স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

হিমাচল প্ৰদেশ, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ ক’ভিড সঁহাৰি আৰু ব্যৱস্থাপনাত সহায়ৰ অৰ্থে ৰাজ্যকেইখনলৈ উচ্চ স্তৰীয় দল প্ৰেৰণ

সক্ৰিয় কেছল’ড মুঠ ঘটনাৰ ৪.৮৫% লৈ অৱনমিত

আৰোগ্য লাভৰ হাৰ বৃদ্ধি ৯৩.৬৯% লৈ

Posted On: 22 NOV 2020 11:24AM by PIB Guwahati

উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ ক’ভিড সঁহাৰি আৰু ব্যৱস্থাপনাত সহায় কৰিবলৈ ৰাজ্যকেইখনত উচ্চ স্তৰীয় দল মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰখনে। এই ৰাজ্যকেইখনত হয় চিকিসালয়ত বা মেডিকেল তত্বাৱধানত হ’ম আইছ’লেশ্যনত সক্ৰিয় ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বা দৈনিক নতুন ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে।

এই তিনিজনীয়া সদস্যৰ দলকেইটাই অধিক ক’ভিড ঘটনা সংঘটিত হোৱা জিলাসমূহ পৰিভ্ৰমণ কৰিব আৰু ৰাজ্যসমূহৰ কন্টেইনমেন্ট, নিৰীক্ষণ, টেষ্টিং, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা আৰু পজিটিভ ঘটনাসমূহৰ যথোচিত ক্লিনিকেল ব্যৱস্থাপনাৰ সৱলীকৰণত সহায় কৰিব। কেন্দ্ৰীয় দলকেইটাই তদুপৰি সময়মতে নিৰ্ণয় আৰু অনুসৰণ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহেৰে যথোচিত ব্যৱস্থাপনা সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰখনে হাৰিয়ানা, ৰাজস্থান, গুজৰাট, মণিপুৰ আৰু চত্তীশগড়লৈ উচ্চ স্তৰীয় দল প্ৰেৰণ কৰিছে।

ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড (৪,৪০,৯৬২) মুঠ পজিটিভ ঘটনাৰ ৪.৮৫% লৈ হ্ৰাস পাইছে আৰু ৫% সীমাৰ তলতে অৱস্থান কৰি আহিছে। আজি আৰোগ্য লাভৰ হাৰ ৯৩.৬৯% লৈ বৃদ্ধি পায়। যোৱা ২৪ ঘন্টাত দেশখনত নতুন আৰোগ্য লাভৰ সংখ্যা ৪৩,৪৯৩ হোৱাত মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ৮৫,২১,৬১৭ লৈ বৃদ্ধি পায়।

আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ক্ষীপ্ৰতাৰে বৃদ্ধি পাব ধৰিছে আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৮০,৮০,৬৫৫।

আজিৰ তাৰিখত ২৬ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সক্ৰিয় ঘটনাৰ সংখ্যা ২০,০০০ ৰ নিম্ন।

৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সক্ৰিয় ঘটনাৰ সংখ্যা ২০,০০০ আৰু ৫০,০০০ ৰ মাজত। ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু কেৰালাৰ কেছল’ড ৫০,০০০ ৰ অধিক।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৭.৬৮% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

দিল্লীত ৬,৯৬৩ লোকে ক’ভিডৰপৰা আৰোগ্য লাভ কৰিছে। কেৰালা আৰু মহাৰাষ্ট্ৰত নতুন আৰোগ্য লাভৰ ঘটনাৰ পৰিমাণ ক্ৰমে ৬,৭১৯ আৰু ৪,০৮৮ টা।

নতুন ঘটনাৰ ৭৬.৮১% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। যোৱা ২৪ ঘন্টাত, ৪৫,২০৯ জন লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে।

যোৱা ২৪ ঘন্টাত দিল্লীত এই ঘটনাৰ পৰিমাণ হৈছে ৫,৮৭৯ টা। কেৰালাত নতুন ঘটনাৰ সংখ্যা ৫,৭৭২ আৰু মহাৰাষ্ট্ৰত কালি দৈনিক ঘটনাৰ সংখ্যা হয় ৫,৭৬০ টা।

প্ৰতি নিযুত জনসংখ্যাত ঘটনাৰ ৰাষ্ট্ৰীয় গড়তকৈ ১৫ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ঘটনাৰ সংখ্যা কম।

যোৱা ২৪ ঘন্টাত ৫০১ মৃত্যুৰ ঘটনাৰ ৭৬.৪৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

নতুন মৃত্যুৰ ঘটনাৰ ২২.১৬% দিল্লীত সংঘটিত হৈছে। ইয়াৰ পৰিমাণ হৈছে ১১১ টা। মহাৰাষ্ট্ৰত ৬২ আৰু পশ্চিম বংগত ৫৩ জন লোকৰ মৃত্যু হৈছে।

১৩ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ ঘটনা মৃত্যুৰ হাৰৰ ৰাষ্ট্ৰীয় গড় (১.৪৬%)তকৈ অধিক।

বিপৰীত, ২১ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ ঘটনা প্ৰতি নিযুতত মৃত্যুৰ ৰাষ্ট্ৰীয় গড় (৯৬)তকৈ কম।

১৪ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতি নিযুতত মৃত্যুৰ ঘটনা ৰাষ্ট্ৰীয় গড় (৯৬)তকৈ অধিক।

****

MV/SB


(Release ID: 1675004) Visitor Counter : 235