিৱিৰত ক’ভিড ৰোগী বৃদ্ধিৰ আশংকা কৰা হৈছে৷ ইফালে, নিভাৰ ঘূৰ্ণীবতাহৰ বাবে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা লোকসকলৰ বাবে এটা মেডিকেল টীম সাজু কৰি ৰখাৰ লগতে তেওঁলোকক মাস্ক আদি প্ৰদান কৰা হৈছে৷ নিভাৰ ঘূৰ্ণীবতাহৰ বাবে হ’বলগীয়া ভূমিস্খলৰ পূৰ্বে উদ্ধাৰ অভিযানৰ বাবে ১৯টা এনডিআৰএফ টীম তামিলনাডু আৰু পুডুচেৰীলৈ প্ৰেৰণ কৰা হৈছে৷
- কৰ্ণাটক ৰাজ্যিক ক’ভিড-১৯ কাৰিকৰী উপদেষ্টা কমিটী(টিএচি)য়ে মঙলবাৰে এক বৈঠকত মিলিত হৈ ৰাজ্যখনত ক’ভিডৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ সন্দৰ্ভত আলোচনা কৰে৷ তদুপৰি, এই কমিটীয়ে প্ৰথমৰ পৰা নৱমমান শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক পৰীক্ষা অবিহনে উত্তীৰ্ণ কৰোৱাবলৈ শিক্ষা বিভাগক বিবেচনা কৰিবলৈ কয়৷ ৰাজ্যখনত এক তথ্য অনুসৰি ক’ভিডত মৃত্যু হোৱা ৭১%ই পুৰুষ৷
- অন্ধ্ৰপ্ৰদেশঃ মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহৰ ৰেড্ডিয়ে ১,০০০কোটি টকা জগনান্না থডু আঁচনিৰ শুভাৰম্ভ কৰে৷ ক্ষুদ্ৰ ব্যৱসায়ীক ১০,০০০কৈ সুদবিহীন ঋণপ্ৰদান কৰিবলগীয়া এই আঁচনিৰ অধীনত এতিয়ালৈকে ১০ লাখ ব্যৱসায়ীয়ে আৱেদন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ক’ভিড ভেকচিনৰ মজুত আৰু বিতৰণৰ ক্ষেত্ৰত বিষয়াসকলক কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷
- তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানা ৯৯৩গৰাকী নতুন আক্ৰান্ত, ১,১৫০জন আৰোগ্য আৰু ৪জন ক’ভিড ৰোগীৰ মৃত্যুৰ তথ্য পোৱা হৈছে৷ ৰাজ্যখনত ২,৬৬,০৪২গৰাকী মুঠ আক্ৰান্ত বিপৰীতে ২,৫৩,৭১৫জন আৰোগ্য হৈছে আৰু ১,৪৪১জনৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ১০,৮৮৬জন ৰোগী চিকিৎসাধীন হৈ আছে৷ আৰোগ্যৰ হাৰ ৯৫.৩৬%৷
- মহাৰাষ্ট্ৰঃ ৰাজ্য চৰকাৰে ক’ভিড-১৯ ভেকচিন বিতৰণৰ বাবে এক টাস্ক ফৰ্চ গঠন কৰিছে৷ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই জনোৱা মতে এই টাস্ক ফৰ্চে ভেকচিনৰ পৰ্যাপ্ততাৰ লগতে ইয়াৰ কাৰ্যকাৰীতাৰ সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰিব৷ ৰাজ্যখনে ক’ৰোনা ভাইৰাছ ভেকচিনৰ বিকাশমূলক কাম-কাজৰ ক্ষেত্ৰত ছেৰাম ইনষ্টিটিউটৰ সৈতে ধাৰাবাহিক যোগসূত্ৰ ৰক্ষা কৰি আহিছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘মোৰ পৰিয়াল মোৰ দায়িত্ব’ শীৰ্ষক অভিযানে ৰাজ্যখনত ক’ৰোনা আক্ৰান্তৰ সংখ্যা দৈনিক ২৪,০০০ৰ পৰা ৫,০০০লৈ হ্ৰাস কৰিলে৷ মহাৰাষ্ট্ৰই প্ৰতিদিনে লৈকে ৮০,০০০ ক’ভিড টেষ্ট কৰে৷
- গুজৰাটঃ কালি দিনটোত গুজৰাটত ১,৫১০জন নতুন আক্ৰান্তৰ বিপৰীতে ১,২৭৬জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমানলৈকে ৰাজ্যখনত ৭৩.৭৬লাখ ক’ভিডৰ নমূনা পৰীক্ষা কৰা হৈছে৷ ৰাজ্যখনত ১৪,০৪৪জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এতিয়ালৈকে ৩,৮৮৯জন ৰোগীৰ মৃত্যু হৈছে৷
- ৰাজস্থানঃ ৰাজ্যখনত ২৫,০০০তকৈ অধিক ৰোগী এতিয়া চিকিৎসাধীন হৈ আছে৷ বৰ্তমানলৈকে ক’ভিড ৰোগীৰ সংখ্যাই ২.৫লাখ আৰু আৰোগ্যৰ সংখ্যাই ২.২লাখৰ সীমা অতিক্ৰম কৰিলে৷ এতিয়ালৈকে ২,২০০জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
- মধ্যপ্ৰদেশঃ ৩ নৱেম্বৰৰ পৰা মধ্যপ্ৰদেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা ১২,৯৭৯জনলৈ বৃদ্ধি পাইছে৷
- চত্তীশগড়ঃ চত্তীশগড়ৰ সাধাৰণ প্ৰশাসন বিভাগে ৰায়পুৰ আৰু জগডালপুৰ বিমানবন্দৰৰ জৰিয়তে বাহিৰৰ পৰা অহা যাত্ৰীসকলৰ উপযুক্ত নিৰীক্ষণৰ নিৰ্দেশনা জাৰি কৰিছে৷ ৰাজ্যখনত বাহিৰৰ পৰা অহা লোকসকলে ১৪দিন ধন ভৰি কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক৷
- গোৱাঃ ৰাজ্যখনত কালি ১৬৭জন নতুন আক্ৰান্তৰ বিপৰীতে ৮৫জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ১,২২১জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ৮.৩৩%ৰ বিপৰীতে আৰোগ্যৰ হাৰ ৯৬.৯৬% হৈছে৷
FACT CHECK



******
(Release ID: 1675868)
Visitor Counter : 117