প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৫শ জি-২০ শিখৰ সন্মিলন

Posted On: 21 NOV 2020 10:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১-২২ নবেম্বৰ, ২০২০ত চৌডি আৰবৰ দ্বাৰা আয়োজিত ১৫শ জি-২০ শিখৰ সন্মিলনত ভাগ লয়। এই শিখৰ সন্মিলনত ১৯খন সদস্য ৰাষ্ট্ৰৰ শাসনাধ্যক্ষ/ৰাষ্ট্ৰাধ্যক্ষ, ইউৰোপীয় সংঘ, অন্য আমন্ত্ৰিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনে ভাগ লয়। কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই শিখৰ সন্মিলন ভাৰ্চুৱেল মাধ্যমত সঞ্চালিত কৰা হৈছিল।

 

২৷ প্ৰধানমন্ত্ৰীয়ে চৌডি আৰবৰ শাসক আৰু তেওঁৰ নেতৃত্বক এই বছৰৰ জি-২০ৰ সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনায় আৰু ২০২০ত কোভিড-১৯ মহামাৰীৰ দ্বাৰা সৃষ্ট প্ৰত্যাহ্বান আৰু বাধা সত্ত্বেও ভাৰ্চুৱেল মাধ্যমত দ্বিতীয় জি-২০ শিখৰ সন্মিলনৰ সফল আয়োজন কৰা বাবে প্ৰশংসা কৰে।

 

৩৷ চৌডি আৰবৰ অধ্যক্ষতাৰ জৰিয়তে আয়োজিত এই শিখৰ সন্মিলনৰ মুখ্য বিষয় আছিল-সকলোকে ২১শ শতিকাত সুযোগ প্ৰদান কৰা। এই সন্মিলনত প্ৰধানকৈ কোভিড-১৯ মহামাৰীৰে মোকাবিলা কৰাৰ ওপৰত অধিক মনোযোগ দিয়া হয়। দুদিনৰ এই শিখৰ সন্মিলনৰ মুখ্য এজেণ্ডা অনুসৰি দুখন সত্ৰ আয়োজন কৰা হয়। এই সময়ছোৱাত কোভিড মহামাৰীৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ, অৰ্থনৈতিক সংস্কাৰ সাধন কৰিবলৈ আৰু চাকৰিবিলাক বাহাল ৰাখিবলৈ আৰু এক সমাবেসী, দীৰ্ঘস্থায়ী আৰু সুচল ভৱিষ্য নিৰ্মাণৰ ওপৰত মনোযোগ দিয়া হয়। ইয়াৰ উপৰিও এই দুদিনত মহামাৰীৰে মোকাবিলা কৰাৰ প্ৰস্তুতি আৰু বিশ্বৰ সুৰক্ষা সন্দৰ্ভত আলোচনাৰ পৰিকল্পনাও ইয়াৰ অংশ হয়।

 

৪৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৰোণা মহামাৰী মানৱ ইতিহাসত এটা মহত্বপূৰ্ণ মোৰ আৰু কোভিড মহামাৰী দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান। তেওঁ কয় যে জি-২০ দেশসমূহে নিজৰ চৰ্চা কেৱল অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ কৰা, নিয়োগ আৰু বাণিজ্যতে সীমাবদ্ধ নাৰাখি পৃথিৱীৰ সংৰক্ষণৰ ওপৰতো বিবেচনা কৰা দৰকাৰ। তেওঁ ইয়াৰ বাবে নিৰ্ণায়ক পদক্ষেপৰ আহ্বান জনায় আৰু কয় যে আমি সকলোৱে মানৱতাৰ ভবিষ্যতৰ ন্যাসৰক্ষক।

 

৫৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কৰোণাৰ পৰা পৰিত্ৰাণ পোৱাৰ পিছত নতুন বৈশ্বিক সূচকাংক তৈয়াৰ কৰাৰ প্ৰয়োজন হ'ব, য'ত চাৰিটা প্ৰধান বিষয় অন্তৰ্ভুক্ত আছে। এই অনুসৰি প্ৰতিভাৰ বিশাল সেঁতু নিৰ্মাণ হওক, প্ৰযুক্তিগত প্ৰাপ্তি সমাজৰ সকলো শ্ৰেণীলৈকে হওক, পাৰদৰ্শী শাসন ব্যৱস্থা হওক আৰু পৃথিৱীৰ সংৰক্ষণৰ ভাব হওক। এই চাৰিটা কথা মনত ৰাখিহে জি-২০ৰ দেশে এখন নতুন বিশ্বৰ আধাৰশিলা ৰাখিব পাৰে।

 

৬৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা দশকবিলাকত পুঁজি আৰু বিত্তৰ ওপৰত অধিক জোৰ দিয়া হৈছে, কিন্তু এতিয়া মাল্টি-স্কিলিং আৰু ৰি-স্কিলিঙৰ ওপৰত জোৰ দিয়াৰ সময় আহি গৈছে যাতে মানৱ প্ৰতিভাৰ বিশাল সেঁতু নিৰ্মাণ হ'ব পাৰে। ই কেৱল নাগৰিকৰ গৰিমাকে নবঢ়ায়, বৰং আমাৰ নাগৰিকসকলৰ সন্মুখলৈ আহিবলগীয়া সংকটৰ মোকাবিলা কৰিবলৈ তেওঁলোকক অধিক স্থিতিস্থাপক কৰি তুলিব। তেওঁ লগতে কয় যে নতুন প্ৰযুক্তিৰ কোনো পৰিসংখ্যাই জীৱনক সহজ কৰা তথা জীৱনৰ মানদণ্ডৰ ওপৰত পৰিবলগীয়া ইয়াৰ প্ৰভাৱৰ ওপৰত আধাৰিত হোৱা দৰকাৰ।

 

৭৷ শ্ৰী মোদীয়ে শাসন ব্যৱস্থাত পাৰদৰ্শিতা বঢ়োৱাৰ আহ্বান জনায় যাতে মানুহৰ মাজত আত্মবিশ্বাস বঢ়াব পৰা যায় আৰু তেওঁলোক সকলো সম্ভাব্য প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ অনুপ্ৰাণিত হয়। তেওঁ লগতে কয় যে আমি নিজকে পৰিৱেশ আৰু প্ৰকৃতিৰ গৰাকী বুলি নাভাবি তাৰ সংৰক্ষক হোৱা উচিত। ই আমাক এক সামগ্ৰিক আৰু সুস্থ জীৱন শৈলীৰ দিশত অনুপ্ৰাণিত কৰিব, ইয়াৰ একোটা সিদ্ধান্তৰ বেঞ্চমাৰ্ক প্ৰতি কেপিটা কাৰ্বন ফুটপ্ৰিণ্ট হ'ব পাৰে।

 

৮৷ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে এতিয়া ঘৰৰ পৰাই কাম সম্পাদন কৰাটো কাৰ্যকৰী হৈছে, সেয়ে জি-২০ দেশসমূহে এটা ভাৰ্চুৱেল সচিবালয় গঠন কৰা দৰকাৰ, য'ত নথি-পত্ৰ সংৰক্ষণ কৰিব পৰা যায়।

 

৯৷ ১৫শ জি-২০ শিখৰ সন্মিলন ২২ নবেম্বৰ, ২০২০লৈকে চলিব আৰু সমাপন দিৱসত ঘোষণা পত্ৰ জাৰি কৰা হ'ব আৰু চৌডি আৰবৰ দ্বাৰা সমূহৰ অধ্যক্ষতা ইটালীক অৰ্পণ কৰা হ'ব।

 

*****

AM



(Release ID: 1675404) Visitor Counter : 212