প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৫তম জি২০ নেতৃত্বৰ সন্মিলন

Posted On: 22 NOV 2020 11:26PM by PIB Guwahati

১. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২১-২২ নৱেম্বৰ ২০২০ তাৰিখে  ছৌদি আৰৱৰ উদ্যোগত ভাৰ্চুৱেলি অনুষ্ঠিত হোৱা ১৫তম জি২০ সন্মিলনত অংশগ্ৰহণ কৰে৷ জি২০ সন্মিলনৰ দ্বিতীয় দিনৰ এজেণ্ডা আছিল ধৰিত্ৰীৰ সুৰক্ষাৰ বাবে সমন্বিত, বহনক্ষম আৰু নিৰ্ভৰযোগ্য ভৱিষ্যত নিৰ্মাণ কৰা৷

২. প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত পচ্ছাদ ক’ভিড বিশ্বত সমন্বিত, নিৰ্ভৰযোগ্য আৰু বহনক্ষম পুনৰুজ্জীৱন প্ৰক্ৰিয়া সন্দৰ্ভত আলোকপাত কৰে৷ তেওঁ ভাষণত কাৰ্যকৰী বৈশ্বিক শাসন আৰু সংশোধিত বহুপক্ষবাদ উন্নীত চৰিত্ৰ, শাসন আৰু বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ জৰিয়তে প্ৰয়োজন বুলি উল্লেখ কৰে৷

৩. প্ৰধানমন্ত্ৰীয়ে ‘‘কাকো পিছলৈ এৰি থৈ নোযোৱা’’ লক্ষ্যৰে বহনক্ষম বিকাশ উদ্দেশ্যৰ ২০৩০ৰ এজেণ্ডাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷ তেওঁ কয় যে ভাৰতে ‘‘সংশোধন-প্ৰণয়ন-পৰিৱৰ্তন’’ নীতিৰে অগ্ৰসৰ হৈছে আৰু ইয়াত সমন্বিত বিকাশ প্ৰয়াসো অন্তৰ্ভুক্ত হৈছে৷

৪. ক’ভিড-১৯ৰ পৰিৱৰ্তনশীল পৰিবেশৰ পৰিপ্ৰেক্ষিতত ভাৰতে ‘‘আত্মনিৰ্ভৰ ভাৰত’’ৰ নীতি গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে৷ ইয়াৰ ক্ষমতা আৰু নিৰ্ভৰযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি এই বীক্ষণ অনুসৰণেৰে ভাৰতে বিশ্ব অৰ্থনীতি তথা বৈশ্বিক যোগান শৃংখলাত অন্যতম স্থান দখল কৰিবলৈ সমৰ্থ হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷ বিশ্বজনীন পৰ্যায়ত ভাৰতে আন্তৰ্জাতিক সৌৰ সহযোগিতা আৰু দুৰ্যোগ প্ৰতিৰোধক পৰিকাঠামো বাবে সহযোগিতা শীৰ্ষক সংস্থাও গঠন কৰিছে৷

৫. ‘‘ছেফগাৰ্ডিং দা প্লেনেট’’ৰ এক বাণীৱদ্ধ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে সামূহিক প্ৰয়াসেৰে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতে পেৰিচ চুক্তিৰ লক্ষ্য প্ৰাপ্তি কৰাই নহয় বৰঞ্চ ইয়াক অতিক্ৰমো কৰিছে৷ তেওঁ কয় যে ভাৰতে পৰম্পৰাগত পদ্ধতিৰে পৰিবেশৰ সৈতে ভ্ৰাতৃত্ববোধ স্থাপন তথা নিম্ন কাৰ্বন আৰু জলবায়ু  স্থিতিস্থাপক বিকাশৰ পদক্ষেপৰ দিশতো অগ্ৰসৰ হৈছে৷ তেওঁ কয় যে মানৱতাৰ উত্থানৰ বাবে প্ৰতিজন ব্যক্তিৰেই উন্নতি হ’ব লাগিব আৰু আমি শ্ৰমিকক কেৱল উপাদনৰ এক প্ৰক্ৰিয়া বুলি অনুভৱ কৰিব নালাগিব৷ তাৰ পৰিৱৰ্তে আমি প্ৰতিজন কৰ্মীৰ আত্মসন্মানৰ কথাও চিন্তা কৰিব লাগিব৷ ইয়াৰ জৰিয়তে ধৰিত্ৰীৰ সুৰক্ষা বাহাল থাকিব বুলি তেওঁ উল্লেখ কৰে৷

৬. ছৌদি আৰৱে সফলতাৰে ৰিয়াধ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ২০২১ চনত ইটালীক এই কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়৷ ২০২২ চনত ইণ্ডোনেছিয়াই, ২০২৩ চনত ভাৰতে আৰু ২০২৪ চনত ব্ৰাজিলে জি২০ সন্মিলন অনুষ্ঠিত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

৭. সন্মিলনৰ শেষত জি২০ৰ নেতৃত্বৰ ঘোষণাপত্ৰ জাৰি কৰা হয়৷ ঘোষণাপত্ৰত শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বহুপক্ষীয় সহযোগিতা, একবিংশ শতিকাত সকলো ব্যক্তিৰেই সৱলীকৰণ, ধৰিত্ৰীৰ সুৰক্ষা আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়৷


 

*****

DS/SH/MANN


(Release ID: 1675001) Visitor Counter : 235