PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 19 NOV 2020 5:45PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

নতুন ঘটনাতকৈ আৰোগ্য লাভৰ আধিক্যৰ দৈনিক প্ৰৱণতাই সক্ৰিয় কেছলডৰ নিৰৱচ্ছিন্ন হ্ৰাস নিশ্চিত কৰিছে, মুঠ ঘটনাৰ ৫% তকৈয়ো নিম্ন হৈ পৰিছে সক্ৰিয় কেছল

যোৱা ২৪ ঘন্টাত, ভাৰতত ৪৫,৫৭৬ জন লোকৰ দেহত কভিডৰ সংক্ৰমণ ধৰা পৰিছে। একে সময়ছোৱাতে, ভাৰতত নতুন আৰোগ্য লাভৰ সংখ্যা হৈছে ৪৮,৪৯৩ টা। ই সক্ৰিয় কেছলডৰপৰা ২৯১৭ টা ঘটনা হ্ৰাস নিশ্চিত কৰি তুলিছে। যোৱা ৪৭ দিন ধৰি নতুন আৰোগ্য লাভৰ ঘটনা দৈনিক নতুন ঘটনাতকৈ অধিক হৈ আছে। আজি ভাৰতৰ সক্ৰিয় কেছলড ৫% সীমাৰ অৱনমিত হৈ পৰে। দৈনিক ঘটনাতকৈ দৈনিক অধিক আৰোগ্যৰ প্ৰৱণতাই ভাৰতৰ সক্ৰিয় কেছলড একেৰাহে হ্ৰাস কৰি আহিছে। যাৰ ফলত ভাৰতৰ বৰ্তমান সক্ৰিয় কেছলড হৈছে ৪,৪৩,৩০৩ টা। যাৰ হাৰ হৈছে ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ মাত্ৰ ৪.৯৫%প্ৰতিটো ২৪-ঘন্টীয়া চক্ৰত নতুন আৰোগ্য দৈনিক নতুন ঘটনাতকৈ বৃদ্ধি পোৱাত আজি আৰোগ্য লাভৰ হাৰ ৯৩.৫৮% লৈ বৃদ্ধি পায়। মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৮৩,৮৩,৬০২ টা। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৭৯,৪০,২৯৯ টা। নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৭.২৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। কভিডৰপৰা ৭,০৬৬ জন লোকে আৰোগ্য লাভেৰে কেৰালাত সৰ্বাধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে। দিল্লীত দৈনিক আৰোগ্য লাভৰ ঘটনা ৬,৯০১ টা। মহাৰাষ্ট্ৰত নতুন আৰোগ্য় লাভৰ ঘটনাৰ সংখ্যা হৈছে ৬,৬০৮ টা। নতুন ঘটনাৰ ৭৭.২৮% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰযোৱা ২৪ ঘন্টাত দিল্লীত ঘটনাৰ সংখ্যা হৈছে ৭,৪৮৬ টা। কেৰালাত নতুন ঘটনাৰ সংখ্যা হৈছে ৬,৪১৯ টা। মহাৰাষ্ট্ৰত কালি নতুন ঘটনাৰ সংখ্যা হয় ৫,০১১ টা। যোৱা ২৪ ঘন্টাত ৫৮৫ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে ৭৯.৪৯% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। দিল্লীত ২২.৩৯% নতুন মৃত্যুৰ ঘটনাৰে পৰিমাণ হৈছে ১৩১ টা। মহাৰাষ্ট্ৰত ১০০ জন লোকৰ সমান্তৰালভাৱে পশ্চিম বংগত নতুন মৃত্যুৰ সংখ্যা হৈছে ৫৪।

অধিক বিৱৰণৰ বাবে

 

২০২০-২১ শৈক্ষিক বৰ্ষৰ বাবে চেন্ট্ৰেল পুল এমবিবিএছ/বিডিএছ আসনৰ অধীনত ৱাৰ্ডছ অৱ কভিড ৱাৰিঅৰপৰা প্ৰাৰ্থীৰ বাছনি আৰু মনোনীতৰ অৰ্থে নতুন শিতানত স্বাস্থ্য মন্ত্ৰালয়ৰ অনুমোদন

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি ২০২০-২১ শৈক্ষিক বৰ্ষৰ বাবে চেন্ট্ৰেল পুল এমবিবিএছ আসনৰ বিপৰীতে প্ৰাৰ্থীৰ বাছনি আৰু মনোনয়নৰ অৰ্থে নীতি-নিৰ্দেশনাত ৱাৰ্ডছ অৱ কভিড ৱাৰিঅ শীৰ্ষক এটা নতুন শিতান প্ৰৱৰ্তনৰ চৰকাৰী সিদ্ধান্তৰ কথা সদৰী কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে কয় যে এই ব্যৱস্থাৰ লক্ষ্য হৈছে কভিড ৰোগীসকলৰ চিকিৎসা আৰু ব্যৱস্থাপনাত কভিড যোদ্ধাসকলে আগবঢ়োৱা অসামান্য বৰঙণিক স্বীকৃতি প্ৰদান কৰা আৰু সন্মান জনোৱা।ই সকলো কভিড যোদ্ধাৰে অতুলনীয় ত্যাগক সন্মান জনাব যিয়ে দায়িত্ব আৰু মানৱতাৰ বাবে নিঃস্বাৰ্থভাৱে আত্মোৎসৰ্গা কৰিছিল”, তেওঁ উল্লেখ কৰে।ভিড ৱাৰিঅৰ ৱাৰ্ডৰ মাজৰপৰা প্ৰাৰ্থীৰ বাছনি আৰু মনোনয়নৰ বাবে চেন্ট্ৰেল পুল এমবিবিএছ আসন আৱন্টন জনোৱা হব পাৰে, যিয়ে কভিড-১৯ৰ বাবে প্ৰাণ হেৰুৱাইছিল; বা কভিড-১৯ সম্পৰ্কীয় দায়িত্ব পালনৰ সময়তে আকস্মিকভাৱে মৃত্যুক সাৱটিবলগীয়া হৈছিল। ভিড যোদ্ধাসকলৰ অৰ্থে ৫০লাখৰ বীমা পেকেজ ঘোষণাৰ সময়তে ভাৰত চৰকাৰৰদ্বাৰা নিৰ্দিষ্ট কৰা কভিড যোদ্ধাৰ সংজ্ঞাৰ কথা সকলোকে মনত পেলাই, মন্ত্ৰীজনে কয়, “ভিড যোদ্ধা হৈছে সকলো ৰাজহুৱা হেল্থকেয়াৰ প্ৰদানকাৰী যাৰ অন্তৰ্ভুক্ত হৈছে সমূহীয়া স্বাস্থ্যকৰ্মী, যিসকলে কভিড-১৯ ৰোগীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিবলগীয়া হৈছে আৰু তেওঁলোকৰ যতন লবলগীয়া হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ অঘটন ঘটাৰ সম্ভাৱনা আছে। ব্যক্তিগত চিকিৎসালয়ৰ ষ্টাফ আৰু অৱসৰপ্ৰাপ্ত/ স্বেচ্ছাসেৱক/ স্থানীয় নগৰ সমিতি/  ঠিকাভিত্তিক/ দিন হাজিৰা কৰা/ অবৈতনিক/ বাহিৰা ষ্টাফ যিসকল ৰাজ্যিক/  কেন্দ্ৰীয় চিকিৎসালয়/ কেন্দ্ৰ/ ৰাজ্যিক/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বায়ত্তশাসিত চিকিৎসালয়, এইমছ আৰু ইনষ্টিটিউট অৱ নেশ্যনেল ইমপৰটেন্স (INIs)/ কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ চিকিৎসালয়সমূহত নিয়োজিত হৈ আছে, তেওঁলোকক কভিড-১৯ সম্পৰ্কীয় দায়িত্বসমূহত অন্তৰ্ভুক্ত কৰা হৈছে।তেওঁ লগতে কয় যে এই শিতানৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে যোগ্যতা নিৰ্ধাৰণ কৰিব। ২০২০-২১ বৰ্ষটোৰ বাবে উক্ত শিতানৰ অৰ্থে  পাঁচ (০৫) চেন্ট্ৰেল পুল এমবিবিএছ আসন সংৰক্ষণ কৰা হৈছে। নেশ্যনেল টেষ্টিং এজেন্সীয়ে অনুষ্ঠিত কৰা নীট-২০২০ত লাভ কৰা স্থানৰ ভিত্তিত অনলাইন এপ্লিকেশ্যনৰ জৰিয়তে মেডিকেল কাউন্সিল কমিটি (MCC)ৰদ্বাৰা প্ৰাৰ্থীসকলক বাছনি কৰা হব।

অধিক বিৱৰণৰ বাবে

 

হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু মণিপুৰলৈ উচ্চ স্তৰীয় কেন্দ্ৰীয় দল প্ৰেৰণ কেন্দ্ৰৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু মণিপুৰৰ বাবে উচ্চ স্তৰীয় কেন্দ্ৰীয় দল মোতায়েন কৰিছে। কেন্দ্ৰীয় শাসিত দিল্লীত দৈনিক নতুন ঘটনা আৰু দৈনিক মৃত্যুৰ ঘটনা বৃদ্ধি পোৱাতে, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ সমীপৱৰ্তী হাৰিয়ানা আৰু ৰাজস্থানত কভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। হাৰিয়ানাৰ বাবে তিনি-জনীয়া দলটোৰ নেতৃত্বত আছে এইমছ, নতুন দিল্লীৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰিয়া আৰু ৰাজস্থান অভিমুখী দলটোৰ নেতৃত্ব বহন কৰিছে নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পালে। ইফালে গুজৰাট অভিমুখী দলটোত আছে এনচিডিচিৰ সঞ্চালক ডাঃ এছ কে সিং। মণিপুৰৰ দলটোৰ নেতৃত্বত আছে ডিএইচজিএছৰ অতিৰিক্ত ডিডিজি ডাঃ এল স্বস্তিচৰণ। এই দলকেইটাই অধিক সংখ্যক কভিড ঘটনা চিনাক্ত হোৱা জিলাসমূহ পৰিভ্ৰমণ কৰিব আৰু সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ চৰকাৰক যাৱতীয় সহায়ৰ হাত আগবঢ়াব।

অধিক বিৱৰণৰ বাবে

 

সংকটক সুযোগলৈ পৰিৱৰ্তনঃ কভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ ভাৰতৰ প্ৰস্তুতিয়ে কিদৰে ২০২৫ৰ ভিতৰত টিবি নিৰ্মূল কৰিব পাৰিব, সেয়া  সদৰী কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

কালি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ৩৩ সংখ্যক ষ্টপ টিপি পাৰ্টনাৰশ্বীপ বৰ্ড বৈঠক ডিজিটেলী সম্বোধন কৰে। মন্ত্ৰীজনে ইয়াত স্বীকাৰ কৰে যে কভিড-১৯ৰ সংক্ৰমণ বহু বছৰ ধৰি চলি থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কেৱল ইয়েই নহয়, যিকোনো সংক্ৰমিত ৰোগৰ ক্ষেত্ৰটো একে কথাই প্ৰযোজ্য। ডাঃ হৰ্ষ বৰ্ধনে কয়, “এই ঘাতক ভাইৰাছটোৱে আমাক বহু দশকৰ বাবে সাজু কৰি তুলিলে। ই টিবিৰ দৰে সংক্ৰমিত ৰোগসমূহৰ বাবেও বৈজ্ঞানিক মনোযোগ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে।

অধিক বিৱৰণৰ বাবে

 

বেংগালুৰু টেক ছামিট উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে বেংগালুৰুত টেক ছামিট উদ্বোধন কৰে। কৰ্ণাটক চৰকাৰে এই সন্মিলনৰ অনুষ্ঠিত কৰিছে। এই সন্মিলন অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে তথ্য প্ৰযুক্তি, জৈৱ প্ৰযুক্তিবিদ্যা ও ষ্টাৰ্টআপ, ছফ্টৱেৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা যুগুত কৰা। এই বৰ্ষৰ সন্মিলনখনিৰ বিষয়বস্তু হৈছে নেক্সট ইজ নাওএই সন্মিলনখনিত উপস্থিত থাকে কেন্দ্ৰীয় ইলেকট্ৰনিক্স ও তথ্য-প্ৰযুক্তি, যোগাযোগ আৰু আইন ও ন্যায় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিয়ুৰাপ্পা।

অধিক বিৱৰণৰ বাবে

 

বেংগালুৰু টেক ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ এমএছএমই মন্ত্ৰালয়ৰ প্ৰযুক্তি নিৰ্ভৰ ব্যৱস্থা ও হস্তক্ষেপে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত ও মেক ইন ইণ্ডিয়া আহ্বানলৈ ফলপ্ৰসূ সঁহাৰি জনাইছে

ভিড-১৯ৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে কেইবাটাও প্ৰযুক্তি নিৰ্ভৰ ব্যৱস্থা হাতত লৈছে ও হস্তক্ষেপ গ্ৰহণ কৰিছে। যিয়ে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত ও মেক ইন ইণ্ডিয়া আহ্বানক ফলপ্ৰসূভাৱে সঁহাৰি জনাইছে। এনে ব্যৱস্থা আৰু হস্তক্ষেপৰাজিৰ সহায়ত, দেশখনে কেৱল কভিডৰ প্ৰতিৰোধৰ অৰ্থে প্ৰয়োজনীয় আহিলা প্ৰস্তুত কৰাই নহয়, বিশ্বৰ ভিন্ন দেশসমূহলৈ ৰপ্তানি কৰিবলৈয়ো সক্ষম হৈছে। যিয়ে হেণ্ড-ছেনিটাইজিং মেটেৰিয়েলত ভাৰতক আত্ম-নিৰ্ভৰশীল হৈ উঠাত সহায় কৰিছে। তদুপৰি, মাস্ক, ফেচ-শ্বিল্ড, পিপিই কিট, ছেনিটাইজাৰ বক্স ইত্যাদিতো সহায় আগবঢ়াইছে এমএছএমইসমূহে।

অধিক বিৱৰণৰ বাবে

 

মিছন পূৰ্বোদয়াই পূব ভাৰতক আত্ম-নিৰ্ভৰশীলতাৰ দিশে ধাবিত কৰিব আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত বৰঙণি যোগাব, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়

কেন্দ্ৰীয় পেট্ৰলিয়াম ও প্ৰাকৃতিক গেছ আৰু ষ্টীল দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি কয় যে আত্মনিৰ্ভৰ ভাৰত হৈছে ভাৰতৰ ৰূপান্তৰৰ যাত্ৰা। যিয়ে দেশখনক বিস্তৃত বজাৰৰপৰা সক্ৰিয় নিৰ্মাণ কেন্দ্ৰলৈ পৰ্যবসিত কৰি তুলিব। যাৰ স্থান বৈশ্বিক ভেল্যু শৃংখলডালত নিৰ্ণায়ক হৈ উঠিব। আজি মাৰ্চেন্ট চেম্বাৰ অৱ কমাৰ্ছ আৰু ইণ্ডাষ্ট্ৰীৰ ১১৯ সংখ্যক বাৰ্ষিক সাধাৰণ বৈঠক সম্বোধন কৰিয়েই মন্ত্ৰীজনে এইদৰে কয়। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰত মানে হৈছে শক্তিশালী ভাৰত যিয়ে নিৰ্মাণ খণ্ডটোৰ বৰ্ধন ঘটাব। এখন আত্ম-নিৰ্ভৰ ভাৰত বৈশ্বিক অৰ্থনীতিৰ বাবে বল গুণক বুলি মন্ত্ৰীজনে সদৰী কৰে।

অধিক বিৱৰণৰ বাবে

 

আয়ুস মন্ত্ৰালয়ত বিত্তীয় ব্যৱস্থাপনা আৰু শাসন সংস্কাৰ ব্যৱস্থা

আয়ুস মন্ত্ৰালয়ে বিত্তীয় ব্যৱস্থাপনা উন্নত কৰা আৰু শাসন সংস্কাৰ ত্বৰান্বিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থা ৰূপায়ণ কৰিবলগীয়া মন্ত্ৰালয়টোৰ মূল ক্ষেত্ৰ হৈছে চৰকাৰী আঁচনি (কেন্দ্ৰীয় খণ্ড আৰু কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা উভয়ে) আৰু মন্ত্ৰালয়টোৰ অধীনস্থা স্বায়ত্তশাসিত সংস্থাসমূহ। ২০২০ৰ ছেপ্টেম্বৰত এই ব্যৱস্থাৰ ৰূপ-ৰেখা অংকন কৰিছিল আয়ুস মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কুটেচা, অতিৰিক্ত আয়ুক্ত শ্ৰী ধৰ্মেন্দ্ৰ সিং গংৱাৰ আৰু মন্ত্ৰালয়টোৰ বিত্ত উপদেষ্টাই। ইয়াৰ বাবে এখনি উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত কৰা হয়। এয়া ৰূপায়ণ কৰিবলৈ যাওঁতে মন্ত্ৰালয়টোৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰেৰে সংঘবদ্ধতাৰে আগবাঢ়িব।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত মুঠ সক্ৰিয় কভিড ঘটনাৰ সংখ্যা হৈছেগৈ ১১৮২ টা। মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ১৪৭১৫ টা।
  • অসমঃ যোৱা ২৪ ঘন্টাত অসমত ২৩৪৮৪ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে চিনাক্ত হোৱা নতুন ঘটনাৰ সংখ্যা হৈছে ১৬৯ টা। ৰাজ্যখনত পজিটিভিটি হাৰ হৈছে ০.৭২%
  • মেঘালয়ঃ মেঘালয়ত মুঠ সক্ৰিয় কভিড-১৯ ঘটনা ৭৫৩ টা হৈছেগৈ আৰু মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ১০০১৪ টা।
  • ছিকিমঃ ছিকিমত সক্ৰিয় কভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ২৯৬ টা। ইফালে অদ্যপি ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪১২৪ টা।
  • মহাৰাষ্ট্ৰঃ বৃহত্তৰ মুম্বাই পৌৰ নিগমে সপ্তাহ-জোৰা কভিড-১৯ টেষ্টিং কাৰ্যসূচী আৰম্ভ কৰিছে। মহাৰাষ্ট্ৰত কভিড আক্ৰান্তৰ সংখ্যা ১৭,৫৭,৫২০ লৈ বৃদ্ধি পাইছে। বুধবাৰে ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা হৈছে ৫,০১১ টা। উল্লেখযোগ্য যে যোৱা কেইটামান দিন ধৰি ইয়াত দৈনিক ঘটনাৰ সংখ্য়া ৩,০০০ ৰ আশে-পাশে আছিল।
  • গুজৰাটঃ গুজৰাটত নতুন কভিড ঘটনাৰ সংখ্যা হৈছে ১,২৮১ টা। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ মুঠ ঘটনাৰ সংখ্যা ১.৯২ লাখলৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে দিপাৱলীৰ পাছতেই আহমেদাবাদকে প্ৰমুখ্য কৰি বহু জিলাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।
  • ৰাজস্থানঃ ৰাজস্থানত সক্ৰিয় কভিড-১৯ ঘটনাৰ সংখ্যাই ২৬ দিনৰ পাছত পুনৰ ১৯ হাজাৰৰ সীমা অতিক্ৰম কৰিলে। বুধবাৰে ৰাজ্যখনৰ নতুন ঘটনাৰ সংখ্যা হয় ২,১৭৮ টা। গৰিষ্ঠসংখ্যক নতুন ঘটনা জয়পুৰ আৰু যোধপুৰ জিলাত লাভ কৰা হৈছে। ইয়াত এতিয়ালৈকে সম্পন্ন কৰা টেষ্টৰ সংখ্যা ৪০ লাখৰো অধিক।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত বৰ্তমানে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৯,৩৩৮ টা। ৰাজ্যখনত পুনৰ লকডাউন কাৰ্যকৰী হব বুলি সৃষ্টি হোৱা উৰা বাতৰি প্ৰত্যাখ্যান কৰিছে চৰকাৰে। এই সন্দৰ্ভত চৰকাৰী সূত্ৰই জনাইছে যে ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে। মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰয়ো একে কথাই সদৰী কৰিছে।
  • চত্তীশগড়ঃ চট পূজা উপলক্ষে চত্তীশগড় চৰকাৰে বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ অংশস্বৰূপে চট পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পূৰ্বে অনুমতি  লোৱাটো বাধ্যতামূলক কৰা হৈছে। বিশেষ নীতি-নিৰ্দেশনা অনুসৰিয়েই ঘাটলৈ গৈ কেৱল ভক্তইহে পূজা-অৰ্চনা কৰিব পাৰিব। ইয়াতো সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।
  • গোৱাঃ গোৱা চৰকাৰে পৰ্যটন বৰ্ষৰ আৰম্ভণিৰ লগে-লগে মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি হোটেলসমূহৰ অৰ্থে এছঅপি জাৰি কৰিব। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিত ৰানেয়ে বুধবাৰে এই কথা সদৰী কৰে। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ স্বাৱন্টৰে এখনি বৈঠকত ভাগ লোৱৰ অন্তত সংবাদ মাধ্যমক স্বাস্থ্যমন্ত্ৰীজনে এই কথা সদৰী কৰে।
  • কেৰালাঃ কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ অন্ত্যেষ্টিক্ৰিয়াত জাৰি কৰা নীতি-নিৰ্দেশনা পালন নিশ্চিত কৰিবলৈ কেৰালা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰখনক নিৰ্দেশনা প্ৰদান কৰিছে। কালি ৰাজ্যখনৰ নতুন কভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ৬,৪১৯ টা। আৰোগ্য লাভৰ সংখ্যা হৈছে ৭,০৬৬ টা। ৰাজ্যখনৰ সাম্প্ৰতিক টেষ্ট পজিটিভিটি হাৰ হৈছে ৯.৫৩% আৰু কভিডজনিত মৃত্যুৰ ঘটন ১,৯৪৩ লৈ বৃদ্ধি পাইছে।
  • তামিল নাডুঃ কভিড মহামাৰীৰ বাবে বিক্ৰী হ্ৰাস পোৱাৰ বাবে তামিল নাডু কেমিষ্ট আৰু ড্ৰাগিষ্ট এছচিয়েশ্যনে ৰাজ্য চৰকাৰৰ ওচৰত তেওঁলোকক ফ্ৰন্টলাইন কৰ্মীৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে আৰু সেই অনুসৰি সা-সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।
  • কৰ্ণাটকঃ বেংগালুৰুত কভিড-১৯ৰ ভেকচিন প্ৰদান কৰিবলৈ ৯৪,০০০ ফ্ৰন্টলাইন কৰ্মীক চিনাক্ত কৰা হৈছে। ২০২১ৰ আৰম্ভণিতে ভেকচিন আহি পাব বুলি জানিব পৰাতে এই ব্যৱস্থা হাতত লোৱা হৈছে। বুধবাৰে কৰ্ণাটকত নতুন কভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ১,৭৯১ টা। একে সময়তে ২১ টা মৃত্যুৰ ঘটনা সংঘটিত হয়। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৮,৬৫,৯৩১ টা আৰু মৃত্যু হৈছে ১১,৫৭৮ জনৰ।
  • অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত বুধবাৰে সক্ৰিয় ঘটনাৰ সংখ্যা হৈ পৰে ১৬,৫১৬ টা। এতিয়ালৈকে ৰাজ্যখনত ৯১,৫৪,২৬৩ টা কভিড টেষ্ট সম্পন্ন কৰা হৈছে। ইফালে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৮.৫৪ লাখ। ইয়াত পজিটিভিটি হাৰ হৈছে ৯.৩৩ শতাংশ। প্ৰতি নিযুত জনসংখ্যাত গড় টেষ্ট হৈছে ১,৭১,৪২৮ টা। ৰাজ্যখনত প্ৰতি দিনে ৭৫,০০০ টেষ্ট সম্পন্ন কৰা হৈছে।
  • তেলেংগানাঃ ব্যক্তিগত লেবত কভিড-১৯ৰ বাবে আৰটি-পিচিআৰ টেষ্টৰ মাচুল ২,২০০ টকাৰপৰা ৮৫০ টকালৈ হ্ৰাস কৰিছে তেলেংগানা চৰকাৰে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ১,৬০৭ ৰ বিপৰীতে নতুন ঘটনাৰ সংখ্যা হৈছে ৯৪৮ টা। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যাঃ ২,৫৯,৭৭৬ টা, আৰোগ্য লাভৰ ঘটনা ২,৪৫,২৯৩ টা আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৩,০৬৮ টা।

 

ফেক্ট চেক

Image

*******

YB



(Release ID: 1674226) Visitor Counter : 160