প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশত গ্ৰামীণ খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
Posted On:
22 NOV 2020 2:54PM by PIB Guwahati
চাওঁক, জীৱনৰ এক বৃহৎ সমস্যা যেতিয়া সমাধান হ’বলৈ আৰম্ভ হয়, তেতিয়া এক ভিন্নধৰণৰ বিশ্বাস কিম্বা আস্থাবোধ মুখমণ্ডলত প্ৰতিফলিত হয়। আপোনালোক সকলোৰে সৈতে বাৰ্তালাপ কাৰ্যসূচী আয়োজনৰ কথা আছিল, কিন্তু প্ৰযুক্তিগত কিছু অসুবিধাৰ বাবে সকলোৰে সৈতে কথা পাতিবলৈ সক্ষম নহলো, বা সম্ভৱ নহ’ল। কিন্তু মই আপোনালোক সকলোকে দেখিবলৈ পাইছিলো, আৰু আপনালোকৰ মুখমণ্ডলত সেই বিশ্বাসৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছিলো। যিদৰে আপোনালোকে উৎসৱত পিন্দাৰ দৰেকৈ সাজ-পোছাক পৰিধান কৰিছে, তেনেবোৰ সাজ পোছাক পিন্ধি মোলৈ চাইছে। তাৰ মানে কিমান উৎসাহ আৰু উদ্দীপনাৰে আপোনালোক ভৰপূৰ, মই যেন আপোনালোকৰ মনৰ কথা বুজিবলৈ পাৰিছিলো। এই উৎসাহ, এই উদ্দীপনাই বুজাই দিছে যে এই প্ৰকল্পটোৰ গুৰুত্ব কিমান বেছি। পানীৰ প্ৰতি আপোনালোক প্ৰত্যেকৰে সংবেদনশীলতা কিমান, আপোনালোকৰ ঘৰত বিয়াৰ আয়োজন হ’লে যিধৰণৰ এক অনন্য পৰিৱেশ গঢ়ি উঠে, আজি আপোনালোকে তেনে এক পৰিৱেশেই গঢ়ি তুলিছে।
ইয়াৰ অৰ্থ হ’ল, চৰকাৰে আপোনালোকৰ সমস্যাবোৰ বুজিব পাৰে। সমস্যাবোৰৰ সমাধানৰ বাবে সঠিক লক্ষ্যলৈ আগুৱাইছে। যেতিয়া আপোনালোকে ইমান বিপুল সংখ্যক লোক আজিৰ এই অনুষ্ঠানত জড়িত হৈছে, ইমান উৎসাহ আৰু উদ্দীপনাক লৈ জড়িত হৈ পৰিছে, তেতিয়াই মোৰ মনৰ বিশ্বাস আৰু দৃঢ় হ’ল যে এই প্ৰকল্প যিমান দ্ৰুতভাৱে সম্পন্ন হ’ব বুলি ভবা হৈছে, তাতকৈও ক্ষীপ্ৰতাৰে বাস্তৱায়িত হ’ব। সম্ভৱতঃ, আপোনালোকৰ বহু ধন ৰাহি হ’ব আৰু কামবোৰো ভাল হ’ব, কাৰণ গণ-অংশীদাৰীত্বৰ মাধ্যমেৰে যি কোনো কামতেই খুব ভাল পৰিণাম পোৱা যায়।
আমাৰ সকলোৰে ওপৰত মা বিন্ধ্যবাসীনিৰ অশেষ কৃপা আছে। আজি এই অঞ্চলৰ লাখ লাখ পৰিয়ালৰ বাবে এই বিশেষ প্ৰকল্প আৰম্ভ হ’বলৈ আগবাঢ়িছে। এই প্ৰকল্পৰ মাধ্যমেৰে লাখ লাখ পৰিয়ালে তেওঁলোকৰ ঘৰতে নলৰ মাধ্যমেৰে বিশুদ্ধ খোৱাপানী লাভ কৰিব। এই অনুষ্ঠানত আজি মোৰ সৈতে সংযুক্ত হৈছে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল জী, সোণভদ্ৰত আপোনালোকৰ সৈতে উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ যশস্বী মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, মোৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সহযোগী শ্ৰী গজেন্দ্ৰ সিং-জী, উত্তৰ প্ৰদেশৰ মন্ত্ৰী ভাই মহেন্দ্ৰ সিং-জী, অন্যান্য মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, বিন্ধ্যাঞ্চলৰ মোৰ আদৰৰ ভনীসকল আৰু অনুষ্ঠান প্ৰাঙ্গণত উপস্থিত ভাইসকলক মই অশেষ অভিনন্দন জনাইছো।
বন্ধুসকল,
বিন্ধ্য পৰ্বত সংলগ্ন এই সমগ্ৰ এলেকাত প্ৰাচীনকালৰে পৰাই বিশ্বাস, পবিত্ৰতা আৰু আস্থাৰ এক বৃহৎ কেন্দ্ৰ গঢ়ি উঠিছে। উত্তৰ প্ৰদেশৰ অনেকেই জানে, ৰহিম দাস জীয়ে কি কৈ গৈছে! ৰহিম দাস জীয়ে কৈছিল – “যাপৰ বিপদা পৰথে, সো আবত ইয়েহি দেশ!” (যাৰ ওপৰত বিপদত আহি পৰে, সিয়েই এই দেশলৈ আহে!)
ভাই ভনীসকল, ৰহিম দাস জীৰ এই বিশ্বাসৰ কাৰণ হৈছে এই অঞ্চলৰ অপাৰ সম্পদ। এই অঞ্চলৰ অপাৰ সম্ভাৱনা। এই বিন্ধ্য পৰ্বতৰ পৰা শিপ্ৰা বেণগঙ্গা, সোণ, মহানদী, নৰ্মদা, কিমান যে নদী ধাৰা বাহিৰলৈ আহিছে। মা গঙ্গা, বেলন আৰু কৰ্মনাশা নদীবোৰৰ আশীৰ্বাদো এই অঞ্চলৰ মানুহখিনিয়ে লাভ কৰিছে। কিন্তু স্বাধীনতাৰ পিছৰে পৰা কেবা দশক ধৰি উপেক্ষাৰ চিকাৰো হৈছে এই অঞ্চল। উপেক্ষাৰ চিকাৰ হৈছে বিন্ধ্যাচল, বুন্দেলখণ্ডৰ এই সমগ্ৰ এলেকা। ইমান সম্পদ থকা সত্ত্বেও এই অঞ্চলৰ লোকসকল অভাৱগ্ৰস্থ হৈ পৰিছে। ইমান নদী থকা সত্ত্বেও এই অঞ্চলৰ পৰিচয় আটাইতকৈ বেছি তৃষ্ণাৰ্ত আৰু খৰাং প্ৰভাৱিত অঞ্চলৰ মাজত ধৰা হয়। ইয়াৰ ফলত, এই অঞ্চলৰ বহু মানুহ ইয়াৰ পৰা পলাই যাবলৈ বাধ্য হয়।
বন্ধুসকল,
বিগত বৰ্ষবোৰত বিন্ধ্যাঞ্চলৰ এই কঠিন সমস্যাবোৰ দূৰ কৰাৰ বাবে নিৰন্তৰ কাম কৰা হৈছে। ইয়াত ঘৰে ঘৰে পানী উপলব্ধ কৰোৱা আৰু জলসিঞ্চনৰ সুবিধা গঢ়ি তোলা এই প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ অংশ। বিগত বছৰত বুন্দেলখণ্ডত পানী সৰবৰাহ সংক্ৰান্তীয় বৃহৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল। তাৰ কাম দ্ৰুতগতিত আগুৱাই নিয়া হৈছে। আজি ৫,৫০০ কোটি টকা বিনিয়োগেৰে 'বিন্ধ্য জলপূৰ্তি যোজনা’ৰ শিলান্যাস কৰা হ’ল।
এই প্ৰকল্পৰ বাবে সোণভদ্ৰ আৰু মিৰ্জাপুৰ জিলাৰ লাখ লাখ বন্ধুৰ, আৰু বিশেষকৈ মা, ভনী আৰু কন্যাসকলক বহু বহু শুভেচ্ছা জনাইছো। এয়া আমাৰ বাবে এক ডাঙৰ সুযোগ। আজি যেতিয়া এই এলেকাৰ জনসাধাৰণৰ সৈতে কথা পাতিছো তেতিয়া অত্যন্ত স্বাভাৱিকভাৱেই মই মোৰ পুৰণি বন্ধু স্বৰ্গীয় সোনেলাল পেটেলজীক স্মৰণ কৰিছো। তেওঁৰ কথা খুৱ মনলৈ আহিছে। তেওঁ এই এলেকাৰ পানীৰ সমস্যাক লৈ সকলো সময়তে অত্যন্ত চিন্তিত আছিল। এই প্ৰকল্পবোৰ আৰম্ভ হোৱা দেখি আজি সোনেলাল জীৰ আত্মা য’তেই নাতাকক কিয়, তেওঁ খুৱ আনন্দ পাব আৰু আমাক সকলোকে আশীৰ্বাদ কৰিব।
ভাই ভনীসকল,
আগন্তুক দিনবোৰত যেতিয়া ইয়াত ৩ হাজাৰ গাওঁত নলৰ মাধ্যমেৰে খোৱাপানী উপলব্ধ হ’ব, তেতিয়া ৪০ লাখৰো অধিক লোকৰ জীৱন পৰিবৰ্তন হৈ পৰিব। ইয়াৰ মাধ্যমেৰে উত্তৰ প্ৰদেশ তথা দেশৰ প্ৰত্যেকটো ঘৰতে খোৱাপানী উপলব্ধ কৰোৱাৰ সংকল্প আৰু শক্তিশালী হৈ উঠিব। এই প্ৰকল্প ক’ৰোনা সংক্ৰমণ সত্ত্বেও আমাৰ উন্নয়ন প্ৰকল্পবোৰৰ কাম দ্ৰুতগতিত আগুৱাই নিয়াৰ উদ্যোগৰ এক উৎকৃষ্ট উদাহৰণ। বিশেষকৈ, উত্তৰ প্ৰদেশত এই কাম অত্যন্ত দ্ৰুতগতিত আগুৱাইছে। ইয়াৰ পূৰ্বে যিসকলে উত্তৰ প্ৰদেশ সম্পৰ্কে ভাবিছিল, অনুমান কৰিছিল, আজি যিদৰে উত্তৰ প্ৰদেশত এটাৰ পিছত এটাকৈ বিভিন্ন প্ৰকল্প আৰম্ভ হৈছে, উত্তৰ প্ৰদেশ চৰকাৰৰ কৰ্মচাৰীসকলৰ ভাৱমূৰ্তি মানুহৰ মনত সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈছে।
এনেদৰে এই সময়ৰ ভিতৰতে উত্তৰ প্ৰদেশত কৰোনাৰ বিৰুদ্ধে যিদৰে প্ৰতিৰোধ গঢ়ি তোলা হৈছে, প্ৰবাসৰ পৰা গাওঁলৈ উভতি অহা শ্ৰমিক বন্ধুসকলৰ সুখ-সুবিধাৰ প্ৰতি যিদৰে লক্ষ্য ৰখা হৈছে, তেওঁলোকৰ ৰোজগাৰৰ ব্যৱস্থা কৰা হৈছে, এয়া এক সাধাৰণ কাম নহয়। ইমান এক বৃহৎ ৰাজ্যত ইমান সূক্ষ্মাতিসূক্ষ্মভাৱে একেলগে ইমানদিন ধৰি কাম কৰি থকা সাধাৰণ কথা নহয়। উত্তৰ প্ৰদেশে এইক্ষেত্ৰত অসাধ্য সাধন কৰিছে। মই উত্তৰ প্ৰদেশৰ জনগণক, উত্তৰ প্ৰদেশৰ চৰকাৰক আৰু যোগীজীৰ নেতৃত্বাধীন সম্পূৰ্ণ দলটোকেই বহু বহু শুভেচ্ছা জনাইছো।
বন্ধুসকল,
প্ৰত্যেক ঘৰে ঘৰে খোৱাপানী উপলব্ধ কৰোৱাৰ অভিযান আৰম্ভ হোৱাৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গৈছে। এই সময়ৰ ভিতৰত দেশৰ ২ কোটি ৬০ লাখৰো অধিক পৰিয়াললৈ নলৰ মাধ্যমেৰে বিশুদ্ধ খোৱাপানী উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ মাজতে আমাৰ উত্তৰ প্ৰদেশৰ কেবালাখ পৰিয়াল উপকৃত হৈছে।
আমি আমাৰ গাওঁত বসবাস কৰা ভাই - ভনীসকলৰ বাবে চহৰৰ দৰে সেৱা প্ৰদানৰ বাবে নিৰন্তৰ চেষ্টা কৰি আছো। আজি যিবোৰ প্ৰকল্প আৰম্ভ হৈছে, সেইবোৰৰ মাধ্যমেৰেও এই অভিযান আৰু গতিশীল হ’ব। তাৰ উপৰিও, 'অটল ভূ-জল যোজনা'ৰ মাধ্যমেৰে জলস্তৰ বৃদ্ধিৰ বাবে যি কাম কৰা হৈছে, সেয়াও এই অঞ্চলৰ মানুহৰ যথেষ্ট উপকাৰ হ’ব।
ভাই ভনীসকল,
আমাৰ গুণীজন কৈ গৈছে, ‘এক পন্থ, দো কাজ'। কিন্তু আজি যিবোৰ প্ৰকল্প ৰচিত হৈছে, তাত এনে হৈছে যে 'এক পন্থ অনেক কাজ'। একেই কামৰ মাধ্যমেৰেও অনেক লক্ষ্য সিদ্ধি হৈছে। জলজীৱন মিশ্যনৰ মাধ্যমেৰে ঘৰে ঘৰে নলৰ মাধ্যমেৰে পানী প্ৰেৰণ কৰাৰ ফলত আমাৰ মা-ভনীহঁতৰ জীৱন সহজ হৈ পৰিছে। ইয়াৰ দ্বাৰা আমাৰ দৰিদ্ৰ পৰিয়ালবোৰৰ স্বাস্থ্য সুৰক্ষিত হৈছে। ইয়াৰ ফলত, অপৰিস্কাৰ পানীৰ পৰা যি কলেৰা, টাইফয়েড, এনকেফেলাইটিছৰ দৰে বিভিন্ন ৰোগত মানুহ আক্ৰান্ত হৈছিল, সেইবোৰৰ প্ৰকোপ এতিয়া যথেষ্ট হ্ৰাস পাইছে।
কেৱল সেয়াই নহয়, এই প্ৰকল্পৰ মাধ্যমেৰে মানুহৰ সমান্তৰালকৈ পশুধনৰো যথেষ্ট উপকাৰ হৈছে। পশুবোৰে যদি পৰিস্কাৰ পানী পান কৰে, তেন্তে সিঁহত যথেষ্ট সুস্থ হৈ থাকে। গৃহপালিত পশুবোৰ সুস্থ হৈ থাকিলে কৃষকৰ আৰু পশুপালকৰ জীৱনৰ সমস্যা যথেষ্ট কমি যায়। সিঁহতৰ জীৱনৰ পৰা এই সমস্যাবোৰ আঁতৰাই নিয়াৰ লক্ষ্যৰে আমি আগুৱাই গৈছো। ইয়াত উত্তৰ প্ৰদেশত যোগীজীৰ চৰকাৰৰ প্ৰচেষ্টাত যিদৰে এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে তাৰ চৰ্চা এতিয়া বহুদূৰ পৰ্যন্ত আগবাঢ়িছে। বিশেষজ্ঞসকলেও ইয়াকে লৈ আলোচনা কৰিছে। নিৰ্দোষ শিশুবোৰৰ জীৱন ৰক্ষা কৰিবৰ বাবে যোগীজী আৰু তেওঁৰ সমগ্ৰ দলটোৱে যিদৰে কাম কৰিছে, উত্তৰ প্ৰদেশৰ সাধাৰণ মানুহৰ কাষৰ পৰা তেওঁলোকে যিদৰে আশীৰ্বাদ পাইছে, সেয়া পূৰ্বে কেতিয়াও কল্পনাও কৰা নাছিলো। যেতিয়া বিন্ধ্যাচলৰ হাজাৰ হাজাৰ গাওঁত নলৰ মাধ্যমেৰে খোৱাপানী উপলব্ধ হ’ব, তেতিয়া এই অঞ্চলৰ নিৰ্দোষ শিশুহঁতৰ স্বাস্থ্যও উন্নত হ’ব, সিঁহতৰ শাৰীৰিক আৰু মানসিক বিকাশ আৰু উন্নত হ’ব। কেৱল সেয়াই নহয়, যেতিয়া বিশুদ্ধ খোৱাপানী পোৱা যাব, তেতিয়া অপুষ্টিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম আৰু বেছি ফলদায়ক হ’ব। অপুষ্টিৰ বিৰুদ্ধে আমি যি পৰিশ্ৰম কৰিছো সেয়া যথেষ্ট সুফলদায়ক হ’ব।
বন্ধুসকল,
‘জলজীৱন মিশ্যন’ চৰকাৰৰ সেই সংকল্পৰ অংগ যাৰ মাধ্যমেৰে স্বৰাজৰ শক্তিক গাওঁৰ বিকাশৰ মাধ্যম কৰি তোলা হৈছে। গ্ৰাম স্বৰাজ – এই ভাৱনাক লৈ গাওঁ পঞ্চায়তবোৰক, স্থানীয় সংস্থাবোৰক যথাসম্ভৱ অধিকাৰ প্ৰদান কৰা হৈছে। জলজীৱন মিশ্যনৰ মাধ্যমেৰে ঘৰে ঘৰে পানী প্ৰেৰণ কৰাৰ পৰা আৰম্ভ কৰি জল ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ওপৰত জোৰ দিয়া হৈছে। আৰু এইক্ষেত্ৰত গাওঁৰ মানুহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিব। গাওঁত পানীৰ উৎসবোৰৰ সংৰক্ষণক লৈ জনসচেতনতা বৃদ্ধিৰ কামো কৰা হৈছে, পানী সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে।
চৰকাৰ এক বন্ধুৰ দৰে, সহায়কৰ দৰে, আপোনালোকৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰৰ দৰে আপোনালোকৰ কাষত সদায়েই আছে। কেৱল জলজীৱন মিশ্যনেই নহয়, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ মাধ্যমেৰেও যিসকল দৰিদ্ৰ লোকৰ বাবে ঘৰ পকী কৰি দিয়া হৈছে, তাতো সেই একেই ভাৱনাৰে প্ৰতিফলন দেখা গৈছে। কোন এলেকাত কেনেধৰণৰ ঘৰ হ’ব, কিহেৰে ঘৰ নিৰ্মাণ হ’ব, আগৰ দৰে এইবোৰ বিষয় আৰু দিল্লীত বহি থাকি নিৰ্ধাৰণ কৰিব পৰা নাযায়। যদি কোনো আদিবাসী গাওঁত বিশেষ পৰম্পৰাৰ ঘৰ নিৰ্মাণ কৰা হয়, তেন্তে দিল্লীত বহি কোনোৱে যদি ভাবে যে তেনেধৰণৰ ঘৰ নিৰ্মাণ কৰিলে নচলিব, সেয়া ভুল। সেইঠাইৰ আদিবাসী বন্ধুসকলে যিদৰে থাকে, যিধৰণৰ তেওঁলোকৰ আচাৰ-আচৰণ, তেওঁলোকৰ স্বভাৱৰ অনুকূল ঘৰ নিৰ্মাণ কৰা উচিত। চৰকাৰে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ মাধ্যমেৰে তেওঁলোকৰ সমূখত তেনেধৰণৰ ঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে।
ভাই ভনীসকল,
মানুহে যেতিয়া নিজৰ গাওঁৰ উন্নয়নৰ বাবে নিজে সিদ্ধান্ত গ্ৰহণ কৰাৰ স্বাধীনতা লাভ কৰে, আৰু তেওঁলোকৰ সিদ্ধান্ত অনুযায়ী কাম হয়, তেতিয়া সেই গাওঁৰ প্ৰত্যেকগৰাকী ব্যক্তিৰে আত্মবিশ্বাস বৃদ্ধি পায়। আত্মনিৰ্ভৰ গাওঁবোৰে আত্মনিৰ্ভৰ ভাৰত অভিযানক অধিক শক্তিশালী কৰি তুলিছে। ইয়াত থলুৱাভাৱে উৎপাদিত পণ্য বেছিকৈ ব্যৱহাৰ কৰা হয়। থলুৱা স্তৰৰ দক্ষ লোকসকলক অধিক কৰ্মসংস্থান প্ৰদান কৰা হয়। ৰাজমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি ফিটাৰ, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান – এইধৰণৰ বহু বন্ধুৱে গাওঁত বা পাৰ্শ্বৱৰ্তী গাওঁত তেওঁলোকৰ কৰ্মসংস্থান হয়।
বন্ধুসকল,
উন্নয়নৰ ক্ষেত্ৰত আমাৰ গাওঁবোৰক, গাওঁত বসবাস কৰা দৰিদ্ৰ লোকসকলৰ আৰু আদিবাসী লোকসকলক আমাৰ চৰকাৰে যিমান অগ্ৰাধিকাৰ দিছে, সেই ধৰণৰ সুবিধা তথা গুৰুত্ব ইয়াৰ পূৰ্বে আন কোনো চৰকাৰেই দিয়া নাছিল। দৰিদ্ৰৰ পৰা দৰিদ্ৰতম মানুহখিনিক এলপিজি গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰকল্পৰ মাধ্যমেৰে গাওঁ আৰু অৰণ্য অধ্যুষিত এলেকাত থকা মানুহখিনিৰ দ্বিগুণ লাভ হৈছে। প্ৰথমতে, লাভৱান হৈছে আমাৰ মা-ভনীহঁত। তেওঁলোকে কাঠখৰিৰ ধোঁৱাৰ মাজত ৰন্ধা বঢ়া কৰাৰ পৰা ৰক্ষা পাইছে। কাঠখৰি বিচাৰি তেওঁলোকে যি সময় আৰু শ্ৰম ব্যয় কৰিবলগীয়া হৈছিল, তাৰ পৰাও তচেওঁলোকে মুক্তি পাইছে। ইয়াত আজি বিপুল সংখ্যক মা-ভনী বহি আছে। আগতে যেতিয়া আমি কাঠৰ খৰি জ্বলাই খাদ্যসামগ্ৰী প্ৰস্তুত কৰিছিলো, তেতিয়া মা-ভনীহঁতৰ শৰীৰত এদিনতে ৪০০ চিগাৰেট খালে যিমান ধোঁৱা প্ৰৱেশ কৰে, সিমান ধোঁৱা হাওঁফাওঁত প্ৰৱেশ কৰিছিল। ঘৰৰ শিশুসকলেও সেই ধোঁৱা খাবলৈ বাধ্য হৈছিল। মায়ে ৰন্ধন কাৰ্যত ব্যস্ত থাকোতেই ৪০০ চিগাৰেটৰ সমান ধোঁৱা ঘৰৰ আন আন সদস্যসকলৰ শৰীৰলৈকো যায়। তেন্তে তেওঁলোকৰ শৰীৰৰ অৱস্থা কি হ’ব? তাৰ পৰা মুক্তি দিয়াৰ বাবে আমি এক বৃহৎ অভিযান আৰম্ভ কৰিছিলো, আৰু সেয়া হৈছে ঘৰে ঘৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰদান, যাতে ইয়াৰ মাধ্যমেৰে আমাৰ মা-ভনীহঁতে প্ৰতিদিনে ৪০০ চিগাৰেটৰ সমান ধোঁৱা আৰু শৰীৰলৈ নিবলগীয়া নহয়। আনহাতে, ৰন্ধনৰ বাবে কাঠখৰি সংগ্ৰহৰ বাবে জঙ্গললৈ গৈ পৰিশ্ৰম আৰু সময় নষ্ট কৰিবলগীয়া নহয়।
দেশৰ আন আন গাওঁবোৰৰ দৰে এই অঞ্চলৰ গাওঁবোৰতো বিদ্যুৎৰ সমস্যা আছিল। আজি এই অঞ্চলে সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত বিশ্বত অগ্ৰণী ভূমিকা পালন কৰিছে। ভাৰতৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ উঠিছে। মিৰ্জাপুৰৰ সৌৰশক্তি উৎপাদন কেন্দ্ৰই এই অঞ্চলৰ উন্নয়নত এক নতুন অধ্যায় লিখিছে। এনেদৰে জলসিঞ্চনৰ ক্ষেত্ৰতো অনেক নতুন সুবিধা আৰম্ভ হোৱাত ইমানদিনে অভাৱগ্ৰস্থ হৈ থকা বিন্ধ্যাচল, দেশৰ অন্যান্য অঞ্চলৰ তুলনাত পিছ পৰি থকা বিন্ধ্যাচল এতিয়া দ্ৰুতগতিৰে আগবাঢ়ি আহিছে। এই এলেকাত দীৰ্ঘকাল ধৰি বন্ধ হৈ থকা জলসিঞ্চন প্ৰকল্পবোৰ এতিয়া সম্পূৰ্ণ কৰা হৈছে। আনফালে, অনুৰ্বৰা ভূমিত কৃষকসকলে যাতে সৌৰবিদ্যুৎ উৎপাদনৰ মাধ্যমেৰে অতিৰিক্ত উপাৰ্জন কৰিব পাৰে, তাৰ বাবেও তেওঁলোকক সহায় কৰা হৈছে। আমাৰ অন্নদাঁতাসকল এতিয়া শক্তিদাতাও হৈ উঠিছে। তেওঁলোকে যি শস্য উৎপাদন কৰিছে, তাক লৈয়েই আমাৰ পেট ভৰিছে। এতিয়া তেওঁলোকে নিজৰ খেতিত ফচলৰ সমান্তৰালকৈ শক্তিও উৎপাদন কৰিছে আৰু নিজৰ লগতে আনৰো জীৱন আলোকিত কৰি তুলিছে।
আমি বিন্ধ্য এলেকাৰ উন্নয়নৰ বাবে যথাসম্ভৱ চেষ্টা কৰিছো। এই এলেকাত চিকিৎসা পৰিকাঠামো উন্নত কৰাৰ পৰা আৰম্ভ কৰি উন্নতমানৰ পথ নিৰ্মাণ – এই ধৰণৰ অনেক উন্নয়ন প্ৰকল্প দ্ৰুতগতিৰে আগুৱাইছে। বিদ্যুৎৰ পৰিস্থিতি পূৰ্বে কেনে আছিল আৰু এতিয়া কেনে হৈছে, সেয়া আপোনালোকতকৈ ভালকৈ আৰু কোনে জানে?
ভাই ভনীসকল,
গাওঁত বিশ্বাস আৰু উন্নয়নৰ অভাৱৰ পৰিপ্ৰেক্ষিতত আৰু এক বৃহৎ সমস্যা আছিল, সেয়া হৈছে ঘৰ আৰু মাটিক লৈ বিবাদ। উত্তৰ প্ৰদেশৰ এই অঞ্চলত বসবাসকাৰী মানুহতকৈ বেছি এই সমস্যাক আৰু কোনে বুজিব! এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ভূমি হস্তান্তৰৰ কোনো আইনসন্মত দলিল নাছিল। কোনো লোকৰ ঘৰ থাকিলে সেই ঘৰটো কিমান দীঘল, কিমান ওখ, কিমান বহ থাকিব লাগিব তাক লৈ কোনো কাগজ নাছিল। দশক দশক ধৰি মানুহে এনেদৰেই জীৱন নিৰ্বাহ কৰি আহিছিল আৰু এইবোৰ সমস্যাত জৰ্জৰিত আছিল। বিবাদ, মোকৰ্দ্দমা, মাৰপিট বৃদ্ধি পাই আহিছিল। কোনোৱে কাৰোবাৰ ডিঙি কাটি দিছিল, ককাই-ভাইৰ মাজত কাঁজিয়া হৈছিল।
এক ফুট মাটিৰ বাবে প্ৰতিবেশীৰ সৈতে কাঁজিয়া হৈছিল। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে 'স্বামীত্ব যোজনা'ৰ মাধ্যমেৰে উত্তৰ প্ৰদেশত ড্ৰোন প্ৰযুক্তিৰে ঘৰ আৰু মাটিৰ মানচিত্ৰায়ন আৰম্ভ হৈছে। এই মানচিত্ৰবোৰৰ ভিত্তিত ঘৰ আৰু মাটিৰ আইনসন্মত দলিল ঘৰ আৰু মাটিৰ মালিকসকলৰ হাতত তুলি দিয়া হৈছে। ইয়াৰ ফলত গাওঁবাসী দৰিদ্ৰ, আদিবাসী, ভুমি বঞ্চিত বন্ধুসকলক ভুমি আৰু ঘৰ জবৰদস্তি দখল হোৱাৰ আশংকাৰ পৰা নিশ্চিন্ত হৈ তেওঁলোকে জীৱনযাপন কৰিব পাৰিব। মই জানো যে গুজৰাটত আপোনালোকৰ অঞ্চলৰ পৰা বহু মানুহ কাম কৰিবলৈ যায়। তেওঁলোকৰ সৈতে মই বহু কথাই পাতিছো আৰু এই সমস্যাবোৰৰ কথাও শুনিছো। এতিয়া এই দলিল হাততে পোৱাৰ পিছত আপোনালোক সকলোৱেই এইবোৰ সংকটৰ পৰা মুক্ত হ’ব। কেৱল সেয়াই নহয়, প্ৰয়োজন সাপেক্ষে আপোনাৰ ঘৰ-মাটিৰ যি দলিল, সেই কাগজ বেংকত জমা ৰাখি আপোনালোকে ঋণ ল’বও পাৰিব।
বন্ধুসকল,
আজি আমাৰ চৰকাৰে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস' – এই মন্ত্ৰ লৈয়েই আগবাঢ়িছে। এই মন্ত্ৰ এতিয়া দেশৰ প্ৰত্যেক অংশতে, প্ৰত্যেক নাগৰিকৰ বিশ্বাসৰ মন্ত্ৰত পৰিণত হৈছে। আজি দেশৰ প্ৰত্যেক এলেকাৰ প্ৰতিগৰাকী মানুহে অনুভৱ কৰিছে যে চৰকাৰ তেওঁলোকৰ কাষত উপস্থিত হৈছে আৰু তেওঁলোকো দেশৰ উন্নয়নৰ অংশীদাৰ। আমাৰ জনজাতি অধ্যুষিত অঞ্চলবোৰতো আজি এই আত্মবিশ্বাসে তেওঁলোকৰ মাজত এক নতুন শক্তি জগাইছে, সেয়া আমি দেখিবলৈ পাইছো। জনজাতি অধ্যুষিত এলেকাবোৰত মূল সেৱাবোৰ এতিয়া সুন্দৰভাৱে উপলব্ধ হৈছে। আৰু এই এলেকাবোৰৰ বাবে ৰচিত বিশেষ প্ৰকল্পৰ মাধ্যমেৰেও নতুন নতুন সেৱা উপলব্ধ হ’ব। বিভিন্ন জনজাতিৰ যুৱক-যুৱতীসকলৰ শিক্ষাৰ বাবে সমগ্ৰ দেশতে কেবাশ 'একলব্য আবাসিক মডেল স্কুল’ মঞ্জুৰ কৰা হৈছে। এইবোৰৰ মাধ্যমেৰে আমাৰ জনজাতি অধ্যুষিত অঞ্চলৰ শিশুসকলে ছাত্ৰাবাসৰ পৰা পঢ়া-শুনা কৰিব পাৰিব। তেওঁলোকৰ বাবে ভালেমান স্কুল উত্তৰ প্ৰদেশতো খোলা হৈছে। প্ৰত্যেক জনজাতি অধ্যুষিত ব্লকতে এই ধৰণৰ ছাত্ৰাবাস আৰু পঢ়া-শুনাৰ সুবিধা গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে।
পঢ়া-শুনাৰ সমান্তৰাকৈ ৰোজগাৰৰ সম্ভাৱনাও বিচাৰি উলিওৱা হৈছে। অৰণ্যজাত পণ্য সামগ্ৰীৰ ভাল দাম যেন আদিবাসীসকলে পায়, তাৰ বাবে সমগ্ৰ দেশতে ১,২০০ টা বনধন কেন্দ্ৰ খোলা হৈছে। এইবোৰৰ মাধ্যমেৰে কেবাশ কোটি টকাৰ ব্যৱসায় সম্ভৱ হৈছে।
কেৱল সেয়াই নহয়, এতিয়া আত্মনিৰ্ভৰ ভাৰত অভিযানৰ মাধ্যমেৰে অৰণ্যজাত বিভিন্ন উপাদানভিত্তিক শিল্পোদ্যোগো আদিবাসী এলেকাবোৰত আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। জনজাতি এলেকাবোৰৰ উন্নয়নৰ বাবে যাতে ধনৰ অভাৱ নহয়, তাৰ বাবে জিলাই জিলাই ডিষ্ট্ৰিক্ট মিনাৰেল ফাণ্ড গঢ়ি তোলা হৈছে। ইয়াৰ আঁৰৰ ভাৱনাটো হ’ল, জনজাতি অধ্যুষিত অঞ্চলবোৰৰ পৰা যি খনিজ সম্পদ পোৱা যায়, সেইবোৰৰ একোটা অংশ যেন সেই অঞ্চলৰ উন্নয়ন প্ৰয়োগ কৰা হয়। উত্তৰ প্ৰদেশতো এই পুঁজিৰ দ্বাৰা এইপৰ্যন্ত ৮০০ কোটি টকা সংগ্ৰহ কৰা সম্ভৱ হৈছে। ইয়াৰ মাধ্যমেৰে ৬,৫০০ তকৈও অধিক প্ৰকল্প মঞ্জুৰ কৰা হৈছে আৰু কেবাশ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিছে।
বন্ধুসকল,
এইদৰে অসংখ্য উন্নয়নমূলক কামৰ মাধ্যমেৰে প্ৰতিদিনে ভাৰতত সাধাৰণ মানুহৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। এই আত্মবিশ্বাসৰ ভিত্তিতেই আমি আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ অভিযানত নামি পৰিছো। আমাৰ দৃঢ় বিশ্বাস, ‘বিন্ধ্য জলপূৰ্তি যোজনা’ৰ মাধ্যমেৰে এই আত্মবিশ্বাস আৰু অধিক মজবুত হ’ব।
হয়, ইয়াৰ মাজতে আপোনালোকে এই কথা মনত ৰাখিব লাগিব যে ক’ৰোনা সংক্ৰমণৰ বিপদ এতিয়াও আছে। দুই গজ দূৰত্ব, মাস্ক পিন্ধা আৰু চাবোনেৰে হাত ধুঁৱাৰ যি নিয়ম আপোনালোকে ইমান দিনে পালন কৰি আহিছে সেয়া যেন কেতিয়াও পাহৰি নাযায়। সামান্য গাফিলতিয়ে নিজক, পৰিয়ালক, গাওঁক আৰু বেছি সংকটৰ দিশে ঠেলি দিব পাৰে। প্ৰতিষেধক উৎপাদনৰ বাবে আমাৰ বৈজ্ঞানিকসকলে কঠিন তপস্যা কৰিছে। সমগ্ৰ পৃথিৱীৰ বৈজ্ঞানিকসকলে ইয়াৰ বাবে কাম কৰি গৈছে। আটাইতকৈ ধনাৱান দেশৰ বৈজ্ঞানিকসকলে কাম কৰি গৈছে, দৰিদ্ৰ দেশৰ বৈজ্ঞানিকসকলেও কাম কৰিছে। কিন্তু যিমানদিন পৰ্যন্ত এই ঔষধ আমাৰ মাজলৈ নাহে, তেতিয়ালৈ আমি সহজ হৈ দিলে নহ’ব।
আপোনালোকে এই বিষয়বোৰ মনত ৰাখিব - এই বিশ্বাস লৈয়েই আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো, বহুতো শুভকামনা জনাইছো।
*****
(Release ID: 1675007)
Visitor Counter : 259
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam