স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

হাৰিয়াণা, ৰাজস্থান, গুজৰাট আৰু মণিপুৰলৈ উচ্চ স্তৰীয় কেন্দ্ৰীয় দল প্ৰেৰণৰ দিহা কেন্দ্ৰৰ

নিয়ন্ত্ৰণ, নিৰীক্ষণ, পৰীক্ষণ, সংক্ৰমণ প্ৰতিৰোধ আৰু পাৰদৰ্শী নিদান ব্যৱস্থানা শক্তিশালী কৰি তোলাত সহযোগিতা আগবঢ়াব কেন্দ্ৰীয় দলে

Posted On: 19 NOV 2020 3:08PM by PIB Guwahati

হাৰিয়াণা, ৰাজস্থান, গুজৰাট আৰু মণিপুৰলৈ উচ্চ স্তৰীয় কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে। দিল্লীত হঠাতে বৃদ্ধি পোৱা কভিড-১৯ৰ সংক্ৰমণ আৰু ইয়াৰ পৰিণতিত মৃত্যুৰ হাৰ বৃদ্ধিৰ প্ৰবণতাৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল’(এনচিআৰ)-ৰ সমীপৱৰ্তী হাৰিয়াণা, ৰাজস্থান আদি ৰাজ্যতো যাতে ইয়াৰ নেতিবাচক প্ৰভাৱ বিস্তাৰিত নহয় সেই কথা নিশ্চিত কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এইমছ, নতুন দিল্লীৰ সঞ্চালক ডা০ ৰণদীপ গুলেৰিয়াই হাৰিয়াণালৈ যোৱা তিনিজনীয়া দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে নীতি আয়োগৰ সদস্য(স্বাস্থ্য) ডা০ ভি কে পালে ৰাজস্থানলৈ যোৱা দলটোক, এনচিডিচি-ৰ সঞ্চালক ড০ এছ কে সিঙে গুজৰাটলৈ যাবলগীয়া দলটোক নেতৃত্ব প্ৰদান কৰিব। আনহাতে, মণিপুৰ অভিমুখী দলটোক নেতৃত্ব দিছে ডিএইচজিএছৰ অতিৰিক্ত ডিডিজি ড০ এল স্বস্তিচৰণে

এই দলসমূহে কভিড-১৯ৰ প্ৰকোপ বৃদ্ধি পোৱা জিলাসমূহ ভ্ৰমণ কৰাৰ লগতে ৰাজ্যসমূহত নিয়ন্ত্ৰণ, নিৰীক্ষণ, পৰীক্ষণ, সংক্ৰমণ প্ৰতিৰোধ আৰু পাৰদৰ্শী নিদান ব্যৱস্থানা শক্তিশালী কৰি তোলাত সহযোগিতা আগবঢ়াব

গোলকীয় মহামাৰী কভিড-১৯ৰ বিৰুদ্ধে সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ছত্ৰ-ৰণনীতিৰ আধাৰত সম্পূৰ্ণ চৰকাৰ আৰু সমগ্ৰ সমাজ মনোভাৱৰে যুদ্ধৰ নেতৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য তথা কেন্দ্ৰীয়  শাসিত অঞ্চলৰ চৰকাৰসমূহৰ আন্তৰিক সহযোগিতাৰে আগবঢ়া কভিড বিৰোধী যুঁজত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ বাবেই শেহতীয়া ভাবে এই দলসমূহক নিয়োজিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হয়।

 

****

MV/KB



(Release ID: 1674274) Visitor Counter : 163